17.12.20 Morning Assame Murli Om Shanti BapDada Madhuban
“মৰমৰ সন্তানসকল –
সৎগুৰু আহিছে তোমালোকৰ উচ্চ ভাগ্য গঢ়িবলৈ গতিকে তোমালোকৰ আচৰণ বহুত মাৰ্জিত হ’ব লাগে”
প্ৰশ্ন:
নাটকৰ (ড্ৰামাৰ)
কোনটো পৰিকল্পনা যুগুত হৈ আছে, সেইকাৰণে কাকো দোষ দিব নোৱাৰি?
উত্তৰ:
নাটকত এই পুৰণি জগতৰ বিনাশৰ পৰিকল্পনা যুগুত হৈ আছে, ইয়াত কাৰো দোষ নাই। এই সময়ত
ইয়াৰ বিনাশৰ কাৰণে প্ৰকৃতি বৰ ক্ৰোধান্বিত হৈছে। চাৰিওফালে ভুমিকম্প হ’ব। ঘৰ খহি
পৰিব, বানপানী আহিব, দুৰ্ভিক্ষ হ’ব, সেইকাৰণে পিতাই কয় - সন্তানসকল এই পুৰণি জগতৰ
পৰা এতিয়া তোমালোকে নিজৰ বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই দিয়া, সৎগুৰুৰ শ্ৰীমতত চলা।
জীৱন্তে দেহৰ বোধ ত্যাগ কৰি নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰাৰ পুৰুষাৰ্থ কৰি
থাকা।
গীত:
হ’মে উন ৰাহো
পৰ চলনা হে…….. (আমি সেইটো মাৰ্গত চলিব লাগে…..)
ওঁম্শান্তি।
কোনটো মাৰ্গত
চলিব লাগে? গুৰুৰ মাৰ্গত চলিব লাগে। এয়া কেনেকুৱা গুৰু? উঠোঁতে-বহোঁতে মনুষ্যৰ মুখৰ
পৰা ওলাই যায় - বাঃ গুৰু। গুৰুতো অনেক আছে। বাঃ গুৰু বুলি কাক ক’ব? কাৰ মহিমা গাব।
সৎগুৰু একমাত্ৰ পিতাহে হয়। ভক্তিমাৰ্গত বহুত গুৰু আছে। কোনোৱে কাৰোবাৰ, কোনোৱে আন
কাৰোবাৰ মহিমা কৰে। সন্তানসকলৰ বুদ্ধিত আছে সঁচা সৎগুৰু একমাত্ৰ তেৱেঁই যিজনৰে বাঃ
বাঃ বুলি মহিমা কৰা হয়। সঁচা সৎগুৰু আছে যেতিয়া গতিকে নিশ্চয় মিছা গুৰুও থাকিব।
সঁচাজনক সংগমত পোৱা যায়। ভক্তিমাৰ্গতো সঁচাজনৰ মহিমা গায়। উচ্চতকৈও উচ্চ পিতাই হৈছে
সঁচা যিজন মুক্তিদাতা, মাৰ্গ-দৰ্শকো হয়। আজিকালিৰ গুৰুসকলতো গঙ্গা স্নান কৰিবলৈ বা
তীৰ্থলৈ লৈ যোৱাৰ মাৰ্গ-দৰ্শক হয়। এইজন সৎগুৰুতো এনেকুৱা নহয়। যিজনক সকলোৱে স্মৰণ
কৰে - হে পতিত-পাৱন আহক। পতিত-পাৱন বুলি সৎগুৰুকে কোৱা হয়। তেৱেঁই পাৱন কৰি তুলিব
পাৰে। সেই গুৰুসকলে পৱিত্ৰ কৰি তুলিব নোৱাৰে। তেওঁলোকে এনেকৈ নকয় যে মামেকম্ (মনেৰে
কেৱল মোক) স্মৰণ কৰা। যদিও গীতাও পঢ়ে কিন্তু অৰ্থ একেবাৰে নাজানে। যদি
বুজিলেহেঁতেন যে সৎগুৰু এজনেই তেন্তে নিজক গুৰু বুলি নক’লেহেঁতেন। নাটক অনুসৰি
ভক্তিমাৰ্গৰ বিভাগেই বেলেগ য’ত অনেক গুৰু আছে, অনেক ভক্ত আছে। ইয়াততো এটাই। আকৌ এই
দেৱী-দেৱতাসকল প্ৰথম নম্বৰত আহে। এতিয়া শেষত আছে। পিতা আহি এওঁলোকক সত্যযুগৰ
বাদশ্বাহী (সাম্ৰাজ্য) দিয়ে। গতিকে অন্য সকলো আপোনাআপুনি উভতি যাব লাগিব, সেইকাৰণে
সকলোৰে সৎগতি দাতা এজন বুলি কোৱা হয়। তোমালোকে বুজি পোৱা কল্পই কল্পই সংগমতেই
দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। তোমালোক পুৰুষোত্তম হৈ যোৱা। বাকী অন্য একো কাম নকৰে।
গায়নো কৰা হয় গতি-সৎগতি দাতা এজন। এয়া পিতাৰহে মহিমা। গতি-সৎগতি সংগমতে পোৱা যায়।
সত্যযুগততো হৈছে এটা ধৰ্ম। এয়াও বোধশক্তিৰ কথা নহয় জানো। কিন্তু এইটো বুদ্ধি দিব
কোনে? তোমালোকে বুজি পোৱা পিতাহে আহি যুক্তি শুনায়। শ্ৰীমত কাক দিয়ে? আত্মাসকলক।
তেওঁ পিতাও হয় সৎগুৰুও হয়, শিক্ষকো হয়। জ্ঞান শিকায় নহয়। বাকী গুৰুসকলে ভক্তিহে
শিকায়। পিতাৰ জ্ঞানেৰে তোমালোকৰ সৎগতি হয়। আকৌ এই পুৰণি জগতৰ পৰা গুচি যোৱা।
তোমালোকৰ এয়া বেহদৰ সন্ন্যাসো হয়। পিতাই বুজায় - এতিয়া তোমালোকৰ 84 জন্মৰ চক্ৰ
সম্পূৰ্ণ হৈছে। এতিয়া এই জগতখনৰ অন্ত পৰিব। যেনেকৈ কোনো ৰোগীৰ অৱস্থা সংকটজনক হৈ
যায় তেতিয়া কয় - এতিয়া এওঁতো যাবগৈ, এওঁক কি স্মৰণ কৰিম। শৰীৰ নাশ হৈ যাব। বাকী
আত্মাতো গৈ অন্য শৰীৰ লয়। আশা নোহোৱা হৈ যায়। বেংগলত যেতিয়া দেখে যে জীয়াই থকাৰ আশা
নাই তেতিয়া গঙ্গালৈ লৈ গৈ ডুবাই দিয়ে যাতে প্ৰাণ ওলাই যায়। মূৰ্ত্তিবোৰৰো পূজা কৰি
আকৌ লৈ গৈ কয় - ডুব যা ডুব যা...। এতিয়া তোমালোকে জানা যে এই গোটেই পুৰণি জগতখনেই
ডুবি যাব। বানপানী হ’ব, অগ্নিকাণ্ড হ’ব, মনুষ্য ভোকত মৰিব। এই সকলোবোৰ অৱস্থা আহিব।
ভূমিকম্পত ঘৰ আদি খহি পৰিব। এই সময়ত প্ৰকৃতি ক্ৰোধান্বিত হয় গতিকে সকলোকে শেষ কৰি
দিয়ে। এই সকলোবোৰ অৱস্থা গোটেই জগতখনৰ বাবে আহিব। অনেক প্ৰকাৰৰ মৃত্যু আহি যায়।
বোমাতো বিষাক্ত পদাৰ্থ ভৰোৱা আছে। অলপ গোন্ধ পালেই সংজ্ঞাহীন হৈ যায়। এয়া তোমালোক
সন্তানসকলে জানা যে কি কি হ’বলগীয়া আছে। এই সকলোবোৰ কোনে কৰায়? পিতাইতো নকৰায়। এয়া
নাটকত নিৰ্ধাৰিত হৈ আছে। কাকো দোষাৰোপ কৰা নহ’ব। নাটকৰ পৰিকল্পনা যুগুত হৈ আছে।
পুৰণি জগতখনেই আকৌ নিশ্চয় নতুন হ’ব। প্ৰাকৃতিক দুৰ্যোগ হ’ব। বিনাশ হোৱাটো নিশ্চিত।
এই পুৰণি জগতৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই দিয়া - ইয়াকে বেহদৰ সন্ন্যাস বুলি কোৱা
হয়।
এতিয়া তোমালোকে ক’বা বাঃ সৎগুৰু বাঃ! যিয়ে আমাক এই মাৰ্গ দৰ্শন কৰালে। সন্তানসকলকো
বুজায় - এনেকুৱা আচৰণ নকৰিবা, যাৰ বাবে তেওঁৰ নিন্দা হয়। ইয়াত তোমালোক জীৱন্তে মৰি
যোৱা। দেহক এৰি নিজকে আত্মা বুলি বুজা। দেহৰ পৰা উপৰাম আত্মা হৈ পিতাক স্মৰণ কৰিব
লাগে। এয়াতো বহুত ভালকৈ কয়, বাঃ সৎগুৰু বাঃ! পাৰলৌকিক সৎগুৰুৰহে বাঃ বাঃ হয়। লৌকিক
গুৰুতো বহুত আছে। সঁচা সৎগুৰুতো এজনেই, যাৰ আকৌ ভক্তি মাৰ্গত নাম চলি আহে। গোটেই
সৃষ্টিখনৰ পিতা এজনেই। নতুন সৃষ্টিৰ স্থাপনা কেনেকৈ হয় এইটোও কোনেও নাজানে।
শাস্ত্ৰততো দেখুৱায় প্ৰলয় হৈ গ’ল, আকৌ আহত পাতত শ্ৰীকৃষ্ণৰ আগমন হ’ল। এতিয়া তোমালোকে
বুজি পোৱা আহত পাতত কেনেকৈ আহিব। কৃষ্ণৰ মহিমা কৰিলে একো লাভ নহয়। তোমালোক এতিয়া
আৰোহণ কলাত যাবলৈ সৎগুৰু পাইছা। এনেকৈ কয় নহয় - তোমালোকৰ যেতিয়া আৰোহণ কলা হয় তেতিয়া
সকলোৰে কল্যাণ হয়। গতিকে আত্মিক পিতাই আত্মাসকলক বুজায়। 84 জন্মও আত্মাই লৈছে।
প্ৰত্যেক জন্মতে নাম-ৰূপ বেলেগ হৈ যায়। এনেকৈ নক’ব যে অমুকে 84জন্ম লৈছে। নহয়,
আত্মাই 84 জন্ম লৈছে। শৰীৰটো সলনি হৈ থাকে। তোমালোকৰ বুদ্ধিত এই সকলোবোৰ কথা আছে।
গোটেই জ্ঞান বুদ্ধিত থকা উচিত। যিয়েই আহে তেওঁক বুজাব লাগে। আদিতে দেৱী-দেৱতাসকলৰেই
ৰাজত্ব আছিল আকৌ মধ্যত ৰাৱণৰ ৰাজত্ব হ’ল। চিৰি নামি থাকিল। সত্যযুগত কোৱা হ’ব
সতোপ্ৰধান আকৌ সতো, ৰজো, তমোলৈ অৱনমিত হয়। চক্ৰতো ঘূৰি থাকে। কোনো কোনোৱে কয় –
বাবাৰনো কি প্ৰয়োজন আছিল যে আমাক 84 চক্ৰত আনিলে। কিন্তু এয়াতো সৃষ্টি চক্ৰ অনাদি
ৰচি থোৱা আছে। ইয়াৰ আদি-মধ্য-অন্তক জানিব লাগে। মনুষ্য হৈ যদি নাজানে তেন্তে তেওঁ
নাস্তিক। জনাৰ বাবে তোমালোকে কিমান উচ্চ পদ লাভ কৰা। এই পঢ়া কিমান উচ্চ। ডাঙৰ
পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলৰ অন্তৰ আনন্দিত হয় নহয় যে মই উচ্চৰো উচ্চ পদ পাম তোমালোকে
জানা এই লক্ষ্মী-নাৰায়ণে নিজৰ পূৰ্বজন্মত শিকি আকৌ মনুষ্যৰ পৰা দেৱতা হ’ল।
এই পঢ়াৰে এই ৰাজধানী স্থাপন হৈ আছে। পঢ়াৰ দ্বাৰা কিমান উচ্চ পদ পোৱা যায়। আচৰিত
নহয়নে! ইমান বৃহৎ বৃহৎ মন্দিৰ যিসকলে নিৰ্মাণ কৰে বা যিসকল ডাঙৰ ডাঙৰ বিদ্বান আদি
আছে তেওঁলোকক যদি সোধা যে সত্যযুগৰ আদিত এওঁলোকে কেনেকৈ জন্ম ল’লে তেতিয়া তেওঁলোকে
ক’ব নোৱাৰিব। তোমালোকে জানা যে এয়াতো গীতাৰে ৰাজযোগ। গীতা পঢ়ি আহিছে কিন্তু তাৰ পৰা
একো লাভ নহয়। এতিয়া পিতাই বহি তোমালোকক শুনায়। তোমালোকে কোৱা যে বাবা আমি 5 হাজাৰ
বছৰ পূৰ্বে আপোনাক লগ পাইছিলোঁ। কিয় লগ কৰিছিলা? স্বৰ্গৰ উত্তৰাধিকাৰ ল’বলৈ।
লক্ষ্মী-নাৰায়ণ হ’বলৈ। যিকোনো শিশু, ডেকা, বৃদ্ধ আদি আহে, এয়া নিশ্চয় শিকি আহে।
লক্ষ্য-উদ্দেশ্যই হৈছে এইটো। সত্য নাৰায়ণৰ সঁচা কাহিনী হয় নহয় জানো। এইটোও তোমালোকে
বুজি পোৱা, ৰাজ্য স্থাপন হৈ আছে। যিসকলে ভালদৰে বুজি লয় তেওঁলোক আন্তৰিক আনন্দত থাকে।
বাবাই সুধিব - ৰাজ্য ল’বলৈ সাহস আছে নহয়? তেতিয়া কয় - বাবা কিয় নাথাকিব, আমি
পঢ়োঁৱেই নৰৰ পৰা নাৰায়ণ হ’বলৈ। ইমান সময় আমি নিজক দেহ বুলি ভাবি বহি আছিলোঁ। এতিয়া
পিতাই আমাক সত্য মাৰ্গ দেখুৱাই দিছে। দেহী-অভিমানী হ’বলৈ পৰিশ্ৰম কৰিবলগীয়া হয়। বাৰে
বাৰে নিজৰ নাম-ৰূপত আৱদ্ধ হৈ যায়। পিতাই কয় - এই নাম-ৰূপৰ পৰা উপৰাম হ’ব লাগে। এতিয়া
‘আত্মা’ও নাম নহয় জানো। পিতা হৈছে সৰ্বোচ্চ পৰমপিতা, লৌকিক পিতাক পৰমপিতা বুলি কোৱা
নহয়। ‘পৰম’ শব্দটি একমাত্ৰ পিতাকে দিছে। “বাঃ গুৰু” বুলিও এওঁকে কয়। তোমালোকে
শিখসকলকো বুজাব পাৰা। ‘গ্ৰন্থ চাহেব’ততো সম্পূৰ্ণ বৰ্ণনা আছে। আৰু কোনো শাস্ত্ৰত
ইমান বৰ্ণনা নাই যিমান ‘গ্ৰন্থ’ত, ‘জপ চাহেব’ আৰু ‘সুখমণি’ত (শিখসকলৰ শান্তিৰ ভজন)
আছে। এই দুটিয়ে হৈছে বিশেষ শব্দ। পিতাই কয় চাহেবক স্মৰণ কৰিলে তোমালোকে 21 জন্মৰ
কাৰণে সুখ পাবা। এই ক্ষেত্ৰত বিবুদ্ধিত পৰাৰ কোনো কথা নাই। পিতাই বহুত সহজ কৰি
বুজায়। কিমান হিন্দু ধৰ্মান্তৰিত হৈ গৈ শিখ হৈছে।
তোমালোকে মনুষ্যক মাৰ্গ দেখুৱাই দিবৰ কাৰণে কিমান চিত্ৰ আদি প্ৰস্তুত কৰা। কিমান
সহজে বুজাব পাৰা। তোমালোক আত্মা হোৱা, আকৌ ভিন্ন ভিন্ন ধৰ্মত আহিছা। এই জোপা
বিভিন্ন ধৰ্মৰ বৃক্ষ আন কোনেও এইটো নাজানে যে যীশুখ্ৰীষ্ট (ক্ৰাইষ্ট) কেনেকৈ আহে।
পিতাই বুজাইছিল - নতুন আত্মাৰ কৰ্মভোগ থাকিব নোৱাৰে। যীশুখ্ৰীষ্টৰ আত্মাই জানো কিবা
বিকৰ্ম কৰিছে যাৰ বাবে শাস্তি পাব। সেয়াতো সতোপ্ৰধান আত্মা আহে যাৰ শৰীৰত আহি
প্ৰৱেশ কৰে তেওঁকহে ক্ৰুচ আদিত উঠায় যীশুখ্ৰীষ্টক নহয়। তেওঁতো গৈ অন্য জন্ম লৈ উচ্চ
পদ পায়। পোপৰো চিত্ৰ আছে।
এই সময়ত এই গোটেই জগতখনেই একেবাৰে মূল্যহীন। তোমালোকো আছিলা। এতিয়া তোমালোক
মূল্যৱান হৈ আছা। এনেকুৱা নহয় যে তেওঁলোকৰ উত্তৰাধিকাৰীয়ে পাছত ভোগ কৰিব, একোৱে
নাপাব। তোমালোকে নিজৰ হাত ভৰপূৰ কৰি যোৱা বাকী সকলো খালী হাতে যাব। ভৰপূৰ হ’বৰ কাৰণে
তোমালোকে পঢ়া। এইটোও জানা যে যিসকল কল্প পূৰ্বে আহিছিল সেইসকলেই আহিব। অলপো যদি শুনে
তেন্তে আহি যাব। সকলোৱে একেলগেতো চাবও নোৱাৰিব। তোমালোকে বহুত প্ৰজা তৈয়াৰ কৰা,
বাবাই জানো সকলোকে চাব পাৰে। কম বেছি পৰিমাণে শুনিলেও প্ৰজা হৈ গৈ থাকে। তোমালোকে
গণনাও কৰিব নোৱাৰিবা।
তোমালোক সন্তানসকল সেৱাত উপস্থিত আছা, বাবাও সেৱাত উপস্থিত আছে। বাবা সেৱা অবিহনে
থাকিব নোৱাৰে। নিতৌ ৰাতিপুৱা সেৱা কৰিবলৈ আহে। সৎসঙ্গ আদিও ৰাতিপুৱাতে কৰে। সেইসময়ত
সকলোৱে আজৰি পায়। পিতাইতো কয় - তোমালোক সন্তানসকল খুব পুৱাতে আহিব নালাগে আৰু ৰাতিও
আহিব নালাগে কিয়নো দিনে-প্ৰতিদিনে জগতখন বহুত বেয়া হৈ গৈ আছে। সেইকাৰণে অলিয়ে-গলিয়ে
অতি সমীপত সেৱাকেন্দ্ৰ হোৱা উচিত, যাতে ঘৰৰ পৰা ওলায়ে সেৱাকেন্দ্ৰ পাব পাৰে, সহজ হৈ
যায়। তোমালোকৰ বৃদ্ধি হৈ যাব তেতিয়া ৰাজধানী স্থাপন হ’ব। পিতাইতো বহুত সহজকৈ বুজায়।
এই ৰাজযোগৰ দ্বাৰা স্থাপনা কৰি আছে। বাকী এই গোটেই জগতখন নাথাকিবই। প্ৰজাতো কিমান
অনেক তৈয়াৰ হয়। মালাও তৈয়াৰ হয়। মুখ্যতঃ যিসকলে বহুতৰ সেৱা কৰি নিজৰ সমান কৰি তোলে
তেওঁলোকহে মালাৰ মণি হয়। লোকসকলে মালা ঘূৰাই থাকে কিন্তু অৰ্থ জানো বুজি পায়। বহুত
গুৰুৱে মালা ঘূৰাবলৈ কয় যাতে বুদ্ধি ইয়াতে ব্যস্ত হৈ থাকে। কাম মহাশত্ৰু হয়,
দিনে-প্ৰতিদিনে বহুত কাঢ়া হৈ যাব। তমোপ্ৰধান হৈ যায়, এই জগতখন বহুত লেতেৰা। বহুতে
পিতাক কয় - মইতো বহুত বিৰক্ত হৈ গৈছোঁ, সোনকালে সত্যযুগলৈ লৈ যোৱা। পিতাই কয় -
ধৈৰ্য্য ধৰা স্থাপনা হ’বই - এইটো নিশ্চিত। এইটো নিশ্চয়তাই তোমালোকক লৈ যাব।
সন্তানসকলক এইটোও কোৱা হৈছে - তোমালোক আত্মাসকল পৰমধামৰ পৰা আহিছা আকৌ তালৈ যাব লাগে,
পুনৰ ভূমিকা পালন কৰিবলৈ আহিবা। গতিকে পৰমধামক স্মৰণ কৰিবলগীয়া হয়। পিতাই কয় -
মামেকম্ স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব। এইটোৱে বাৰ্তা সকলোকে দিব লাগে অন্য
কোনো পয়গম্বৰ বাৰ্তাবাহক আদি নাই। তেওঁলোকেতো মুক্তিধামৰ পৰা তললৈ লৈ আহে, আকৌ
তেওঁলোকে চিৰি তললৈ নামিবলগীয়া হয়। তেতিয়া সম্পূৰ্ণ তমোপ্ৰধান হৈ যায় তেতিয়া আকৌ
পিতা আহি সকলোকে সতোপ্ৰধান কৰি তোলে। তোমালোকৰ কাৰণে সকলোৱে উভতি যাবলগীয়া হয় কিয়নো
তোমালোকক নতুন সৃষ্টি লাগে নহয় জানো। এয়াও নাটক ৰচি থোৱা আছে। সন্তানসকলৰ বহুত নিচা
থকা উচিত। ভালবাৰু!
অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এই দেহৰ নাম-ৰূপৰ পৰা উপৰাম হৈ দেহী-অভিমানী হ’ব লাগে। এনেকুৱা আচৰণ কৰিব নালাগে
যাৰ বাবে সৎগুৰুৰ নিন্দা হয়।
(2) মালাৰ মণি হ’বলৈ হ’লে বহুতকে নিজৰ সমান কৰি তোলাৰ সেৱা কৰিব লাগে। আন্তৰিক
আনন্দত থাকিব লাগে যে আমি ৰাজ্য-ভাগ্য ল’বলৈ পঢ়ি আছোঁ। এই পঢ়া হৈছেই নৰৰ পৰা
নাৰায়ণ হোৱাৰ।
বৰদান:
কল্যাণকাৰী
বৃত্তিৰে সেৱা কৰোঁতা সৰ্ব আত্মাৰ আশীৰ্বাদৰ অধিকাৰী হোৱা
কল্যাণকাৰী বৃত্তিৰে
সেৱা কৰা - এয়াই সৰ্ব আত্মাৰ আশীৰ্বাদ লাভ কৰাৰ সাধন। যেতিয়া লক্ষ্য থাকে যে আমি
বিশ্ব কল্যাণকাৰী হওঁ, গতিকে অকল্যাণৰ কৰ্তব্য হ’ব নোৱাৰে। যেনেকুৱা কাৰ্য হয়
তেনেকুৱাই নিজৰ ধাৰণা হয়, যদি কাৰ্য স্মৃতিত থাকে তেতিয়া সদায় দয়ালু অন্তৰৰ, সদায়
মহাদানী হৈ থাকিব। প্ৰতিটো খোজত কল্যাণকাৰী বৃত্তিৰে চলিব, ‘মই’ ভাৱ নাহিব, নিমিত্ত
ভাৱ স্মৃতিত থাকিব। এনেকুৱা সেৱাধাৰীৰ সেৱাৰ প্ৰতিদানত সৰ্ব আত্মাৰ আশীৰ্বাদৰ
অধিকাৰ প্ৰাপ্ত হৈ যায়।
স্লোগান:
সাধনৰ আকৰ্ষণে সাধনাক খণ্ডিত কৰি দিয়ে।