28.09.20 Morning Assame Murli Om Shanti BapDada Madhuban
"মৰমৰ সন্তানসকল –
তোমালোক হৈছা সমগ্ৰ সৃষ্টিৰে সঁচা মিত্ৰ, তোমালোকৰ কাৰো লগত শত্ৰুতা হ’ব নালাগে”
প্ৰশ্ন:
তোমালোক হৈছা
আত্মিক মিলিটেৰী, তোমালোকে পিতাৰ কোনটো নিৰ্দেশনা (ডাইৰেক্সন) পাইছা, যিটো কাৰ্যত
ৰূপায়িত কৰিব লাগে?
উত্তৰ:
তোমালোকক নিৰ্দেশনা দিছে যে বেজ সদায় লগাই ৰাখা। কোনোবাই যদি সোধে এইটো কি হয়? আপুনি
কোন? তেতিয়া ক’বা, আমি হৈছোঁ সমগ্ৰ সৃষ্টিৰ পৰা কামৰ অগ্নিক নুমুৱাওঁতা অগ্নি
নিৰ্বাপক (ফায়াৰ ব্ৰিগেড্)। এই সময়ত সমগ্ৰ সৃষ্টিতে কাম অগ্নি লাগি আছে, আমি সকলোকে
বাৰ্তা দিওঁ যে এতিয়া পবিত্ৰ হোৱা, দৈৱীগুণ ধাৰণ কৰা তেতিয়া বৈতৰণী পাৰ হৈ যাব।
ওঁম্শান্তি।
মৰমৰ আত্মিক
সন্তানসকল সহজ স্মৃতিত বহি আছে। কাৰোবাৰ কাৰোবাৰ কঠিন (ডিফিকাল্ট) লাগে। বহুতে
বিবুদ্ধিত পৰে কাৰণ তেওঁলোকে ভাবে - আমি আটিল (টাইট্) অথবা কঠোৰ অনুশাসনত (ষ্ট্ৰিক্
হৈ) বহিব লাগিব। পিতাই কয় - এনেকুৱা কোনো কথা নাই, যেনেকৈয়ে বহা। কেৱল পিতাক স্মৰণ
কৰিব লাগে। ইয়াত কোনো কঠিনতাৰ কথা নাই। সেই হঠযোগীসকল এনেকৈ আটিল হৈ বহে। ভৰি ভৰিৰ
ওপৰত উঠায়। ইয়াততো পিতাই কয় - আৰামত বহা। পিতাক আৰু 84ৰ চক্ৰক স্মৰণ কৰা। এয়া হৈছেই
সহজ স্মৃতি। উঠোঁতে-বহোঁতে বুদ্ধিত থাকিব লাগে। যেনেকৈ এই সৰু শিশুটিক চোৱা পিতাকৰ
কাষতে বহি আছে, ইয়াৰ বুদ্ধিত মা-পিতাৰে স্মৃতি থাকিব। তোমালোকো সন্তান হোৱা নহয় জানো।
পিতাক স্মৰণ কৰাতোতো বহুত সহজ। আমি পিতাৰ সন্তান। পিতাৰ পৰাই উত্তৰাধিকাৰ ল’ব লাগে।
শৰীৰ নিৰ্বাহৰ অৰ্থে লাগিলে গৃহস্থ ব্যৱহাৰত থাকা। কেৱল আনৰ স্মৃতি বুদ্ধিৰ পৰা
আঁতৰাই দিয়া। কোনোবাই হনুমানক, কোনোবাই কাৰোবাক, সাধু আদিক স্মৰণ কৰিছিল, সেই স্মৃতি
এৰি দিব লাগে। স্মৰণতো কৰে নহয় জানো, পূজাৰ কাৰণে পূজাৰী মন্দিৰলৈ যাবলগীয়া হয়,
ইয়াত ক’লৈকো যোৱাৰ প্ৰয়োজন নাই। যাকেই লগ পোৱা কোৱা, শিৱবাবাই কয় – একমাত্ৰ মোক
পিতাক স্মৰণ কৰা। শিৱবাবাতো হৈছে নিৰাকাৰ। তেওঁ নিশ্চয় সাকাৰতেই আহি কয় মামেকম্ (মনে
মনে কেৱল মোক) স্মৰণ কৰা। মই ‘পতিত-পাৱন’ হওঁ। এইটোতো শুদ্ধ (ৰাইট্) শব্দ নহয় জানো।
বাবাই কয় - মোক স্মৰণ কৰা। তোমালোক সকলো পতিত। এইখন পতিত তমোপ্ৰধান সৃষ্টি হয় নহয়
জানো সেইকাৰণে বাবাই কয় - কোনো দেহধাৰীক স্মৰণ নকৰিবা। এইটোতো ভাল কথা নহয় জানো।
কোনো গুৰু আদিৰ মহিমা নকৰে। পিতাই মাত্ৰ কয় মোক স্মৰণ কৰা তেতিয়া তোমালোকৰ পাপ
খণ্ডন হৈ যাব। এয়া হৈছে যোগবল অথবা যোগ অগ্নি। বেহদৰ পিতাইতো সঁচা কথা কয় - গীতাৰ
ভগৱান নিৰাকাৰেই হয়। কৃষ্ণৰ কথা নাই। ভগৱানে কয় - কেৱল মোক স্মৰণ কৰা আৰু কোনো উপায়
নাই। পাৱন হৈ গ’লে উচ্চ পদ পাবা। নহ’লে কম পদ হৈ যাব। আমি আপোনালোকক পিতাৰ বাৰ্তা
দিছোঁ। আমি বাৰ্তাবাহক হওঁ। এনেকৈ বুজাৱাত কোনো কষ্ট নাই। মাতাসকল, অহল্যাসকল, কুঁজা
বা কুঁজীসকলেও উচ্চ পদ পাব পাৰে। লাগিলে ইয়াত থকাই হওঁক, বা ঘৰ গৃহস্থালিত থকাই
হওঁক, এনেকুৱা নহয় যে ইয়াত থকাসকলে বেছিকৈ স্মৰণ কৰিব পাৰে। বাবাই কয় - বাহিৰত
থকাসকলেও বহুত স্মৃতিত থাকিব পাৰে। বহুত সেৱা কৰিব পাৰে। ইয়াতো পিতাৰ পৰা সতেজ (ৰিফ্ৰেচ)
হৈ যায় তেন্তে অন্তৰ কিমান আনন্দিত হৈ থাকিব লাগে। এই ছিঃ ছিঃ সৃষ্টিততো বাকী
কেইটিমান দিন আছোঁ। পুনৰ যাম কৃষ্ণ পুৰীলৈ। কৃষ্ণৰ মন্দিৰকো সুখধাম বুলি কয়। গতিকে
সন্তানসকল অপাৰ আনন্দিত হ’ব লাগে। যিহেতু তোমালোক বেহদৰ পিতাৰ হৈছা। তোমালোককেই
স্বৰ্গৰ মালিক কৰি তুলিছিল। তোমালোকেও কোৱা বাবা 5 হাজাৰ বছৰ পূৰ্বেও আমি আপোনাক লগ
পাইছিলোঁ আকৌ লগ পাম। এতিয়া পিতাক স্মৰণ কৰি মায়াৰ ওপৰত বিজয়ী হ’ব লাগে। এতিয়া এই
দুখধামততো থাকিব নালাগে। তোমালোকে পঢ়াই সুখধামত যাবৰ কাৰণে। সকলোৱে হিচাপ-নিকাচ
নিষ্পত্তি কৰি উভতি যাব লাগে। মই আহিছোঁৱেই নতুন সৃষ্টি স্থাপনা কৰিবলৈ। বাকী সকলো
আত্মা মুক্তিধামত গুচি যাব। পিতাই কয়- মই কালৰো কাল হওঁ। সকলোকে শৰীৰৰ পৰা মুক্ত কৰি
আত্মাসকলক লৈ যাম। সকলোৱে কয়ো মই সোনকালে যাওঁ। ইয়াততো থাকিব নিবিচাৰোঁ। এয়াতো পুৰণি
সৃষ্টি, পুৰণা শৰীৰ। এতিয়া পিতাই কয় - মই সকলোকে লৈ যাম। কাকোৱেই এৰি নাযাওঁ।
তোমালোক সকলোৱে আহ্বানেই কৰিছা - হে পতিত-পাৱন আহক। যদিও স্মৰণ কৰি থাকে কিন্তু
অৰ্থ একোৱে বুজি নাপায়। ‘পতিত-পাৱন’ বুলি কিমান সুৰ লগাই গায়। আকৌ কয় “ৰঘুপতি ৰাঘৱ
ৰাজা ৰাম”। এতিয়া শিৱবাবাতো ৰজা নহয়, ৰাজত্ব নকৰে। তেওঁক ‘ৰাজা ৰাম’ বুলি কোৱাতো
ভুল হৈ গ’ল। মালা যেতিয়া স্মৰণ কৰে ‘ৰাম ৰাম’ বুলি কয়। তাতে ভগৱানৰ স্মৃতি আহে।
ভগৱানতো হয়েই শিৱ। মনুষ্যৰ নাম বহুত ৰাখি দিছে। কৃষ্ণকো শ্যাম সুন্দৰ, বৈকুণ্ঠ নাথ,
মাখন চোৰ আদি আদি বহুত নাম দি দিয়ে। তোমালোকে এতিয়া কৃষ্ণক মাখন চোৰ বুলি ক’বানে?
একেবাৰে নোকোৱা। তোমালোকে এতিয়া বুজি পোৱা যে ভগৱানতো এক নিৰাকাৰ, কোনো দেহধাৰীক
ভগৱান বুলি ক’ব নোৱাৰি। ব্ৰহ্মা, বিষ্ণু, শঙ্কৰকো ক’ব নোৱাৰি তেনেস্থলত আকৌ মনুষ্যই
নিজক ভগৱান বুলি কেনেকৈ ক’ব পাৰে। বৈজয়ন্তী মালা কেৱল 108ৰ গায়ন কৰা হয়। শিৱবাবাই
স্বৰ্গৰ স্থাপনা কৰিলে তাৰ এওঁলোক মালিক। নিশ্চয় তাৰ আগতে এওঁলোকে এই পুৰুষাৰ্থ
কৰিছিল। তাক কোৱা হয় কলিযুগৰ অন্ত সত্যযুগ আদিৰ সংগমযুগ। এয়া হ'ল কল্পৰ সংগমযুগ।
মনুষ্যই আকৌ যুগে যুগে বুলি কৈ দিছে, অৱতাৰ নামো ভুল আকৌ তেওঁক পাথৰ-শিলগুটিত,
কণ-কণত আছে বুলি কৈ দিছে। এয়াও নাটক। যি কথা অতীত হৈ যায় তাক কোৱা হয় নাটক। কাৰোবাৰ
লগত কাজিয়া আদি হ’ল, হৈ গ'ল, তাৰ বিষয়ে চিন্তন কৰিব নালাগে। বাৰু কোনোবাই কম-বেছি
কিবা ক'লে, সেয়া তোমালোকে পাহৰি যোৱা। কল্পৰ আগতেও এনেকৈ কৈছিল। স্মৃতিত থাকিলে আকৌ
স্থিতি বেয়া হৈ থাকিব। সেই কথা আৰু কেতিয়াও নক’বাই। তোমালোক সন্তানসকলে সেৱাতো কৰিব
লাগে নহয় জানো। সেৱাত কোনো বিঘনি আহিব নালাগে। সেৱাত কেতিয়াও দুৰ্বলতা দেখুৱাব
নালাগে। শিৱবাবাৰ সেৱা নহয় জানো। তাত কেতিয়াও ‘না’ বুলি ক’ব নালাগে। নহ'লে নিজৰ পদ
ভ্ৰষ্ট কৰি দিবা। পিতাৰ সহায়কাৰী হৈছা গতিকে সম্পূৰ্ণ সহায় কৰিব লাগে। পিতাৰ সেৱা
কৰাত অলপো প্ৰবঞ্চনা কৰিব নালাগে। বাৰ্তা সকলোকে দিবই লাগে। পিতাই কৈ থাকে
মিউজিয়ামৰ নাম এনেকুৱা ৰাখা যাতে মনুষ্যই দেখিয়েই ভিতৰলৈ সোমাই আহে আৰু আহি বুজে
কিয়নো এয়া নতুন বস্তু হয়। মনুষ্যই নতুন বস্তু দেখি ভিতৰলৈ সোমাই আহে। আজিকালি
বাহিৰৰ পৰা ভাৰতৰ প্ৰাচীন যোগ শিকিবলৈ আহে। এতিয়া প্ৰাচীন অৰ্থাৎ আটাইতকৈ পুৰণা,
সেয়াতো ভগৱানেহে শিকাইছিল, যাৰ 5 হাজাৰ বছৰ হ’ল। সত্যযুগ-ত্ৰেতাত যোগ নাথাকে, যিয়ে
শিকালে তেওঁতো গুচি গ’ল পুনৰ যেতিয়া 5 হাজাৰ বছৰৰ পাচত আহিব তেতিয়াহে আহি ৰাজযোগ
শিকাব। প্ৰাচীন অৰ্থাৎ 5 হাজাৰ বছৰৰ আগতে ভগৱানে শিকাইছিল। সেই ভগৱান পুনৰ সংগমতহে
আহি ৰাজযোগ শিকাব, যাৰ দ্বাৰা পাৱন হ’ব পাৰে। এই সময়ততো তত্বও তমোপ্ৰধান হয়।
পানীয়েও কিমান লোকচান কৰি দিয়ে। উপদ্ৰৱ হৈ থাকে, পুৰণি সৃষ্টিত। সত্যযুগত উপদ্ৰৱৰ
কথাই নাই। তাততো প্ৰকৃতিৰ দাসী হৈ যায়। ইয়াত প্ৰকৃতি শত্ৰু হৈ দুখ দিয়ে। এই
লক্ষ্মী-নাৰায়ণৰ ৰাজ্যত দুখৰ কথাই নাছিল। সত্যযুগ আছিল। এতিয়া পুনৰ সেয়া স্থাপন হৈ
আছে। পিতাই প্ৰাচীন ৰাজযোগ শিকাই আছে। পুনৰ 5 হাজাৰ বছৰৰ পাচত শিকাব, যাৰ ভূমিকা আছে
তেওঁলোকেই সেয়া পালন কৰিব। বেহদৰ পিতায়ো ভূমিকা পালন কৰি আছে। পিতাই কয় - মই এওঁৰ
শৰীৰত প্ৰৱেশ কৰি, স্থাপনা কৰি গুচি যাওঁ। হাহাকাৰৰ পাচত পুনৰ জয় জয়কাৰ হৈ যায়।
পুৰণি সৃষ্টি শেষ হৈ যাব। এই লক্ষ্মী-নাৰায়ণৰ ৰাজত্ব আছিল তেতিয়া পুৰণি সৃষ্টি
নাছিল। 5 হাজাৰ বছৰৰ কথা। লাখ লাখ বছৰৰ কথা হ’বই নোৱাৰে। সেয়েহে পিতাই কয় - অন্য
সকলো কথা এৰি নিজৰ কল্যাণ কৰিবলৈ এইটো সেৱাত ব্যস্ত হৈ যোৱা। বিতুষ্ট হৈ সেৱাত
প্ৰবঞ্চনা কৰিব নালাগে। এয়া হৈছে ঈশ্বৰীয় সেৱা। মায়াৰ ধুমুহা বহুত আহিব। কিন্তু
পিতাৰ ঈশ্বৰীয় সেৱাত প্ৰবঞ্চনা কৰিব নালাগে। পিতাই সেৱাৰ অৰ্থে নিৰ্দেশনাতো দি থাকে।
মিত্ৰ-সম্বন্ধীয় আদি যি আহে সকলোৰে সঁচা মিত্ৰতো তোমালোক হোৱা। তোমালোক
ব্ৰহ্মাকুমাৰ-কুমাৰীসকলতো সমগ্ৰ বিশ্বৰ মিত্ৰ হোৱা কিয়নো তোমালোক পিতাৰ সহায়কাৰী
হোৱা। মিত্ৰতাত কোনো শত্ৰুতা থকা উচিত নহয়। কিবা কথা ওলালে ক’বা - শিৱবাবাক স্মৰণ
কৰা। পিতাৰ শ্রীমতত চলিব লাগে। নহ’লে নিজৰে লোকচান কৰি দিব। ৰেলগাড়ীত তোমালোক আহা
তাততো সকলো আজৰি হৈ থাকা। সেৱাৰ বহুত ভাল সুযোগ পোৱা যায়। বেজতো বহুত ভাল বস্তু।
প্ৰত্যেকে লগাই ৰাখিব লাগে। কোনোবাই যদি সোধে তোমালোক কোন তেতিয়া ক’বা, আমি অগ্নি
নিৰ্বাপক (ফায়াৰ ব্ৰিগেড), যেনেকৈ জুই নুমোৱাবৰ বাবে সেই অগ্নি নিৰ্বাপক থাকে। এই
সময়ত গোটেই সৃষ্টিত কাম অগ্নিত সকলো জ্বলি আছে। এতিয়া পিতাই কয় - কাম মহাশত্ৰুৰ
ওপৰত বিজয়ী হোৱা। পিতাক স্মৰণ কৰা, পবিত্ৰ হোৱা, দৈৱী গুণ ধাৰণ কৰা তেতিয়া বৈতৰণী
পাৰ হৈ যাব। এই বেজ শ্ৰীমত অনুসৰিয়েতো তৈয়াৰ কৰা হৈছে। বহুত কম সন্তান আছে যিয়ে
বেজৰ ওপৰত সেৱা কৰে। বাবাই মুৰুলীত কিমান বুজাই থাকে। প্ৰতি গৰাকী ব্ৰাহ্মণৰ ওচৰত
এই বেজ থকা উচিত, যাকে লগ পোৱা তেওঁক ইয়াৰ ওপৰত বুজাব লাগে, এয়া হৈছে বাবা, এওঁক
স্মৰণ কৰিব লাগে। আমি সাকাৰৰ মহিমা নকৰোঁ। সকলোৰে সৎগতি দাতা এজনেই নিৰাকাৰ পিতা,
তেওঁক স্মৰণ কৰিব লাগে। স্মৃতিৰ শক্তিৰেই তোমালোকৰ পাপ খণ্ডন হ’ব। তেতিয়া অন্তিমৰ
স্থিতি অনুসৰিয়ে গতি হৈ যাব। দুখধামৰ পৰা মুক্ত হৈ যাবা। তাৰপাচত তোমালোক
বিষ্ণুপুৰীলৈ আহি যাবা। কিমান ডাঙৰ সুখৰ খবৰ। কিতাপো দিব পাৰা। কোৱা, আপুনি যদি
দুখীয়া তেন্তে বিনামূলীয়াকৈ দিব পাৰোঁ। চহকীসকলেতো পইচা দিয়া উচিত কিয়নো এয়াতো বহুত
ছপাবলগীয়া হয়। এইটো এনেকুৱা বস্তু যে আপোনালোক ভিকহুৰ পৰা বিশ্বৰ মালিক হৈ যাব।
বুজনিতো পাই থাকা। যি ধৰ্মাৱলম্বীৰে নহওঁক, কোৱা, বাস্তৱত আপুনি আত্মা হয়, নিজক
আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। এতিয়া বিনাশ সন্মুখত থিয় হৈ আছে, এইখন সৃষ্টি
এতিয়া সলনি হ’ব। শিৱবাবাক স্মৰণ কৰিলে বিষ্ণুপুৰীত আহি যাব। কোৱা, এয়া আপোনাক কোটি
কোটি পদম মূল্যৰ বস্তু দিছোঁ। বাবাই কিমান বুজাইছে - বেজৰ ওপৰত সেৱা কৰিব লাগে
কিন্তু বেজ নলগায়। লাজ লাগে। ব্ৰাহ্মণীসকল যিয়ে দল লৈ আহে বা ক’ৰবাত অফিচ আদিলৈ অকলে
যায়, তেতিয়া এই বেজ নিশ্চয় লগাই ৰখা উচিত, যাক তোমালোকে ইয়াৰ ওপৰত বুজাবা তেওঁ অতি
আনন্দিত হৈ যাব। কোৱা, আমি এজন পিতাকহে মানো, তেৱেঁই সকলোকে সুখ শান্তি দিওঁতা হয়,
তেওঁক স্মৰণ কৰক। পতিত আত্মাতো যাব নোৱাৰে। এতিয়া এই পুৰণি সৃষ্টি সলনি হৈ আছে।
এনেকুৱা ৰাস্তাত সেৱা কৰিবলৈ আহিব লাগে। তোমালোকৰ নাম বহুত হ'ব, বাবাই বুজি পায়
কিজানি লাজ কৰে সেয়েহে বেজ পিন্ধি সেৱা নকৰে। এটা হৈছে বেজ, ছিৰিৰ চিত্ৰ অথবা
ত্ৰিমূৰ্তি, গোলক (সৃষ্টি চক্ৰ) আৰু কল্পবৃক্ষৰ চিত্ৰ লগত থাকিব লাগে, পৰস্পৰে
এজন-দুজনক বুজোৱা তেতিয়া সকলো একগোট হৈ যাব। সুধিব এয়া কি? কোৱা, শিৱবাবাই এওঁৰ
দ্বাৰা এই নতুন সৃষ্টি স্থাপনা কৰি আছে। এতিয়া পিতাই কয় - মোক স্মৰণ কৰা, পবিত্ৰ
হোৱা। অপৱিত্ৰতো উভতি যাব নোৱাৰে। এনেকুৱা মিঠা-মিঠা কথা শুনাব লাগে। তেতিয়া আনন্দৰে
সকলোৱে শুনিব। কিন্তু কোনো কোনোৰ বুদ্ধিত ধাৰণ নহয়। চেণ্টাৰলৈ ক্লাছত গ’লেও বেজ
লগাই যাব লাগে। মিলিটেৰীসকলে ইয়াত বেজ পৰিধান কৰি থাকে। তেওঁলোকৰ কেতিয়াবা লাজ লাগে
জানো? তোমালোকো আত্মিক মিলিটেৰী হোৱা নহয় জানো। পিতাই নিৰ্দেশনা দিয়ে তেন্তে
বাস্তৱত ৰূপায়িত কিয় নকৰা। বেজ লগাই ৰাখিলে শিৱবাবাৰো স্মৃতি থাকিব - আমি শিৱবাবাৰ
সন্তান হওঁ। দিনে-প্ৰতিদিনে চেণ্টাৰো মুকলি হৈ গৈ থাকিব। কোনোবা নহয় কোনোবা ওলাই
আহিব। ক’ব অমুক চহৰত আপোনালোকৰ শাখা (ব্ৰান্স) নাই। কোৱা, কোনোবাই ঘৰ আদিৰ ব্যৱস্থা
কৰি দিয়ক, নিমন্ত্ৰণ দিলে আমি আহি সেৱা কৰিব পাৰোঁ। সন্তানৰ সাহস পিতাৰ সহায়,
পিতাইতো সন্তানসকলকে ক’ব চেণ্টাৰ খোলা, সেৱা কৰা। এই সকলোবোৰ শিৱবাবাৰ দোকান হয় নহয়
জানো। সন্তানসকলৰ দ্বাৰা চলাই আছে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) কেতিয়াও পৰস্পৰ বিতুষ্ট হৈ সেৱাত প্ৰবঞ্চনা কৰিব নালাগে। বিঘ্নৰূপ হ'ব নালাগে।
নিজৰ দুৰ্বলতা দেখুৱাব নালাগে। পিতাৰ সম্পূৰ্ণ সহায়কাৰী হ'ব লাগে।
(2) কেতিয়াবা কাৰোবাৰ
লগত কাজিয়া আদি হ’ল, সেয়া অতীত হৈ গ’ল, তাৰ চিন্তন কৰিব নালাগে। কোনোবাই কম-বেছি
কিবা ক’লে, তোমালোকে সেয়া পাহৰি যোৱা। কল্পৰ আগতেও এনেকৈ কৈছিল। সেই কথা কেতিয়াও
নকবাওঁ।
বৰদান:
হৈ যোৱা
কথাবোৰক দয়াশীল হৈ সমাহিত কৰি লওঁতা শুভচিন্তক হোৱা
যদি কাৰোবাৰ হৈ যোৱা
দুৰ্বলতাৰ কথা কোনোবাই শুনায় তেন্তে শুভ ভাৱনা ৰাখি কাষৰীয়া কৰি লোৱা। ব্যৰ্থ
চিন্তন বা দুৰ্বলতাৰ কথা পৰস্পৰৰ মাজত চলিব নালাগে। হৈ যোৱা কথাবোৰ দয়াশীল হৈ
সমাহিত কৰি লোৱা। সমাহিত কৰি শুভ ভাৱনাৰে সেই আত্মাটিৰ প্ৰতি মনেৰে সেৱা কৰি থাকা।
যদিও সংস্কাৰৰ বশৱৰ্তী হৈ কোনোৱে ওলোটা কথা কয়, কৰে বা শুনে সেয়া পৰিৱৰ্তন কৰা।
এজনৰ পৰা দ্বিতীয় জনলৈ, দ্বিতীয় জনৰ পৰা তৃতীয়জনলৈ এনেকৈ ব্যৰ্থ কথাৰ মালা যাতে হৈ
নাযায়। এনেকৈ মনোযোগ দিয়া অৰ্থাৎ শুভ চিন্তক হোৱা।
স্লোগান:
সন্তুষ্টমণি হোৱা তেতিয়া প্ৰভু প্ৰিয়, লোকপ্ৰিয় আৰু স্বয়ংপ্ৰিয় হৈ যাবা।