ওঁম্ শান্তি। আত্মিক পিতাই বহি আত্মিক সন্তানসকলক বুজায়, এইটোতো সন্তানসকলে জানে যে এতিয়া আমি শিৱবাবাৰ মতত চলি আছোঁ। তেওঁৰ হৈছে উচ্চতকৈ উচ্চ মত। জগতৰ লোকে এইটো নাজানে যে উচ্চতকৈও উচ্চ শিৱবাবাই কেনেকৈ সন্তানসকলক শ্ৰেষ্ঠ কৰি তুলিবলৈ শ্ৰেষ্ঠ মত দিয়ে। এই ৰাৱণ ৰাজ্যত কোনো মনুষ্য মাত্ৰই আন মনুষ্যক শ্ৰেষ্ঠ মত দিব নোৱাৰে। তোমালোক এতিয়া ঈশ্বৰীয় মতধাৰী হৈছা। এই সময়ত তোমালোক সন্তানসকলে পতিতৰ পৰা পাৱন হ’বৰ কাৰণে ঈশ্বৰীয় মত লাভ কৰি আছা। এতিয়া তোমালোকে গম পাইছা যে আমিতো বিশ্বৰ মালিক আছিলোঁ। এওঁ (ব্ৰহ্মা) যি মালিক আছিল তেৱোঁ নাজানিছিল। বিশ্বৰ মালিক আকৌ একেবাৰে পতিত হৈ যায়। এই খেলখন বহুত ভালকৈ বুদ্ধিৰে বুজিবলগীয়া হয়। ৰাইট-ৰং (শুদ্ধ-অশুদ্ধ) কি হয়, ইয়াতেই বুদ্ধিৰ যুঁজ হয়। গোটেই জগতখনেই ৰং (অশুদ্ধ)। এজন পিতাই হৈছে ৰাইট (শুদ্ধ), সত্য কওঁতা। তেওঁ তোমালোকক সত্যখণ্ডৰ মালিক কৰি তোলে সেয়েহে তেওঁৰ মত ল’ব লাগে। নিজৰ মতত চলিলে ঠগ খাবা। কিন্তু তেওঁ হৈছে গুপ্ত। হয়ো নিৰাকাৰ। বহুত সন্তানে গাফিলতি কৰে, এনেকৈ ভাবে যে এয়াতো দাদা (ব্ৰহ্মা বাবা)ৰ মত। মায়াই শ্ৰেষ্ঠ মত ল'বলৈ নিদিয়ে। শ্ৰীমতত চলিব লাগে নহয় জানো। বাবা আপুনি যি ক'ব সেয়া আমি নিশ্চয় মানিম। কিন্তু কোনেও নামানে। পুৰুষাৰ্থৰ ক্ৰম অনুসাৰে মতত চলে, বাকীবোৰেতো নিজৰ মতত চলি থাকে। বাবা আহিছে শ্ৰেষ্ঠ মত দিবলৈ। এনেকুৱা পিতাক বাৰে বাৰে পাহৰি যায়। মায়াই মত (শ্ৰীমত) ল'বলৈ নিদিয়ে। শ্ৰীমততো বহুত সহজ নহয় জানো। জগতত কোনেও এইটো বুজি নাপায় যে আমি তমোপ্ৰধান হওঁ। মোৰ মততো প্ৰসিদ্ধ হয়, শ্ৰীমদ্ভাগৱত গীতা। ভগৱানে এতিয়া কয় - মই 5 হাজাৰ বছৰৰ পাচত আহোঁ, আহি ভাৰতক শ্ৰীমত দি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ কৰি তোলোঁ। পিতাইতো সাৱধান কৰে, সন্তানসকল শ্ৰীমতত নচলে। পিতাই নিতৌ বুজাই থাকে – সন্তানসকল, শ্ৰীমত চলিবলৈ নাপাহৰিবা। এই (ব্ৰহ্মা)ৰতো কথাই নহয়। তেওঁৰ (শিৱবাবাৰ) মত বুলি বুজিবা। তেৰ্ৱেঁই এওঁৰ দ্বাৰা মত দিয়ে। তেৱেঁই বুজায়। খোৱা-বোৱা নকৰে, কয় - মই অভোক্তা হওঁ। তোমালোক সন্তানসকলক শ্ৰীমত দিওঁ। নাম্বাৰ ৱান (এক নম্বৰৰ) মত দিয়ে - মোক স্মৰণ কৰা। কোনো বিকৰ্ম নকৰিবা। নিজৰ অন্তৰক সোধা - কিমান পাপ কৰিছোঁ? এইটোতো জানা যে সকলোৰে পাপৰ কলহ ভৰ্তি হৈ আছে। এই সময়ত সকলো ৰং (ভুল) ৰাস্তাত আছে। তোমালোকে এতিয়া পিতাৰ দ্বাৰা ৰাইট (শুদ্ধ) ৰাস্তা পাইছা। তোমালোকৰ বুদ্ধিত গোটেই জ্ঞান আছে। গীতাত যি জ্ঞান থাকিব লাগে সেয়া নাই। সেয়া কোনো পিতাৰ দ্বাৰা ৰচিত নহয়। এয়াও ভক্তি মাৰ্গত নিৰ্ধাৰিত হৈ আছে। এনেকৈ কয়ো যে ভগৱান আহি ভক্তিৰ ফল দিব। সন্তানসকলক বুজাইছোঁ - জ্ঞানৰ দ্বাৰা সৎগতি। সৎগতিও সকলোৰে হয় আৰু দুৰ্গতিও সকলোৰে হয়। এই সৃষ্টিখনেই তমোপ্ৰধান হয়। সতোপ্ৰধান কোনো নাই। পুনৰ্জন্ম লৈ লৈ এতিয়া অন্তিম অৱস্থাত আহি পাইছেহি। এতিয়া মৃত্যু সকলোৰে শিৰত থিয় হৈ আছে। ভাৰতৰেই কথা। গীতাও হৈছে ‘দেৱী-দেৱতা’ ধৰ্মৰ শাস্ত্ৰ। তেন্তে তোমালোক আন বেলেগ ধৰ্মলৈ গ’লে কি লাভ। সকলোৱে নিজৰ নিজৰ কোৰাণ, বাইবেল আদিয়েই পঢ়ে। নিজৰ ধৰ্মক জানে। কেৱল ভাৰতবাসীয়েহে আন ধৰ্মলৈ গুচি যায়। অন্য সকলো নিজৰ নিজৰ ধৰ্মত অটল (দৃঢ়) হয়। প্ৰত্যেক ধৰ্মৰ লোকৰ চেহেৰা আদি বেলেগ বেলেগ হয়। পিতাই মনত পেলাই দিয়ে – সন্তানসকল, তোমালোকে নিজৰ দেৱী-দেৱতা ধৰ্মক পাহৰি গ'লা। তোমালোক স্বৰ্গৰ দেৱতা আছিলা, "আমিয়েই সেয়া আছিলোঁ” ইয়াৰ অৰ্থ পিতাই ভাৰতবাসীক শুনাইছে। বাকী আমি আত্মাই পৰমাত্মা নহয়। এই কথাবিলাকতো ভক্তি মাৰ্গৰ গুৰুসকলে ৰচনা কৰিছে। গুৰুও কোটিৰ হিচাপত হ'ব। স্ত্ৰীক স্বামীৰ কাৰণে কোৱা হয় যে এওঁ তোমাৰ গুৰু ঈশ্বৰ হয়। যদি পতিয়েই ঈশ্বৰ হয় তেন্তে আকৌ ‘হে ভগৱান’, ‘হে ৰাম’ বুলি কিয় কোৱা। মনুষ্যৰ বুদ্ধি একেবাৰে পাথৰৰ হৈ গ'ল। এওঁ (ব্ৰহ্মা বাবাই) নিজেও কয় ময়ো এনে আছিলোঁ। ক'ত বৈকুণ্ঠৰ মালিক শ্ৰীকৃষ্ণ আৰু ক'ত আকৌ তেওঁক গাওঁৰ ল'ৰা বুলি কৈ দিছে। শ্যাম-সুন্দৰ বুলি কয়। অৰ্থ বুজি পাই জানো। এতিয়া পিতাই তোমালোকক বুজাইছে যে যি নাম্বাৰ ৱান (এক নম্বৰৰ) সুন্দৰ হয় তেৱেঁই লাষ্ট নাম্বাৰ (শেষ নম্বৰৰ) তমোপ্ৰধান শ্যাম বৰণীয়া হৈছে। তোমালোকে বুজি পোৱা যে আমি সুন্দৰ আছিলোঁ পুনৰ শ্যাম বৰণীয়া হলোঁ, 84 ৰ চক্ৰ পৰিক্ৰমা লগাই এতিয়া শ্যামৰ পৰা সুন্দৰ হ'বৰ বাবে পিতাই এটাই ঔষধ দিয়ে যে মোক স্মৰণ কৰা। তোমালোক আত্মাসকল পতিতৰ পৰা পাৱন হৈ যাবা। তোমালোকৰ জন্ম-জন্মান্তৰৰ পাপ নাশ হৈ যাব।
তোমালোকে জানা যে যেতিয়াৰ পৰা ৰাৱণ আহিছে তেতিয়াৰ পৰাই তোমালোক অৱনতি হৈ হৈ পাপ আত্মা হৈ গৈছা। এইখন হৈছেই পাপ আত্মাৰ জগত। এজনো সুন্দৰ নাই। পিতাৰ বাহিৰে কোনেও সুন্দৰ কৰি গঢ়িব নোৱাৰে। তোমালোক স্বৰ্গবাসী সুন্দৰ হ'বলৈ আহিছা। এতিয়া নৰকবাসী শ্যাম বৰণীয়া কাৰণ কাম চিতাত উঠি ক’লা হৈ গৈছা। পিতাই কয় - কাম মহাশত্ৰু হয়। ইয়াৰ ওপৰত যিয়ে জয়ী হ'ব তেওঁলোকেই জগতজিৎ হ’বগৈ। নাম্বাৰ ৱান হৈছে কাম। কামীকে (বিকাৰ গ্ৰস্ত) পতিত বুলি কোৱা হয়। ক্ৰোধীক পতিত বুলি কোৱা নহ’ব। আহ্বানো কৰে যে আহি পতিতৰ পৰা পাৱন কৰি তোলা। সেইবাবে এতিয়া পিতা আহিছে আৰু কয় যে এই অন্তিম জন্ম পাৱন হোৱা। যেনেকৈ ৰাতিৰ পাচত দিন, দিনৰ পাচত ৰাতি হয়, তেনেকৈ সঙ্গমযুগৰ পাচত আকৌ সত্যযুগ আহিব। চক্ৰ ঘূৰিব। বাকী আকাশত বা পাতালত অন্য কোনো জগত নাই। সৃষ্টিতো এইখনেই। সত্যযুগ, ত্ৰেতা.... ইয়াতেই আছে। বৃক্ষও এজোপাই, আৰু বেলেগ থাকিব নোৱাৰে। অনেক সৃষ্টি আছে বুলি যি কয় সেই সকলোবোৰ মিছা কথা। পিতাই কয় - এই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ কথা। এতিয়া পিতাই সত্য কথা শুনায়। এতিয়া নিজৰ ভিতৰত চোৱা - মই কিমানলৈ শ্ৰীমতত চলি সতোপ্ৰধান অৰ্থাৎ পুণ্য আত্মা হৈছোঁ? সতোপ্ৰধানক পুণ্য আত্মা, তমোপ্ৰধানক পাপ আত্মা বুলি কোৱা হয়। বিকাৰত যোৱাটো পাপ হয়। পিতাই কয় - এতিয়া পবিত্ৰ হোৱা। মোৰ হৈছা যেতিয়া তেন্তে মোৰ শ্ৰীমতত চলিব লাগিব। মুখ্য কথা হৈছে কোনো পাপ নকৰিবা। নাম্বাৰ ৱান পাপ হৈছে বিকাৰত যোৱাতো। আকৌ অন্য পাপো বহুত হয়। চুৰি-ডকাইটি, ঠগ-প্ৰবঞ্চনা আদি বহুত কৰে। আকৌ বহুতক চৰকাৰে ধৰেও। এতিয়া পিতাই সন্তানসকলক কয় - তোমালোকে নিজৰ অন্তৰক সোধা - মই কোনো পাপতো নকৰোঁ? এনেকৈ নাভাবিবা যে মই চুৰ কৰিলোঁ বা ঘোচ খালোঁ (উপঢৌকন ললোঁ) এই বাবাতো সৰ্বজ্ঞ হয়, সকলো জানে। নহয়, সৰ্বজ্ঞৰ অৰ্থ এইটো নহয়। বাৰু, কোনোবাই চুৰি কৰিলে, পিতাই সেয়া জানিব নেকি? যিয়ে চুৰ কৰিলে তেওঁৰ দণ্ড এশ গুণ হৈয়ে যাব। বহুত শাস্তি পাব। পদো ভ্ৰষ্ট হৈ যাব। পিতাই বুজায় – যদি এনেকুৱা কাম কৰা তেতিয়া দণ্ডতো ভুগিবই লাগিব। কোনোবা ঈশ্বৰৰ সন্তান হৈ আকৌ চুৰ কৰে, শিৱবাবা যাৰ পৰা ইমান উত্তৰাধিকাৰ পোৱা যায়, তেওঁৰ ভড়াঁলৰ পৰা চুৰ কৰা, এইটোতো বহুত ডাঙৰ পাপ হয়। কোনো-কোনোৰ চুৰ কৰাৰ অভ্যাস থাকে, তেওঁলোকক জেইল বাৰ্দ (কাৰাগাৰৰ পখী) বুলি কোৱা হয়। এয়া হৈছে ঈশ্বৰৰ ঘৰ। সকলোবোৰ ঈশ্বৰৰ নহয় জানো। ঈশ্বৰৰ ঘৰত পিতাৰ পৰা উত্তৰাধিকাৰ ল'বলৈ আহে। কিন্তু কোনো-কোনোৰ অভ্যাস হৈ যায়, তাৰ শাস্তি এশ গুণ হৈ যায়। শাস্তিও বহুত পাব আৰু পাচত জন্মই জন্মই ডাৰ্টী (বেয়া সংস্কাৰৰ) ঘৰত গৈ জন্ম ল'ব, তেন্তে নিজৰে লোকচান নকৰিলে জানো। এনেকুৱা বহুত আছে যিয়ে স্মৃতিত একেবাৰে নাথাকে, একোৱেই নুশুনে। বুদ্ধিত চুৰি আদিৰেই খেয়াল (চিন্তন) চলি থাকে। এনেকুৱা বহুত সৎসঙ্গলৈ যায়। চেণ্ডেল চুৰ কৰে, তেওঁলোকৰ ধান্দাই (কাৰবাৰেই) এইবোৰ। য'ত সৎসঙ্গ হয় তালৈ গৈ চেণ্ডেল চুৰ কৰি আহে। জগতখন একেবাৰেই ডাৰ্টী (লেতেৰা) হয়। এইখন হৈছে ঈশ্বৰৰ ঘৰ। চুৰি কৰাৰ অভ্যাসতো বৰ বেয়া। কোৱা হয় - খেৰ-কুটা চুৰ কৰা জনে লাখ টকাও চুৰ কৰিব পাৰে। নিজৰ অন্তৰক সুধিব লাগে - মই কিমান পুণ্য আত্মা হৈছোঁ? কিমান পিতাক স্মৰণ কৰোঁ? মই কিমান স্বদৰ্শন চক্ৰধাৰী হৈছোঁ? কিমান সময় ঈশ্বৰীয় ছাৰ্ভিচ (সেৱা)ত ব্ৰতী হৈ থাকোঁ? কিমান পাপ খণ্ডন হৈ গৈ আছে? নিতৌ নিজৰ খতিয়ান চাবা। কিমান পুণ্য কৰিলোঁ, কিমান যোগযুক্ত হৈ থাকিলোঁ? কিমানক মাৰ্গ-দৰ্শন কৰালোঁ? ধান্দা (পেছাগত কাম-কাজ) আদিও লগিলে কৰা। তোমালোক হৈছা কৰ্মযোগী। কৰ্মতো লাগিলে কৰা। বাবাই এই বেজ তৈয়াৰ কৰাই থাকে। ভাল ভাল লোকসকলক ইয়াৰ ওপৰত বুজোৱা। এই মহাভাৰতৰ যুদ্ধৰ দ্বাৰা স্বৰ্গৰ গেট্ (দ্বাৰ) মুকলি হৈ আছে। কৃষ্ণৰ চিত্ৰৰ তলৰ লিখনিখিনি বহুত ফাৰ্ষ্টক্লাচ (অতি উত্তম)। কিন্তু সন্তানসকল এতিয়া ইমান বিশাল বুদ্ধিৰ হোৱা নাই। অলপ ধন পালেই নাচিবলৈ ধৰে। কাৰোবাৰ বেছি ধন থাকিলে তেতিয়া ভাবে - মোৰ নিচিনা কোনো নাই। যিসকল সন্তানে পিতাৰ কথাক ভ্ৰূক্ষেপ নকৰে তেওঁলোকে পিতাই ইমান যি অবিনাশী জ্ঞান ৰত্নৰ খাজনা (সম্পত্তি) দিয়ে তাৰো একো মোল নুবুজে। বাবাই এটা কথা ক'ব, তেওঁলোকে আন এটা কৰিব। মোল নুবুজাৰ কাৰণে বহুত পাপ কৰি থাকে। শ্ৰীমতত নচলে। তেতিয়া অৱনতি হৈ যায়। পিতাই ক'ব এয়াও ড্ৰামা (নাটক)। তেওঁলোকৰ ভাগ্যত নাই। বাবাইতো জানে নহয় জানো। বহুত পাপ কৰে, যদি নিশ্চয় থাকে যে পিতাই আমাক পঢ়ায় তেন্তে আনন্দিত হৈ থাকিব লাগে। তোমালোকে জানা যে আমি ভৱিষ্যতে নতুন সৃষ্টিত প্ৰিন্স-প্ৰিন্সেজ্ (ৰাজকুমাৰ-ৰাজকুমাৰী) হ'মগৈ, তেন্তে কিমান আনন্দিত হৈ থাকিব লাগে। কিন্তু সন্তানসকল এতিয়ালৈকেও মৰহি (নিস্তেজ হৈ) থাকে। সেইটো (আনন্দিত) অৱস্থা তিষ্ঠি (স্থায়ী হৈ) নাথাকে।
বাবাই বুজাইছে - বিনাশৰ বাবে ৰিহাৰ্চেলো (আখৰাও) হ'ব। কেলেমিটিজো (দুৰ্যোগো) হ'ব। ভাৰতক দুৰ্বল কৰি গৈ থাকিব। পিতাই নিজে কয় - এই সকলোবোৰ হ'বই। নহ'লে বিনাশ কেনেকৈ হ'ব! বৰফৰ বৰষুণ হ’ব তেতিয়া খেতি আদিৰ কি অৱস্থা হ'ব। লাখ লাখ মৰি থাকে, কোনোবাই কয় জানো। গতিকে পিতাই মুখ্য কথা বুজায় যে এনেকৈ নিজৰ ভিতৰত পৰীক্ষা কৰা, মই কিমান পিতাক স্মৰণ কৰোঁ। বাবা, আপুনিতো বৰ মিঠা হয়, আপুনি চমৎকাৰ কৰে। আপোনাৰ আদেশ হ’ল - মোক স্মৰণ কৰা তেতিয়া 21 জন্মৰ বাবে কেতিয়াও ৰোগী হ’বলগীয়া নহ’ব। নিজকে আত্মা বুলি বুজি পিতাক স্মৰণ কৰা তেতিয়া মই গেৰাণ্টি (প্ৰতিশ্ৰুতি)দিওঁ, সন্মুখত পিতাই তোমালোকক কয় তোমালোকে আকৌ আনক শুনোৱা। পিতাই কয় – মোক; পিতাক স্মৰণ কৰিবা, বহুত মৰম কৰিবা। তোমালোকক পতিতৰ পৰা পাৱন হোৱাৰ কিমান সহজ ৰাস্তা দেখুৱাই দিওঁ। কোনোৱে কয় - আমিতো বহুত পাপ আত্মা। বাৰু, পুনৰ এনে পাপ নকৰিবা, মোক স্মৰণ কৰি থাকিবা তেতিয়া জন্ম-জন্মান্তৰৰ যি পাপ আছে সেয়া এই স্মৃতিৰ দ্বাৰা ভস্ম হৈ গৈ থাকিব। স্মৃতিত থকাটোৱেই হৈছে মুখ্য কথা। ইয়াক কোৱা হয় সহজ স্মৃতি। ‘যোগ’ শব্দটিও আঁতৰাই দিয়া। সন্ন্যাসীসকলৰ হঠযোগ ভিন্ন ভিন্ন ধৰণৰ হয়। অনেক প্ৰকাৰেৰে শিকায়। এই বাবাই অনেক গুৰুৰ শৰণাগত হৈছে নহয় জানো। এতিয়া বেহদ (অসীম)ৰ পিতাই কয় - এই সকলোবোৰক এৰা। এওঁলোককো ময়েই উদ্ধাৰ কৰিব লাগে। আন কাৰো সাহস নাই যে এনেকৈ ক’ব পাৰে। পিতাইহে কৈছে - মই এই সাধুসকলকো উদ্ধাৰ কৰোঁ। তেন্তে এওঁলোক গুৰু কেনেকৈ হ’ব পাৰে। গাতিকে মূলতে এটা কথাই পিতাই বুজায় - নিজৰ অন্তৰক সোধা, মই কোনো পাপতো নকৰোঁ। কাকো দুখতো নিদিওঁ? এই ক্ষেত্ৰত কোনো অসুবিধা (কষ্ট) নাই। ভিতৰত বিচাৰ কৰিব লাগে, গোটেই দিনটোত কিমান পাপ কৰিলোঁ? কিমান স্মৰণ কৰিলোঁ? স্মৰণৰ দ্বাৰাই পাপ ভস্ম হ’ব। চেষ্টা কৰিব লাগে। এয়া বহুত পৰিশ্ৰমৰ কাম। জ্ঞান দিওঁতা এজনেই পিতা। পিতাইহে মুক্তি-জীৱন মুক্তিৰ ৰাস্তা দেখুৱাই দিয়ে। ভাল বাৰু!
অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
*ধাৰণাৰ বাবে মুখ্য সাৰ:-**
(1) পিতাই যি অবিনাশী জ্ঞান ৰত্নৰ খাজনা (সম্পত্তি) দিয়ে তাৰ মোল বুজিব লাগে। অসাৱধান হৈ পাপ কৰ্ম কৰিব নালাগে। যদি নিশ্চয় আছে যে ভগৱানে আমাক পঢ়ায় তেন্তে অপাৰ আনন্দত থাকিব লাগে।
(2) ঈশ্বৰৰ ঘৰত কেতিয়াও চুৰি আদি কৰাৰ খেয়াল (ভাৱ) যাতে নাহে। এইটো অভ্যাস বহুত লেতেৰা হয়। কোৱা হয় - খেৰ-কুটা চুৰ কৰা জনে লাখ টকাও চুৰ কৰিব পাৰে। নিজৰ অন্তৰক সুধিব লাগে - মই কিমান পুণ্য আত্মা হৈছোঁ।