21.06.20    Avyakt Bapdada     Assame Murli     16.02.86     Om Shanti     Madhuban


“*গ’ল্ডেন জুবিলীৰ গ’ল্ডেন সংকল্প*”


আজি ভাগ্য বিধাতা পিতাই নিজৰ চাৰিওফালৰ পদমাপদম ভাগ্যৱান সন্তানসকলক চাই আছেহঁক। প্ৰত্যেক সন্তানৰ মস্তকত ভাগ্যৰ চিকমিকাই থকা তৰা দেখি হৰ্ষিত হৈ আছে। গোটেই কল্পত এনেকুৱা কোনো পিতা থাকিব নোৱাৰে যাৰ ইমানবিলাক ভাগ্যৱান সন্তান থাকিব। ক্ৰমানুসৰি ভাগ্যৱান হোৱা সত্ত্বেও জগতৰ আজিকালিৰ শ্ৰেষ্ঠ ভাগ্যৰ তুলনাত লাষ্ট নম্বৰৰ ভাগ্যৱান সন্তানো অতি শ্ৰেষ্ঠ হয় সেইবাবে বেহদৰ বাপদাদাই সকলো সন্তানৰ ভাগ্যক লৈ গৌৰৱ কৰে। বাপদাদাইও সদায় বাঃ মোৰ ভাগ্যৱান সন্তানসকল, বাঃ একেই নিষ্ঠাতে মগন হৈ থাকোঁতা সন্তানসকল - এয়াই গীত গাই থাকে। বাপদাদাই আজি বিশেষ সকলো সন্তানৰ স্নেহ আৰু সাহস দুয়োটা বিশেষত্বৰ বাবে অভিনন্দন জনাবলৈ আহিছে।

প্ৰত্যেকেই যথা যোগ্য স্নেহৰ ৰিটাৰ্ণ (প্ৰতিদান) সেৱাত দেখুৱালে। একেই নিষ্ঠাৰে এজন পিতাক প্ৰত্যক্ষ কৰাৰ সাহস প্ৰত্যক্ষ ৰূপত দেখুৱালে। নিজৰ নিজৰ কাৰ্য উৎসাহ-উদ্দীপনাৰে সম্পন্ন কৰিলে। বাপদাদাই এই কাৰ্যৰ আনন্দৰ অভিনন্দন জনাই আছে। দেশ-বিদেশৰ সন্মুখত আহোঁতা বা দূৰৈত বহিও নিজৰ অন্তৰেৰে শ্ৰেষ্ঠ সংকল্পৰ দ্বাৰা বা সেৱাৰ দ্বাৰা সহযোগী হৈছে, গতিকে সকলো সন্তানক বাপদাদাই সদায় সফল হোৱাৰ, সদায় প্ৰত্যেক কাৰ্যত সম্পন্ন হোৱাৰ, সদায় প্ৰত্যক্ষ প্ৰমাণ হোৱাৰ বৰদান দি আছে। সকলোৰে স্ব-পৰিৱৰ্তনৰ, সেৱাত আৰু আগবাঢ়ি যোৱাৰ, শুভ উৎসাহ-উদ্দীপনাৰ প্ৰতিজ্ঞাবোৰ বাপদাদাই শুনিলে। শুনাইছিলোঁ নহয় - বাপদাদাৰ ওচৰত তোমালোকৰ সাকাৰ জগতৰ পৰা ব্যতিক্ৰমী শক্তিশালী টি.ভি. আছে। তোমালোকে কেৱল শৰীৰৰ এক্ট (কৰ্মকাণ্ড) চাব পাৰা। বাপদাদাই মনৰ সংকল্পকো চাব পাৰে। প্ৰত্যেকে যিয়েই ভূমিকা পালন কৰিলে সেই সকলো সংকল্প সহিত, মনৰ গতি-বিধি আৰু শৰীৰৰ গতি-বিধি দুয়োটাই দেখিলে, শুনিলে। কি দেখিলে বাৰু? আজিতো অভিনন্দন জনাবলৈ আহিছে সেয়েহে অন্য কথা আজি নুশুনাও। বাপদাদা আৰু লগতে তোমালোকৰ সকলো সেৱাৰ সংগী সন্তানসকলে এটা কথাত বহুত আনন্দৰ চাপৰি বজালে, হাত চাপৰি নহয়, আনন্দৰ চাপৰি বজালে, গোটেই সংগঠনত সেৱাৰ দ্বাৰা এতিয়াই পিতাক প্ৰত্যক্ষ কৰাওঁ, এতিয়াই বিশ্বত আৱাজ বিয়পি যাওক… এই এটা উৎসাহ-উদ্দীপনাৰ সংকল্প সকলোৰে একে আছিল। ভাষণ দিওঁতা হওক বা ভাষণ শুনোঁতা হওক বা যিকোনো স্থূল কাম কৰোঁতা হওক সকলোৰে এইটো সংকল্প আনন্দৰ ৰূপত ভাল আছিল সেইবাবে চাৰিওফালে আনন্দৰ ৰেঙনি, প্ৰত্যক্ষ কৰোৱাৰ উৎসাহ, বাতাৱৰণক আনন্দৰ লহৰত লৈ অহা বিধৰ আছিল। মেজৰিটিয়ে (অধিক সংখ্যকে) আনন্দ আৰু নিঃস্বাৰ্থ স্নেহ এইটো অনুভৱৰ প্ৰসাদ লৈ গ’ল সেইবাবে বাপদাদাও সন্তানসকলৰ আনন্দত আনন্দিত হৈ আছিল। বুজিলা।

গ’ল্ডেন জুবিলীও (সোণালী জয়ন্তীও) উদযাপন কৰিলা নহয়! এতিয়া আগলৈ কি উদযাপন কৰিবা? ডায়মণ্ড জুবিলী (হীৰক জয়ন্তী) ইয়াতেই উদযাপন কৰিবা নে নিজৰ ৰাজ্যত কৰিবা? গ’ল্ডেন জুবিলী কিয় উদযাপন কৰিলা? গ’ল্ডেন সৃষ্টি আনিবৰ বাবে উদযাপন কৰিলা নহয়। এই গ’ল্ডেন জুবিলীত কি শ্ৰেষ্ঠ গ’ল্ডেন সংকল্প কৰিলা? আনকতো গ’ল্ডেন থ’টচ (বিচাৰ) বহুত শুনালা। ভাল ভাল থ’টচ শুনালা। নিজৰ প্ৰতি কোনটো বিশেষ সোণালী সংকল্প কৰিলা? যাতে গোটেই বছৰ প্ৰতিটো সংকল্প, প্ৰতিটো মুহূৰ্ত গ’ল্ডেন হয়। মানুহেতো কেৱল গ’ল্ডেন মৰ্ণিং বা গ’ল্ডেন নাইট বুলি কৈ দিয়ে বা গ’ল্ডেন ইভিনিং বুলি কয়। কিন্তু তোমালোক সৰ্বশ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতিটো চেকেণ্ড গ’ল্ডেন হওক। গ’ল্ডেন চেকেণ্ড হওক, কেৱল গ’ল্ডেন মৰ্ণিং বা গ’ল্ডেন নাইট নহয়। সকলো সময়তে তোমালোকৰ দুয়োটি নয়নত গ’ল্ডেন সৃষ্টি আৰু গ’ল্ডেন লাইটৰ চুইট হোম হওক। সেয়া গ’ল্ডেন লাইট হয়, সেয়া গ’ল্ডেন সৃষ্টি হয়। এনেকুৱাই অনুভৱ হওক। স্মৃতিত আছে নহয় - আৰম্ভণিতে এখন চিত্ৰ তৈয়াৰ কৰা হৈছিল। এটা চকুত মুক্তি, আনটো চকুত জীৱনমুক্তি। এইটো অনুভৱ কৰোৱা, এয়াই গ’ল্ডেন জুবিলীৰ গ’ল্ডেন সংকল্প। এনেকুৱা সংকল্প সকলোৱে কৰিলানে নে কেৱল দৃশ্য দেখিয়েই আনন্দিত হৈ থাকিলা। গ’ল্ডেন জুবিলী এইটো শ্ৰেষ্ঠ কাৰ্যৰ বাবে। কাৰ্যৰ নিমিত্ত তোমালোক সকলো এই কাৰ্যৰ সংগী হোৱা। কেৱল সাক্ষী হৈ চাওঁতা নোহোৱা, সংগী হোৱা। বিশ্ব বিদ্যালয়ৰ গ’ল্ডেন জুবিলী। লাগিলে এদিনৰে বিদ্যাৰ্থী হওক। তেওঁলোকৰো গ’ল্ডেন জুবিলী হয়। আৰুহে তৈয়াৰ কৰি থোৱা জুবিলীত আহি উপস্থিত হৈছাহি। তৈয়াৰ কৰাৰ পৰিশ্ৰম এওঁলোকে কৰিলে আৰু উদযাপনৰ সময়ত তোমালোক সকলো আহি উপস্থিত হ’লা। গতিকে সকলোৰে প্ৰতি বাপদাদাইও গ’ল্ডেন জুবিলীৰ শুভেচ্ছা জনাইছে। সকলোৱে এনেকৈ ভাবা নহয়! কেৱল চাওঁতাতো নোহোৱা নহয়! তেনেকৈ নিজকে গঢ়ি তোলোঁতা হোৱা নে চাওঁতা হোৱা! জগতততো বহুতেই কিবা কিবি দেখিলা কিন্তু ইয়াত চোৱা অৰ্থাৎ তেনেকৈ নিজকে গঢ়ি তোলা। শুনা অৰ্থাৎ তেনেকুৱা হৈ যোৱা। তেন্তে কি সংকল্প কৰিলা? প্ৰতিটো চেকেণ্ড গ’ল্ডেন হওক। প্ৰতিটো সংকল্প গ’ল্ডেন হওক। সদায় প্ৰত্যেক আত্মাৰ প্ৰতি স্নেহৰ, আনন্দৰ সোণালী পুষ্প বৰষাই থাকা। লাগিলে শত্ৰুৱে হওক কিন্তু স্নেহৰ বৰ্ষাই শত্ৰুকো মিত্ৰ কৰি দিব। লাগিলে কোনোবাই তোমালোকক মান দিয়ক বা মানক বা নামানক। কিন্তু তোমালোকে সদায় স্বমানত থাকি আনকো স্নেহী দৃষ্টিৰে, স্নেহী বৃত্তিৰে আত্মিক মান দি গৈ থাকিবা। তেওঁলোকে মানক বা নামানক কিন্তু তোমালোকে তেওঁলোকক মৰমৰ ভাতৃ, মৰমৰ ভগ্নী বুলি মানি চলিবা। তেওঁলোকে নামানে তোমালোকেতো মানিব পাৰা নহয় জানো। তেওঁলোকে পাথৰ দলিয়াওক তোমালোকে ৰত্ন দিয়া। তোমালোকেও পাথৰ নদলিয়াবা কিয়নো তোমালোক ৰত্নাকৰ পিতাৰ সন্তান হোৱা। ৰত্নৰ খনিৰ মালিক হোৱা। মাল্টি-মাল্টি-মাল্টি মিলিয়নাৰ হোৱা। ভিক্ষাৰী নোহোৱা যে এনেকৈ ভাবিবা তেওঁ দিয়ক তেতিয়া দিম। এয়া ভিক্ষাৰীৰ সংস্কাৰ। দাতাৰ সন্তানসকলে কেতিয়াও ল’বৰ বাবে হাত আগনবঢ়ায়। বুদ্ধিৰেও এইটো সংকল্প কৰাতো যে এওঁ কৰক তেতিয়া মই কৰিম, এওঁ স্নেহ দিয়ক তেতিয়া মই দিম। এওঁ মান দিয়ক তেতিয়া মই দিম। এয়াও হাত পতা হ’ল। এয়াও ৰ’য়েল ভিক্ষাৰী স্বভাৱ হয়, এই ক্ষেত্ৰত নিষ্কাম যোগী হোৱা, তেতিয়াহে গ’ল্ডেন সৃষ্টিৰ আনন্দৰ লহৰ বিশ্বলৈকে বিয়পিব। যিদৰে বিজ্ঞানৰ শক্তিয়ে সমগ্ৰ বিশ্বক সমাপ্ত কৰাৰ বহুত শক্তিশালী সামগ্ৰী তৈয়াৰ কৰিছে, যাতে অলপ সময়তে কাৰ্য সমাপ্ত হৈ যায়। বিজ্ঞানৰ শক্তিয়ে এনেকুৱা ৰিফাইন (পৰিশোধিত) বস্তু তৈয়াৰ কৰি আছে। তোমালোক জ্ঞানৰ শক্তিধাৰীসকলে এনেকুৱা শক্তিশালী বৃত্তি আৰু বায়ুমণ্ডল গঢ়ি তোলা যাতে অলপ সময়তে চাৰিওফালে আনন্দৰ লহৰ, সৃষ্টিৰ শ্ৰেষ্ঠ ভৱিষ্যতৰ লহৰ, অতি সোনকালে বিয়পি যায়। জগতৰ আধা এতিয়া মৰি পৰি আছে। ভয়ৰ মৃত্যু শয্যাত শুই আছে। তেওঁলোকক আনন্দৰ লহৰ ৰূপী অক্সিজেন দিয়া। এইটোৱে গ’ল্ডেন জুবিলীৰ গ’ল্ডেন সংকল্প সদায় ইমাৰ্জ (জাগ্ৰত) ৰূপত থাকক। বুজিলা - কি কৰিব লাগে। এতিয়া গতি আৰু তীব্ৰ কৰিব লাগিব। এতিয়ালৈকে যি কৰিলা সেয়াও বহুত ভাল কৰিলা। এতিয়া আগলৈ আৰু ভালতকৈও ভাল কৰি যোৱা। বাৰু।

ডবল বিদেশীসকলৰ বহুত উদ্দীপনা আছে। এতিয়াতো ডবল বিদেশীৰে চাঞ্চ (সুযোগ)। বহুত আহি উপস্থিত হৈয়ো গ’লা! বুজিলা! এতিয়া সকলোকে আনন্দৰ ট’লি (প্ৰসাদ) খুওৱা। ‘দিল খুচ’ মিঠাই থাকে নহয়। গতিকে খুব ‘দিল খুচ’ মিঠাই বিলোৱা। বাৰু - সেৱাধাৰীসকলো আনন্দত নাচি আছা নহয়! নাচিলে ভাগৰ আঁতৰি যায়। তেন্তে সেৱা কৰিলা নে আনন্দৰ নৃত্য সকলোকে দেখুৱালা? কি কৰিলা? ডান্স দেখুৱালা নহয়! বাৰু!

সৰ্বশ্ৰেষ্ঠ ভাগ্যৱান, বিশেষ আত্মাসকলক, প্ৰতিটো চেকেণ্ড, প্ৰতিটো সংকল্প সোণালী কৰি তোলোঁতা সকলো আজ্ঞাকাৰী সন্তানসকলক, সদায় দাতাৰ সন্তান হৈ সকলোৰে আঁচল ভৰপূৰ কৰোঁতা, সম্পন্ন সন্তানসকলক, সদায় বিধাতা আৰু বৰদাতা হৈ সকলোকে মুক্তি আৰু জীৱন মুক্তিৰ প্ৰাপ্তি কৰাওঁতা সদায় ভৰপূৰ সন্তানসকলৰ প্ৰতি বাপদাদাৰ সোণালী স্নেহৰ সোণালী আনন্দৰ পুষ্প সহিত স্নেহপূৰ্ণ স্মৰণ, শুভেচ্ছা আৰু নমস্কাৰ।

পাৰ্টিসকলৰ প্ৰতি:- সদায় পিতা আৰু উত্তৰাধিকাৰ দুয়োটা স্মৃতিত থাকেনে? পিতাৰ স্মৃতিয়ে স্বতঃ উত্তৰাধিকাৰৰো স্মৃতি আনি দিয়ে আৰু উত্তৰাধিকাৰ স্মৃতিত থাকিলে তেতিয়া পিতাৰ স্মৃতি স্বতঃ থাকে। পিতা আৰু উত্তৰাধিকাৰ দুয়োটা একেলগে থাকে। পিতাক স্মৰণ কৰে উত্তৰাধিকাৰৰ বাবে। যদি উত্তৰাধিকাৰ প্ৰাপ্তি নহয় তেন্তে পিতাকো কিয় স্মৰণ কৰিব। গতিকে পিতা আৰু উত্তৰাধিকাৰ এইটো স্মৃতিয়েই সদায় ভৰপূৰ কৰি তোলে। খাজনাৰে ভৰপূৰ আৰু দুখ যন্ত্ৰণাৰ পৰা দূৰ। দুয়োটাই লাভজনক। দুখৰ পৰা দূৰ হৈ যায় আৰু খাজনাৰে ভৰপূৰ হৈ যায়। সদাকালৰ বাবে এনেকুৱা প্ৰাপ্তি পিতাৰ বাহিৰে আন কোনেও কৰাব নোৱাৰে। এইটো স্মৃতিয়েই সদায় সন্তুষ্ট, সম্পন্ন কৰি তুলিব। যিদৰে পিতা সাগৰ হয়, সদায় ভৰপূৰ হয়। যিমানেই সাগৰক শুকাওক তথাপিও সাগৰ সমাপ্ত নহ’ব। সাগৰ সম্পন্ন হয়। গতিকে তোমালোক সকলো সদায় সম্পন্ন আত্মা হোৱা নহয়। খালী হৈ গ’লে তেতিয়া ক’ৰবাত ল’বৰ বাবে হাত পাতিবলগীয়া হ’ব। কিন্তু ভৰপূৰ আত্মা সদায়েই আনন্দৰ দোলনাত দুলি থাকে, সুখৰ দোলনাত দুলি থাকে। তেন্তে এনেকুৱা শ্ৰেষ্ঠ আত্মা হৈ গলা। সদায় সম্পন্ন হৈ থাকিবই লাগে। চেক (পৰীক্ষা) কৰা যে প্ৰাপ্ত হোৱা শক্তিসমূহৰ খাজনা কিমানলৈকে কাৰ্যত খটুৱাইছা?

সদায় সাহস আৰু উদ্দীপনাৰ ডেউকাৰে উৰি থাকা আৰু আনকো উৰুৱাই থাকা। সাহস আছে উৎসাহ-উদ্দীপনা নাই তেতিয়াও সফলতা নহয়। উদ্দীপনা আছে সাহস নাই তেতিয়াও সফলতা নহয়। দুয়োটা একেলগে থাকিলে তেতিয়া উৰন্ত কলা হয় সেইবাবে সদায় সাহস আৰু উদ্দীপনাৰ ডেউকাৰে উৰি থাকা। বাৰু।

অব্যক্ত মুৰুলীৰ পৰা নিৰ্বাচিত অমূল্য মহাবাক্য

108 ৰত্নৰ বৈজয়ন্তী মালাত আহিবৰ বাবে সংস্কাৰ মিলনৰ ৰাস কৰা

1) যিকোনো মালা যেতিয়া গাঁঠে তেতিয়া এটা মণি আনটো মণিৰ লগত মিলি থাকে। বৈজয়ন্তী মালাতো লাগিলে কোনোবা 108তম নম্বৰৰ হওক কিন্তু মণি মণিৰ লগত মিলি থাকে। গতিকে সকলোৱে এইটো উপলব্ধি কৰক যে এওঁলোকতো মালাত গুঁঠি থোৱা মণি হয়। ভেৰাইটি (বিভিন্ন) সংস্কাৰ থকা সত্ত্বেও সমীপতা দেখা দিয়ক।

2) ইজনে সিজনৰ সংস্কাৰক জানি, ইজন সিজনৰ স্নেহত, ইজনে সিজনৰ সৈতে মিলি-জুলি থকা - এয়া হৈছে মালাৰ মণিবোৰৰ বিশেষত্ব। কিন্তু ইজন সিজনৰ স্নেহী তেতিয়া হ’বা যেতিয়া সংস্কাৰ আৰু সংকল্পক ইজনে সিজনৰ লগত মিলাবা, ইয়াৰ বাবে সৰলতাৰ গুণ ধাৰণ কৰা।

3) এতিয়ালৈকে স্তুতিৰ (প্ৰশংসাৰ) আধাৰত স্থিতি হৈ আছে, যি কৰ্ম কৰা তাৰ ফলৰ ইচ্ছা থাকে, স্তুতি নকৰিলে তেন্তে স্থিতি নাথাকে। নিন্দা কৰিলে তেতিয়া গৰাকীক (ঈশ্বৰক) পাহৰি গৰাকী বিহীন হৈ যোৱা। তেতিয়া সংস্কাৰৰ সংঘৰ্ষ আৰম্ভ হৈ যায়। এই দুটা কথাই মালাৰ পৰা বাহিৰ কৰি দিয়ে। সেইবাবে স্তুতি আৰু নিন্দা দুয়োটাতে স্থিতি সমান কৰি তোলা।

4) সংস্কাৰ মিলনৰ বাবে য’ত মালিক হৈ চলিব লাগে ত’ত বালক হ’ব নালাগে আৰু য’ত বালক হ’ব লাগে ত’ত মালিক হ’ব নালাগে। বালকভাৱ অৰ্থাৎ সংকল্প ৰহিত অৱস্থা। যিয়েই আজ্ঞা পোৱা যায়, ডাইৰেক্সন (নিৰ্দেশনা) পোৱা যায় সেই মতে চলিবা। মালিক হৈ নিজৰ ৰায় দিয়া আকৌ বালক হৈ যোৱা তেতিয়া সংঘৰ্ষৰ পৰা হাত সাৰি যাবা।

5) ছাৰ্ভিচত (সেৱাত) সফলতাৰ আধাৰ হ’ল নম্ৰতা। যিমান নম্ৰতা সিমান সফলতা। নম্ৰতা আহে নিমিত্ত বুলি ভাবিলে। নম্ৰতাৰ গুণৰ বাবে সকলোৱে নমন কৰে। যিয়ে নিজে নতশিৰ হয় তেওঁৰ আগত সকলো নতশিৰ হয়। সেয়েহে শৰীৰক নিমিত্ত মাত্ৰ বুলি ভাবি চলা আৰু ছাৰ্ভিচত নিজকে নিমিত্ত বুলি ভাবি চলা তেতিয়া নম্ৰতা আহিব। য’ত নম্ৰতা আছে ত’ত সংঘৰ্ষ হ’ব নোৱাৰে। স্বতঃ সংস্কাৰ মিলন হৈ যাব।

6) মনত যিয়েই সংকল্প উদয় হয় তাত সত্যতা আৰু স্বচ্ছতা থকা উচিত। ভিতৰত কোনো বিকৰ্মৰ আৱৰ্জনা যাতে নাথাকে। যিকোনো ভাৱ-স্বভাৱ, পুৰণা সংস্কাৰৰো আৱৰ্জনা যাতে নাথাকে। যি এনেকুৱা স্বচ্ছ হ’ব তেওঁ সৎ হ’ব আৰু যি সৎ হ’ব তেওঁ সকলোৰে প্ৰিয় হ’ব। সকলোৰে প্ৰিয় হৈ যোৱা তেতিয়া সংস্কাৰ মিলনৰ ৰাস হৈ যাব। সত্যনিষ্ঠসকলৰ ওপৰত চাহেব (প্ৰভু) সন্তুষ্ট হয়।

7) সংস্কাৰ মিলনৰ ৰাস কৰিবৰ বাবে নিজৰ নেচাৰ (স্বভাৱ) ইজি (সহজ) আৰু এক্টিভ (কৰ্মঠ) কৰি তোলা। ইজি অৰ্থাৎ নিজৰ পুৰুষাৰ্থত, সংস্কাৰত গধুৰতা (বোজাভাৱ) যাতে নাথাকে। ইজি হ’লে তেন্তে এক্টিভ হয়। ইজি হৈ থাকিলে সকলো কাৰ্যও ইজি, পুৰুষাৰ্থও ইজি হৈ যায়। নিজে ইজি নহ’লে কঠিনতাৰ সন্মুখীন হ’বলগীয়া হয়। তেতিয়া নিজৰ সংস্কাৰ, নিজৰ দুৰ্বলতাবোৰ কঠিনতাৰ ৰূপত দেখিবলৈ পোৱা যায়।

8) সংস্কাৰ মিলনৰ ৰাস তেতিয়া হ’ব যেতিয়া প্ৰত্যেকৰে বিশেষত্বক চাবা আৰু নিজক বিশেষ আত্মা বুলি বুজি বিশেষত্বৰে সম্পন্ন হ’বা। এয়া মোৰ সংস্কাৰ হয়, এই “মোৰ সংস্কাৰ” কথাষাৰো নোহোৱা হৈ যাওক। ইমানলৈকে নোহোৱা কৰিব লাগে যাতে নেচাৰো (স্বভাৱো) সলনি হৈ যায়। যেতিয়া প্ৰত্যেকৰে নেচাৰ সলনি হ’ব তেতিয়া তোমালোকৰ অব্যক্ত ফিচাৰ্চ (চাৰিত্ৰিক বৈশিষ্ট) গঢ় লৈ উঠিব।

9) বাপদাদাই সন্তানসকলক বিশ্ব মহাৰাজন কৰি তোলাৰ পাঠ পঢ়ায়। বিশ্ব মহাৰাজন হ’বলগীয়াসকল সকলোৰে স্নেহী হ’ব। যিদৰে পিতা সকলোৰে স্নেহী আৰু সকলো তেওঁৰ স্নেহী হয়, সেইদৰে প্ৰত্যেকৰে ভিতৰৰ পৰা তেওঁৰ প্ৰতি স্নেহৰ ফুল বৰষিব। যেতিয়া ইয়াত স্নেহৰ ফুল বৰষিব তেতিয়া জড় চিত্ৰবোৰৰ ওপৰতো ফুল বৰষিব। গতিকে লক্ষ্য ৰাখা যে সকলোৰে স্নেহৰ পুষ্পৰ পাত্ৰ হৈ যাওঁ। সহযোগ দিলে তেতিয়া স্নেহ প্ৰাপ্ত হ’ব।

10) সদায় এইটোৱে লক্ষ্য ৰাখা যে আমাৰ চলনৰ দ্বাৰা কোনেও যাতে দুখ নাপায়। মোৰ চলন, সংকল্প, বাণী আৰু প্ৰতিটো কৰ্ম সুখদায়ী হওক। এয়া হ’ল ব্ৰাহ্মণ কুলৰ ৰীতি, এইটো ৰীতি নিজৰ কৰি লোৱা তেতিয়া সংস্কাৰ মিলনৰ ৰাস হৈ যাব।

বৰদান:
ঈশ্বৰীয় ৰ’য়েল্টিৰ (মৰ্যাদাপূৰ্ণ) সংস্কাৰৰ দ্বাৰা প্ৰত্যেকৰে বিশেষত্বৰ বৰ্ণনা কৰোঁতা পূণ্য আত্মা হোৱা

সদায় নিজকে বিশেষ আত্মা বুলি বুজি প্ৰতিটো সংকল্প বা কৰ্ম কৰা আৰু প্ৰত্যেকৰে বিশেষত্বক চোৱা, বৰ্ণনা কৰা, সকলোৰে প্ৰতি বিশেষ কৰি তোলাৰ শুভ কল্যাণৰ কামনা ৰখা – এয়াই হৈছে ঈশ্বৰীয় ৰ’য়েল্টি। ৰ’য়েল আত্মাসকলে আনৰ পৰিত্যক্ত বস্তু নিজৰ মাজত ধাৰণ কৰিব নোৱাৰে সেইবাবে সদায় যাতে এটেঞ্চন (মনোযোগ) থাকে যে কাৰোবাৰ দুৰ্বলতা বা অৱগুণক চোৱাৰ নেত্ৰ সদায় বন্ধ হৈ থাকে। ইজনে সিজনৰ গুণ গান কৰা, স্নেহ, সহযোগৰ পুষ্পৰ লেনদেন কৰা - তেতিয়া পুণ্য আত্মা হৈ যাবা।

স্লোগান:
বৰদানৰ শক্তিয়ে পৰিস্থিতি ৰূপী অগ্নিকো পানী কৰি দিয়ে।


সূচনা: আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, তৃতীয় ৰবিবাৰ, সন্ধিয়া 6.30 বজাৰ পৰা 7.30 বজালৈ সকলো ভাতৃ ভগ্নীয়ে সংগঠিত ৰূপত একত্ৰিত হৈ যোগ অভ্যাসত অনুভৱ কৰক যে মই ভ্ৰুকুটিৰ আসনত বিৰাজমান পৰমাত্ম শক্তিৰে সম্পন্ন সৰ্বশ্ৰেষ্ঠ ৰাজযোগী আত্মা কৰ্মেন্দ্ৰিয়জিৎ, বিকৰ্মজিৎ হওঁ। গোটেই দিন এইটো স্বমানত থাকা যে গোটেই কল্পত হিৰ’ পাৰ্ট (মুখ্য ভাৱৰীয়াৰ ভূমিকা) পালন কৰোঁতা মই সৰ্বশ্ৰেষ্ঠ মহান আত্মা হওঁ।