14.08.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল – পিতা আহিছে তোমালোকক জ্ঞান ৰত্নৰে অলংকৃত কৰি ঘৰলৈ ওভতাই লৈ যাবলৈ, পুনৰ ৰাজ্যলৈ পঠিয়াই দিব গতিকে অপাৰ আনন্দত থাকা, এজন পিতাৰ প্ৰতিহে স্নেহ ৰাখা”

প্ৰশ্ন:
নিজৰ ধাৰণাক শক্তিশালী (পৰিপক্ক) কৰি তোলাৰ আধাৰ কি?

উত্তৰ:
নিজৰ ধাৰণাক শক্তিশালী কৰি তুলিবলৈ সদায় এইটো দৃঢ় কৰা যে আজিৰ দিনটোত যি পাষ্ট (অতীত) হৈ গ'ল ভালেই হ'ল পুনৰ কল্পৰ পাচত হ'ব। যি কিছু হৈ গ'ল কল্পৰ পূৰ্বেও এনেকৈ হৈছিল, নাথিং ন্যু (একো নতুন কথা নহয়। এই যুদ্ধও 5 হাজাৰ বছৰ পূৰ্বে লাগিছিল, আকৌ নিশ্চয় লাগিব। এই খেৰৰ জুমুঠি স্বৰূপ সৃষ্টিৰ বিনাশ হ’বই….. এনেকৈ প্ৰতি মুহূৰ্ততে ড্ৰামাৰ স্মৃতিত থাকিলে তেতিয়া ধাৰণা শক্তিশালী হৈ যাব।

গীত:
দূৰ দেশ মে ৰহনে ৱালা (দূৰৈৰ দেশত থকাজন…….)

ওঁম্শান্তি।
সন্তানসকলে প্ৰথমেও দূৰৈৰ দেশৰ পৰা আনৰ দেশলৈ আহিছে। এতিয়া এই আনৰ দেশত দুখী হৈছে সেইবাবে আহ্বান কৰে যে নিজৰ দেশলৈ ঘৰলৈ লৈ ব’লা। তোমালোকে আহ্বান কৰিছা নহয়। বহুত সময়ৰ পৰা স্মৰণ কৰি আহিছা গতিকে পিতাও আনন্দৰে আহে। জানে যে মই সন্তানসকলৰ ওচৰলৈ যাওঁ। যিসকল সন্তান কাম চিতাত বহি জ্বলি গ’ল তেওঁলোকক নিজৰ ঘৰলৈও লৈ যাওঁ আকৌ ৰাজ্যলৈ পঠিয়াই দিওঁ। তাৰ বাবে জ্ঞানৰে অলংকৃতও কৰোঁ। সন্তানসকলো পিতাতকৈ বেছি আনন্দিত হ'ব লাগে। পিতা যিহেতু আহিছে গতিকে তেওঁৰ হৈ যাব লাগে। তেওঁক বহুত ল’ভ (মৰম) কৰিব লাগে। বাবাই নিতৌ বুজায়, আত্মাই কথা কয় নহয় জানো। বাবা 5 হাজাৰ বছৰৰ পাচত আপুনি ড্ৰামা অনুসৰি আহিছে, আমি বহুত আনন্দৰ খাজনা পাই আছোঁ। বাবা আপুনি আমাৰ আঁচল (মোনা) ভৰপূৰ কৰি আছে, আমাক নিজৰ ঘৰ শান্তি ধামলৈ লৈ যায় পুনৰ ৰাজধানীলৈ পঠিয়াই দিব। কিমান অপাৰ আনন্দিত হ’ব লাগে। পিতাই কয় - মই এই আনৰ ৰাজধানীলৈকে আহিবলগীয়া হয়। পিতাৰ বহুত মিঠা আৰু ৱণ্ডাৰফুল (আশ্চৰ্যজনক) ভূমিকা আছে। বিশেষকৈ যিহেতু এই আনৰ দেশলৈ আহিছে। এই কথাবোৰ তোমালোকে এতিয়াহে বুজি পোৱা পুনৰ এই জ্ঞান প্ৰায় লোপ হৈ যায়। তাত প্ৰয়োজনেই নাথাকে। পিতাই কয় - তোমালোক কিমান বুদ্ধিহীন (অজ্ঞান) হৈ গ'লা। ড্ৰামাৰ এক্টৰ (ভাৱৰীয়া) হৈয়ো পিতাক নাজানা ! যিজন পিতাই হৈছে কৰণকৰাৱনহাৰ, কি কৰে, কি কৰায়- এয়া পাহৰি গ'লা। গোটেই পুৰণি সৃষ্টিক হেভেন (স্বৰ্গ) কৰি তুলিবলৈ আহে আৰু জ্ঞান দিয়ে। তেওঁ জ্ঞানৰ সাগৰ হয় গতিকে নিশ্চয় জ্ঞান দিয়াৰ কৰ্তব্য পালন কৰিব নহয় জানো। আকৌ তোমালোকৰ দ্বাৰা কৰায়ো যে আনকো মেচেজ (বাৰ্তা) দিয়া যে পিতাই সকলোৰে বাবে কয় যে এতিয়া দেহৰ বোধ এৰি মোক স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ'ব। মই শ্ৰীমত দিওঁ। পাপ আত্মাতো সকলোৱে হয়। এই সময়ত গোটেই বৃক্ষজোপাই তমোপ্ৰধান, জৰ্জৰিত অৱস্থা পাইছে। যেনেকৈ বাঁহৰ জংঘলত জুই লাগিলে তেতিয়া গোটেইখন জুই লাগি শেষ হৈ যায়। জংঘলত পানী ক'ৰ পৰা আহিব যে জুই নুমাব। এয়া যি পুৰণি সৃষ্টি আছে তাত জুই লাগি যাব। পিতাই কয় – নাথিং ন্যু (একো নতুন কথা নহয়)। পিতাই ভাল ভাল পইণ্টচ দি থাকে যিবোৰ নোট কৰি (টুকি) ৰাখিব লাগে। পিতাই বুজাইছে অন্য ধৰ্ম প্ৰতিষ্ঠাপকে কেৱল নিজৰ ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে, তেওঁলোকক পয়গম্বৰ বা মেচেঞ্জাৰ (বাৰ্তাবাহক) আদি একো বুলিয়ে ক’ব নোৱাৰি। এইটোও বহুত যুক্তিৰে লিখিব লাগে। শিৱবাবাই সন্তানসকলক বুজাই আছে – সন্তানসকলতো সকলো হৈছে ব্ৰাদাৰ্চ (ভাই ভাই)। গতিকে প্ৰত্যেক চিত্ৰত, প্ৰত্যেক লিখনিত এইটো নিশ্চয় লিখিব লাগে - শিৱবাবাই এনেদৰে বুজায়। পিতাই কয় - সন্তানসকল, মই আহি সত্যযুগী আদি সনাতন দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, য'ত এশ শতাংশ সুখ-শান্তি-পবিত্ৰতা সকলো আছে সেইবাবে তাক হেভেন (স্বৰ্গ) বুলি কোৱা হয়। তাত দুখৰ নাম নাই। বাকী অন্য যিবোৰ ধৰ্ম আছে সেই সকলোবোৰৰ বিনাশ কৰোৱাৰ নিমিত্ত হওঁ। সত্যযুগত হয়েই এক ধৰ্ম। সেইখন হ'ল নতুন সৃষ্টি। পুৰণি সৃষ্টিৰ নাশ কৰোঁ। এনেকুৱা ধান্দাতো আৰু কোনেও নকৰে। কোৱা হয় শংকৰৰ দ্বাৰা বিনাশ। বিষ্ণুও লক্ষ্মী- নাৰায়ণেই হয়। প্ৰজাপিতা ব্ৰহ্মাওতো ইয়াত আছে। এওঁ পতিতৰ পৰা পাৱন ফৰিস্তা হয় সেইবাবে আকৌ ব্ৰহ্মা দেৱতা বুলি কোৱা হয়। যাৰ দ্বাৰা দেৱী-দেৱতা ধৰ্ম প্ৰতিষ্ঠা হয়। এই বাবাও দেৱী-দেৱতা ধৰ্মৰ প্ৰথম প্ৰিন্স (ৰাজকুমাৰ) হয়। গতিকে ব্ৰহ্মাৰ দ্বাৰা স্থাপনা, শংকৰৰ দ্বাৰা বিনাশ। চিত্ৰতো দিবলগীয়া হয় নহয় জানো। বুজোৱাৰ বাবে এই চিত্ৰ তৈয়াৰ কৰা হৈছে। ইয়াৰ অৰ্থৰ বিষয়ে কোনেও নাজানে। স্বদৰ্শন চক্ৰধাৰীৰ বিষয়েও বুজাইছে - পৰমপিতা পৰমাত্মাই সৃষ্টিৰ আদি-মধ্য-অন্তক জানে। তেওঁৰ সমস্ত জ্ঞান আছে গতিকে স্বদৰ্শন চক্ৰধাৰী নহ’ল জানো। জানে যে ময়েই এই জ্ঞান শুনাওঁ। পিতাইতো এনেকৈ নক’ব যে মই পদুম ফুলৰ সমান হ'ব লাগে। সত্যযুগত তোমালোক পদুম ফুলৰ দৰেই থাকা। সন্ন্যাসীসকলৰ বাবে এনেকৈ নক'ব। তেওঁলোকতো জংঘললৈ গুচি যায়। পিতায়ো কয় প্ৰথমতে তেওঁলোক পবিত্ৰ সতোপ্ৰধান হয়। পবিত্ৰতাৰ বলেৰে ভাৰতক অধিক অৱনতি হোৱাৰ পৰা ৰক্ষা কৰে। ভাৰতৰ দৰে পবিত্ৰ দেশ আৰু কোনো নাথাকে। যেনেকৈ পিতাৰ মহিমা আছে তেনেকৈ ভাৰতৰো মহিমা আছে। ভাৰত হেভেন (স্বৰ্গ) আছিল, এই লক্ষ্মী-নাৰায়ণে ৰাজত্ব কৰিছিল আকৌ ক’লৈ গ’ল। এয়া এতিয়া তোমালোকে জানা অন্য কাৰো বুদ্ধিত থাকিব জানো যে এই দেৱতাসকলেই 84 জন্ম লৈ পুনৰ পূজাৰী হয়। এতিয়া তোমালোকৰ সমস্ত জ্ঞান আছে, আমি এতিয়া পূজ্য দেৱী-দেৱতা হওঁ পুনৰ পূজাৰী মনুষ্য হ’মগৈ। মনুষ্যতো মনুষ্যই হয়। এয়া যি অনেক প্ৰকাৰৰ তৈয়াৰ কৰে, এনকুৱা কোনো মনুষ্য নাথাকে। এই সকলোবোৰ ভক্তি মাৰ্গৰ অনেক চিত্ৰ হয়। তোমালোকৰ জ্ঞানতো হৈছে গুপ্ত। এই জ্ঞান সকলোৱে নল’ব। যি সকল এই দেৱী-দেৱতা ধৰ্মৰ পাত হ’ব তেওঁলোকেই ল’ব। বাকী যি সকল অন্যক মানোতা আছে তেওঁলোকে নুশুনিব। যিসকলে শিৱ আৰু দেৱতাসকলৰ ভক্তি কৰে তেওঁলোকহে আহিব। পোন প্ৰথমে মোৰো পূজা কৰে আকৌ পূজাৰী হৈ নিজৰো পূজা কৰে। সেয়েহে এতিয়া আনন্দিত হোৱা যে আমি পূজ্যৰ পৰা পূজাৰী হ’লোঁ এতিয়া পুনৰ পূজ্য হ’ম। কিমান আনন্দোৎসৱ পালন কৰে। ইয়াততো অল্পকালৰ কাৰণে আনন্দোৎসৱ পালন কৰে। তাততো তোমালোক সদায় আনন্দত থাকা। দীপমালা আদি লক্ষ্মীক আহ্বান কৰিবলৈ পালন কৰা নহয়। দীপমালা হয় কাৰোনেশ্বনৰ (ৰাজ অভিষেকৰ) সময়ত। বাকী এই সময়ত যিবোৰ উৎসৱ পালন কৰা হয় সেইবোৰ তাত নাথাকে। তাততো সুখেই সুখ। এয়া এটাই সময় যেতিয়া তোমালোকে আদি-মধ্য-অন্তক জানা। এই সকলোবোৰ পইণ্টচ্‌ লিখা। সন্ন্যাসীসকলৰ হৈছে হঠযোগ। এয়া হৈছে ৰাজযোগ। বাবাই কয় - এটো এটো পৃষ্ঠাত য’ত ত’তে শিৱবাবাৰ নাম নিশ্চয় থাকিব লাগে। শিৱবাবাই আমাক সন্তানসকলক বুজায়। নিৰাকাৰ আত্মাসকল এতিয়া সাকাৰত বহি আছে। গতিকে পিতায়ো সাকাৰত বুজাব নহয় জানো। তেওঁ কয় - নিজক আত্মা বুলি বুজি মোক স্মৰণ কৰা। শিৱ ভগৱানুৱাচ সন্তানসকলৰ প্ৰতি। নিজেই ইয়াত প্ৰেজেণ্ট (উপস্থিত) আছে নহয় জানো। মুখ্য মুখ্য পইণ্টচ্‌ কিতাপত এনেকৈ ক্লীয়াৰ (স্পষ্টকৈ) লিখা থাকিব লাগে যাতে পঢ়িলে আপোনাআপুনি জ্ঞান উদয় হয়। শিৱ ভগৱানুবাচ হ’লে পঢ়িবলৈ মজা লাগিব। এয়া বুদ্ধিৰ কাম নহয় জানো। বাবায়ো শৰীৰৰ লোণ লৈ পুনৰ শুনায় নহয় জানো, এওঁৰ আত্মায়ো শুনে। সন্তানসকলৰ বহুত নিচা থাকিব লাগে। পিতাৰ প্ৰতি বহুত ল’ভ (মৰম) থাকিব লাগে। এয়াতো তেওঁৰ ৰথ হয়, এইটো অনেক জন্মৰ অন্তৰ জন্ম হয়। এওঁৰ শৰীৰত প্ৰৱেশ কৰিলে। ব্ৰহ্মাৰ দ্বাৰা এই ব্ৰাহ্মণ হয় পুনৰ মনুষ্যৰ পৰা দেৱতা হয়। চিত্ৰ কিমান ক্লীয়াৰ (স্পষ্ট)। লাগিলে ওপৰত বা কাষত দ্বি-মুকুটধাৰী নিজৰো চিত্ৰ দিয়া। যোগবলেৰে আমি এনেকুৱা হওঁ। ওপৰত আছে শিৱবাবা। তেওঁক স্মৰণ কৰি কৰি মনুষ্যৰ পৰা দেৱতা হৈ যায়। একেবাৰে ক্লীয়াৰ (স্পষ্ট)। ৰঙীন চিত্ৰৰ কিতাপ এনেকুৱা হ’ব লাগে যাতে মনুষ্যই দেখি আনন্দিত হৈ যায়। তাতকৈ অলপ কম মূল্যৰো ছপা কৰিব পাৰা গৰিবসকলৰ বাবে। ডাঙৰ পৰা সৰু, সৰুতকৈ সৰু কৰিব পাৰা, ৰহস্য তাত আহি যাব। গীতাৰ ভগৱানৰ চিত্ৰখন হৈছে মুখ্য। সেই গীতাৰ ওপৰত কৃষ্ণৰ চিত্ৰ, এইখন গীতাৰ ওপৰত ত্ৰিমূৰ্তিৰ চিত্ৰ থাকিলে মনুষ্যক বুজাবলৈ সহজ হয়। প্ৰজাপিতা ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ ইয়াত আছে। প্ৰজাপিতা ব্ৰহ্মা সূক্ষ্মবতনতো থাকিব নোৱাৰে। এনেকৈ কয় যে ব্ৰহ্মা দেৱতায়ে নমঃ, বিষ্ণু দেৱতায়ে নমঃ এতিয়া দেৱতা কোন হ’ল! দেৱতাসকলেতো ইয়াত ৰাজত্ব কৰিছিল। ডেইটিজিমতো (দৈৱী ৰাজবংশতো) আছে নহয় জানো। গতিকে এই সকলোবোৰ ভালকৈ বুজাবলগীয়া হয়। ব্ৰহ্মাৰ পৰাই বিষ্ণু, বিষ্ণুৰ পৰা ব্ৰহ্মা দুয়ো ইয়াত আছে। চিত্ৰ আছে গতিকে বুজাব পৰা যায়। পোন প্ৰথমে অলফ্‌ক (পৰমপিতাক) সিদ্ধ কৰা তেতিয়া সকলো কথা সিদ্ধ হৈ যাব। পইণ্টচ্‌তো বহুত আছে বাকী সকলো ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ আহে। পিতাইতো স্থাপনা আৰু বিনাশ দুয়োটাই কৰোৱায়। সকলো ড্ৰামা অনুসৰিয়ে হয়। ব্ৰহ্মাই ক’ব পাৰেনে, বিষ্ণুৱে ক’ব পাৰেনে? সূক্ষ্মবতনত কি ক’ব। এই সকলোবোৰ বুজিবলগীয়া কথা। ইয়াত তোমালোকে বুজি পুনৰ উচ্চ শ্ৰেণীলৈ ট্ৰান্সফাৰ (স্থানান্তৰিত) হোৱা। কোঠাই অন্য পোৱা যায়। মূলবতনত কোনেওতো বহি যাব নালাগে। পুনৰ তাৰ পৰা ক্ৰমানুসৰি আহিবলগীয়া হয়। পোন প্ৰথমে মূল কথা এটাই আছে তাৰ ওপৰত জোৰ দিব লাগে। কল্পৰ পূৰ্বেও এনেকুৱা হৈছিল। এই চেমিনাৰ (সন্মিলন) আদিও এনেকৈয়ে কল্পৰ পূৰ্বেও হৈছিল। এনেকুৱা পইণ্টচ ওলাইছিল। আজিৰ দিনটো যি অতিবাহিত হ’ল ভাল হ’ল পুনৰ কল্পৰ পাচত এনেকৈয়ে হ’ব। এনেকৈ নিজৰ ধাৰণা কৰি দৃঢ় হৈ গৈ থাকা। বাবাই কৈছিল মেগাজিনতো (আলোচনীতো) প্ৰকাশ কৰা - এই যুদ্ধ লাগিল, নাথিং ন্যু (একো নতুন কথা নহয়)। 5 হাজাৰ বছৰ পূৰ্বেও এনেকৈয়ে হৈছিল। এই কথাবোৰ তোমালোকেহে বুজি পোৱা। বাহিৰৰ লোকে বুজিব নোৱাৰে। কেৱল ক’ব কথাবোৰতো ৱণ্ডাৰফুল (আশ্চৰ্যজনক) হয়। বাৰু, কেতিয়াবা গৈ বুজি ল’ম। শিৱ ভগৱানুবাচ সন্তানসকলৰ প্ৰতি। এনেকুৱা শব্দবোৰ থাকিলে তেতিয়া আহি বুজিবও। নাম লিখা আছে প্ৰজাপিতা ব্ৰহ্মাকুমাৰ-কুমাৰী। প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰাই ব্ৰাহ্মণ ৰৱে। ব্ৰাহ্মণ দেৱী-দেৱতা নমঃ বুলি কয় নহয় জানো। কোনসকল ব্ৰাহ্মণ? তোমালোকে ব্ৰাহ্মণসকলকো বুজাব পাৰা যে ব্ৰহ্মাৰ সন্তান কোন হয়? প্ৰজাপিতা ব্ৰহ্মাৰ ইমান সন্তান আছে, গতিকে নিশ্চয় এড’প্টেড (তোলনীয়া) হ'ব। যি নিজৰ কুলৰ হ’ব তেওঁলোকে ভালদৰে বুজিব। তোমালোকেতো পিতাৰ সন্তান হৈ গ’লা। পিতাই ব্ৰহ্মাকো এড’প্ট কৰে। নহ’লেতো শৰীৰধাৰী বস্তু ক’ৰ পৰা আহিল। ব্ৰাহ্মণে এই কথাবোৰ বুজিব, সন্ন্যাসীয়ে বুজি নাপাব। অজমেৰত ব্ৰাহ্মণ থাকে আৰু হৰিদ্বাৰত সন্ন্যাসীয়েই সন্ন্যাসী আছে। পাণ্ডা ব্ৰাহ্মণসকল হয়। কিন্তু তেওঁলোকতো ভোকাতুৰ হয়। কোৱা তোমালোক এতিয়া পাৰ্থিৱ পাণ্ডা হোৱা। এতিয়া আত্মিক পাণ্ডা হোৱা। তোমালোকৰো নাম পাণ্ডা হয়। পাণ্ডৱ সেনাকো বুজি নাপায়। বাবা হৈছে পাণ্ডৱৰ সেনাধ্যক্ষ। কয় হে সন্তানসকল মামেকম্‌ (মনেৰে কেৱল মোক) স্মৰণ কৰা তেতিয়া বিকৰ্ম বিনাশ হ’ব আৰু নিজৰ ঘৰলৈ গুচি যাবা। পাচত অমৰপুৰীৰ ডাঙৰ যাত্ৰা হ'ব। মূলবতনৰ কিমান ডাঙৰ যাত্ৰা হ'ব। সকলোৰে সকলো আত্মা যাব। যিদৰে মকৰাৰ জুম যায় নহয়। মাখিৰো ৰাণী আঁতৰি গ’লে পিছে পিছে সকলোবোৰ যায়। ৱণ্ডাৰ (আচৰিত) নহয়নে। আত্মাসকলো মহৰ সদৃশ যাব। শিৱৰ বৰযাত্ৰী আছে নহয়। তোমালোক সকলো হৈছা ব্ৰাইডচ (কইনা)। মই ব্ৰাইডগ্ৰুম (দৰা) আহিছোঁ সকলোকে লৈ যাবলৈ। তোমালোক ছিঃ ছিঃ হৈ গৈছা সেইবাবে অলংকৃত কৰি লগত লৈ যাম। যি অলংকৃত নহ’ব তেওঁলোকে শাস্তি খাব। যাবতো লাগিবই। কাশী কলৱততো মনুষ্য মৰিলে চেকেণ্ডত কিমান শাস্তি ভোগ কৰে। মনুষ্যই চিঞৰি থাকে। এয়াও এনেকুৱা, বুজি পায় যে মই যেন জন্ম-জন্মান্তৰৰ দুখ শাস্তি ভোগ কৰি আছোঁ। সেই দুখৰ ফিলিং (অনুভূতি) এনেকুৱা হয়। জন্ম-জন্মান্তৰৰ পাপৰ শাস্তি পায়। যিমান শাস্তি খাবা সিমানে পদ কম হৈ যাব সেইবাবে বাবাই কয় - যোগবলেৰে হিচাব-নিকাচ নিষ্পত্তি কৰা। স্মৃতিত থাকি জমা কৰি যোৱা। ন’লেজতো (জ্ঞানতো) বহুত সহজ। এতিয়া সকলো কর্ম জ্ঞানযুক্ত হৈ কৰিব লাগে। দানো পাত্ৰ চাই কৰিব লাগে। পাপ আত্মাক দিলে দিওঁতাজনৰ ওপৰতো তাৰ প্ৰভাৱ পৰি যায়। তেৱোঁ পাপ আত্মা হৈ যায়। এনেকুৱা লোকক কেতিয়াও দিব নালাগে, যিয়ে সেই পইচা লৈ গৈ কিবা পাপ আদি কৰে। পাপ আত্মাক দিওঁতাতো জগতত বহুত বহি আছে। এতিয়া তোমালোকেতো এনেকুৱা কৰিব নালাগে। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু গুডমৰ্ণিং। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) এতিয়া প্ৰতিটো কর্ম জ্ঞানযুক্ত হৈ কৰিব লাগে, পাত্ৰ চাইহে দান কৰিব লাগে। এতিয়া পাপ আত্মাৰ সৈতে কোনো পইচা আদিৰ লেন-দেন কৰিব নালাগে। যোগবলৰ দ্বাৰা সকলো পুৰণি হিচাব-নিকাচ নিষ্পত্তি কৰিব লাগে।

(2) অপাৰ আনন্দত থাকিবৰ বাবে নিজে নিজৰ সৈতে কথা পাতিব লাগে - বাবা, আপুনি আহিছে আমাক অপাৰ (অশেষ) আনন্দৰ খাজনা দিবলৈ, আপুনি আমাৰ আঁচল ভৰপূৰ কৰি আছে, আপোনাৰ সৈতে আমি প্ৰথমে শান্তিধামলৈ যাম তাৰপাচত নিজৰ ৰাজধানীলৈ আহিম……।

বৰদান:
কল্প কল্পৰ বিজয়ৰ স্মৃতিৰ আধাৰত মায়া শত্ৰুক আহ্বান কৰোঁতা মহাবীৰ বিজয়ী হোৱা

মহাবীৰ বিজয়ী সন্তানসকলে পেপাৰক (পৰিস্থিতিক) দেখি ভয়ভীত নহয় কিয়নো ত্ৰিকালদর্শী হোৱাৰ কাৰণে জানে যে আমি কল্প কল্পৰ বিজয়ী হওঁ। মহাবীৰে কেতিয়াও এনেকৈ ক’ব নোৱাৰে যে বাবা মোৰ ওচৰলৈ মায়াক নপঠিয়াবা - কৃপা কৰা, আশীৰ্বাদ কৰা, শক্তি দিয়া, কি কৰোঁ কিবা ৰাস্তা দেখুওৱাই দিয়া….. এয়াও দুৰ্বলতা হয়। মহাবীৰেতো শত্ৰুক আহ্বান কৰে যে আহা আৰু মই বিজয়ী হওঁ।

স্লোগান:
সময়ৰ সূচনা হ'ল - সমান হোৱা সম্পন্ন হোৱা।