30.04.20       Morning Assame Murli        Om Shanti      BapDada       Madhuban


"মৰমৰ সন্তানসকল – পিতাৰ শ্ৰীমত তোমালোকক সদায় সুখী কৰি তোলোঁতা হয়, সেয়েহে দেহধাৰীসকলৰ মত এৰি এজন পিতাৰ শ্রীমতত চলিবা”

প্ৰশ্ন:
কোনসকল সন্তানৰ বুদ্ধি দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাতো এতিয়ালৈকে বন্ধ হোৱা নাই?

উত্তৰ:
যিসকলৰ উচ্চতকৈও উচ্চ পিতাৰ মত বা ঈশ্বৰীয় মতত ভৰসা নাই, সেইসকলৰ বুদ্ধি দিগভ্ৰান্ত হৈ ঘূৰি ফুৰাতোএতিয়ালৈকে বন্ধ হোৱা নাই। পিতাৰ প্ৰতি সম্পূৰ্ণ নিশ্চয় নোহোৱাৰ কাৰণে দুয়োফালে ভৰি ৰাখে (দুয়োটা মাৰ্গতে চলি থাকে)। ভক্তি, গঙ্গা স্নান আদিও কৰিব আৰু পিতাৰ মততো চলিব। এনেকুৱা সন্তানসকলৰ কি অৱস্থা হ'ব! শ্ৰীমতত সম্পূৰ্ণৰূপে নচলে সেইকাৰণে ঠেকা-খুণ্ডা খায়।

গীত:
ইছ পাপ কী দুনীয়া সে….. (এই পাপৰ সৃষ্টিৰ পৰা…….)

ওঁম্শান্তি।
সন্তানসকলে এইটো ভক্তসকলৰ গীত শুনিলা। তোমালোকে এতিয়া এনেকৈ নোকোৱা। তোমালোকে জানা যে আমি উচ্চতকৈও উচ্চ পিতাক পাইছোঁ, তেওঁ এজনেই উচ্চতকৈও উচ্চ। বাকী এই সময়ত যি মনুষ্য মাত্ৰ আছে, সকলো অতিকৈ নীচ। উচ্চতকৈও উচ্চ মনুষ্যও এই ভাৰতত দেৱী-দেৱতাসকলহে আছিল। তেওঁলোকৰ মহিমা আছে - সৰ্বগুণ সম্পন্ন……….. এতিয়া মনুষ্যই এইটো নাজানে যে এই দেৱতাসকলক ইমান উচ্চ কৰি কোনে গঢ়ি তুলিলে। এতিয়াতো একেবাৰে পতিত হৈ গৈছে। পিতা হৈছে উচ্চতকৈও উচ্চ। সাধু-সন্ত আদি সকলোৱে তেওঁৰ সাধনা কৰে। এনেকৈ সাধুসকলৰ পিচত মনুষ্যই আধাকল্প হাবাথুৰি খাইছে। তোমালোকে এতিয়া জানা পিতাৰ আগমন হৈছে, আমি পিতাৰ ওচৰলৈ যাওঁ। তেওঁ আমাক শ্রীমত দি শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ, সদায় সুখী কৰি তোলে। তোমালোক ৰাৱণৰ মতত কিমান তুচ্ছ বুদ্ধিৰ হৈ গৈছা। এতিয়া তোমালোকে অন্য কাৰো মতত নচলিবা। মোক পতিত-পাৱন পিতাক আহ্বান কৰিছা তৎসত্বেও যিয়ে ডুবালে সেইসকলৰ পিচত কিয় পৰা! এজনৰ মত এৰি অনেকৰ ওচৰত ঠেকা-খুণ্ডা কিয় খাই থাকা? বহুত সন্তানে জ্ঞানো শুনি থাকিব আকৌ গৈ গঙ্গা স্নানো কৰিব, গুৰুসকলৰ ওচৰলৈও যাব……….। পিতাই কয় - সেই গঙ্গা কোনো পতিত-পাৱনীতো নহয়। তথাপি তোমালোক মনুষ্যৰ মতত চলি গঙ্গা স্নান আদি কৰিলে তেতিয়া পিতাই ক’ব – মোৰ; উচ্চতকৈ উচ্চ পিতাৰ মততো ভৰসা নাই। এফালে হৈছে ঈশ্বৰীয় মত, আনফালে হৈছে আসুৰি মত। তেওঁলোকৰ কি অৱস্থা হ'ব। দুয়োফালে ভৰি ৰাখিলে বিদীৰ্ণ (ছিন্ন-ভিন্ন) হৈ যাবা। পিতাৰ প্ৰতিও সম্পূৰ্ণ নিশ্চয় নাৰাখে। এনেকৈ কয়ো যে বাবা মই আপোনাৰেই। আপোনাৰ শ্রীমতত আমি শ্ৰেষ্ঠ হ'ম। আমি উচ্চতকৈও উচ্চ পিতাৰ মত অনুসৰি খোজ দিব লাগে। পিতাইহে শান্তিধাম, সুখধামৰ মালিক কৰি তুলিব। আকৌ পিতাই কয় - যাৰ শৰীৰত মই প্ৰৱেশ কৰিলোঁ তেওঁতো (ব্ৰহ্মা বাবাই) 12 গুৰুৰ শৰণ ল’লে, তথাপি তমোপ্ৰধানেই হ’ল, একো লাভ নহ'ল। এতিয়া পিতাক পালে কাৰণে সকলো এৰি দিলে। উচ্চতকৈও উচ্চ পিতাক পালে, পিতাই ক’লে - হিয়ৰ ন’ ইভিল (বেয়া নুশুনিবা), চি ন’ ইভিল (বেয়া নাচাবা)....... কিন্তু মনুষ্য হৈছে একেবাৰে পতিত তমোপ্ৰধান বুদ্ধিৰ। ইয়াতো বহুত আছে, শ্ৰীমতত চলিব নোৱাৰে। শক্তি নাই। মায়াই ঠেকা-খুণ্ডা খুৱাই থাকে কিয়নো ৰাৱণ হৈছে শত্ৰু, ৰাম হৈছে মিত্ৰ। কোনোবাই ৰাম বুলি কয়, কোনোবাই শিৱ বুলি কয়। আচল নাম হৈছে শিৱবাবা। মই পুনৰ্জন্মত নাহোঁ। ড্ৰামাত মোৰ নাম ‘শিৱ’হে ৰখা হৈছে। এটা বস্তুৰ 10টা নাম ৰখাৰ বাবে মনুষ্য বিবুদ্ধিত পৰি গৈছে, যাৰ মনলৈ যি আহিল সেয়াই নাম ৰাখি দিলে। আচলতে মোৰ নাম ‘শিৱ’। মই এই শৰীৰত প্ৰৱেশ কৰোঁ। মই কোনো কৃষ্ণ আদিৰ শৰীৰত নাহোঁ। তেওঁলোকে ভাবে বিষ্ণুতো সূক্ষ্মবতন নিবাসী। বাস্তৱত সেয়া হৈছে (লক্ষ্মী-নাৰায়ণৰ) যুগল ৰূপ, প্ৰবৃত্তি মাৰ্গৰ। বাকী 4খন ভূজা কাৰো নাথাকে। 4খন ভূজা মানে প্ৰবৃত্তি মাৰ্গ, দুখন ভূজা হৈছে নিবৃত্তি মাৰ্গ। পিতাই প্ৰবৃত্তি মাৰ্গৰ ধৰ্ম প্ৰতিষ্ঠা কৰিছে। সন্ন্যাসীসকল নিবৃত্তি মাৰ্গৰ। প্ৰবৃত্তি মাৰ্গৰ সকলেই আকৌ পাৱনৰ পৰা পতিত হয় সেয়েহে সৃষ্টিক বৰ্তাই ৰখাৰ কাৰণে সন্ন্যাসীসকলৰ ভূমিকা হ'ল পবিত্ৰ হৈ থকা। সেয়াও (সন্ন্যাসীও) লাখ-কোটি আছে। যেতিয়া মেলা হয় তেতিয়া বহুত আহে, তেওঁলোকে ভোজন নাৰান্ধে, গৃহস্থীসকলৰ প্ৰতিপালনত চলে। কর্ম সন্ন্যাস (পৰিত্যাগ) কৰিছে তেন্তে ভোজন ক’ৰ পৰা খাব। সেয়েহে গৃহস্থীসকলৰ পৰা খায়। গৃহস্থীসকলে ভাবে - এয়াও আমাৰ দান হ'ল। এৱোঁ (ব্ৰহ্মা বাবা) পূজাৰী পতিত আছিল, আকৌ এতিয়া শ্ৰীমতত চলি পাৱন হৈ আছে। পিতাৰ পৰা উত্তৰাধিকাৰ লোৱাৰ বাবে পুৰুষাৰ্থ কৰি আছে, সেইবাবেতো কোৱা হয় - ফল' ফাদাৰ (পিতাক অনুকৰণ কৰা)। মায়াই প্ৰতিটো কথাতে অৱনতি কৰায়। দেহ-অভিমানত আহিয়েই মনুষ্যই গাফিলতি কৰে। দৰিদ্ৰই হওক বা চহকীয়েই হওক কিন্তু দেহ-অভিমান আঁতৰিলেহে। দেহ-অভিমান আঁতৰাবলৈয়ে বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। পিতাই কয় - তোমালোকে নিজকে আত্মা বুলি বুজি শৰীৰৰ দ্বাৰা ভূমিকা পালন কৰিবা। তোমালোক দেহ-অভিমানত কিয় আহা! ড্ৰামা (নাটক) অনুসৰি দেহ-অভিমানতো আহিবই লাগে। এই সময়ততো একেবাৰে অটল দেহ-অভিমানী হৈ গৈছে। পিতাই কয় - তোমালোকতো আত্মা। আত্মাইহে সকলো কৰে। আত্মা শৰীৰৰ পৰা ভিন্ন হৈ গ’লে তেতিয়া শৰীৰক কাটিলেও কিবা আৱাজ ওলাব (প্ৰতিক্ৰিয়া কৰিব) জানো? নোলায়, আত্মাইহে কয় - মোৰ শৰীৰক দুখ নিদিবা। আত্মা অবিনাশী হয়, শৰীৰ বিনাশী হয়। নিজকে আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা। দেহ-অভিমান এৰা।

তোমালোক সন্তানসকল যিমান দেহী-অভিমানী হ'বা সিমান স্বাস্থ্যবান আৰু নিৰোগী হৈ গৈ থাকিবা। এই যোগবলৰ দ্বাৰাই তোমালোক 21 জন্ম নিৰোগী হ'বাগৈ। যিমান হ'বা সিমান পদো উচ্চ পাবা। শাস্তিৰ পৰা ৰক্ষা পাবা। নহ’লে বহুত শাস্তি খাব লাগিব। তেন্তে কিমান দেহী-অভিমানী হ’ব লাগিব। বহুতৰ ভাগ্যত এই জ্ঞান নায়েই। যেতিয়ালৈকে তোমালোকৰ কুলত নাহে অৰ্থাৎ ব্ৰহ্মা মুখ বংশাৱলী নহয় তেন্তে ব্ৰাহ্মণ নোহোৱাকৈ দেৱতা কেনেকৈ হ'ব। যদিও বহুত আহে, বাবা বাবা বুলি লিখে অথবা কয়ো কিন্তু সেয়া কেৱল কোৱাতে সীমিত। এখন-দুখন চিঠি লিখিলে তাৰ পাচত আহিবলৈকে এৰি দিয়ে। তেওঁলোকো সত্যযুগত আহিব কিন্তু প্ৰজাত। প্ৰজাতো বহুত হ’ব নহয় জানো। আগলৈ গৈ যেতিয়া বহুত দুখ হ'ব তেতিয়া বহুত দৌৰি আহিব। আৱাজ হ'ব - ভগৱান আহিছে। তোমালোকৰো বহুত চেণ্টাৰ স্থাপন হৈ যাব। তোমালোক সন্তানসকলৰ এইটো অভাৱ আছে যে তোমালোক দেহী-অভিমানী নোহোৱা। এতিয়াও বহুত দেহ-অভিমান আছে। অন্তিমত যদি অলপো দেহ-অভিমান থাকে তেন্তে পদো কম হৈ যাব। তেতিয়া আহি দাস-দাসী হ'বাগৈ। দাস-দাসীও ক্ৰমানুসৰি বহুত হয়। ৰজাসকলে দাসী যৌতুকত পায়, চহকীসকলে নাপায়। সন্তানসকলে (সাক্ষাৎকাৰত) দেখিছে ৰাধাই যৌতুকত কিমান দাসী লৈ যায়। আগলৈ গৈ তোমালোকৰ বহুত সাক্ষাৎকাৰ হ'ব। সাধাৰণ দাসী হোৱাতকৈ চহকী প্ৰজা হোৱাতো ভাল। দাসী শব্দটি শুনিবলৈ বেয়া। প্ৰজাৰ ভিতৰত চহকী হোৱাতো তথাপি ভাল। পিতাৰ হোৱাৰ পাচত মায়াই আৰু বেছি ভালকৈহে সৎকাৰ কৰে। বলৱানতকৈও বলৱান হৈ যুঁজে। দেহ-অভিমান আহি যায়। শিৱবাবাৰ পৰাও মুখ ঘূৰাই লয়। বাবাক স্মৰণ কৰিবলৈকে এৰি দিয়ে। হেৰ’, খাবলৈ সময় আছে আৰু এনেকুৱা বাবা যিয়ে বিশ্বৰ মালিক কৰি তোলে তেওঁক স্মৰণ কৰিবলৈ সময় নাই। ভাল-ভাল সন্তানে শিৱবাবাক পাহৰি দেহ-অভিমানত আহি যায়। নহ'লেতো এনেকুৱা পিতা যিয়ে জীৱন দান দিয়ে, তেওঁক স্মৰণ কৰি পত্ৰতো লিখা। কিন্তু ইয়াত কথাই নুসুধিবা। মায়াই একদম নাকত ধৰি উৰুৱাই দিয়ে। খোজে প্ৰতি শ্ৰীমতত চলিলে তেন্তে প্ৰতিটো খোজত পদমৰ হিচাপত উপাৰ্জন হয়। তোমালোক ইমান ধনৱান হৈ যোৱা যে ধন গণি শেষ কৰিব নোৱাৰি। তাত গণনা কৰা নহয়। ধন-সম্পত্তি, খেতি-বাৰী সকলো প্ৰাপ্ত হয়। তাত তাম, লোহা, পিতল আদি নাথাকে। সোণৰহে মুদ্ৰা থাকে। ঘৰেই সোণেৰে সজায় তেন্তে কি নাথাকিব। ইয়াততো হয়েই ভ্ৰষ্টাচাৰী ৰাজ্য, যথা ৰজা-ৰাণী তথা প্ৰজা। সত্যযুগত যথা ৰজা-ৰাণী তথা প্ৰজা সকলো শ্ৰেষ্ঠাচাৰী হয়। কিন্তু মনুষ্যৰ বুদ্ধিত ধাৰণ হয় জানো। তমোপ্ৰধান হয়। পিতাই বুজায় - তোমালোকো এনেকুৱাই আছিলা। এৱোঁ (ব্ৰহ্মা বাবা) এনেকুৱা আছিল। এতিয়া মই আহি দেৱতা কৰি গঢ়ি তোলোঁ, তথাপিও নহয়। নিজৰ মাজতে কাজিয়া-পেচাল কৰি থাকে। মই বহুত ভাল, এনেকুৱা হওঁ......। এইটো জানো কোনোবাই বুজি পায় যে আমি নৰকত পৰি আছোঁ, আমি ৰৌৰৱ নৰকত পৰি আছোঁ। এয়াও তোমালোক সন্তানসকলে পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জানা। মনুষ্য একেবাৰে নৰকত পৰি আছে – ৰাতিয়ে-দিনে চিন্তাত পৰি থাকে। জ্ঞান মাৰ্গত যিয়ে নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব নোৱাৰে, ‘তোমাৰ-মোৰ’ এইবোৰ চিন্তাত থাকে তেওঁলোক ৰুগীয়া পীড়িত হয়। পিতাৰ সলনি অন্য কাৰোবাক স্মৰণ কৰিলে সেয়া ব্যভিচাৰ হ’ল নহয় জানো। পিতাই কয় - অন্য কাৰো পৰা নুশুনিবা, মোৰ পৰাহে শুনিবা। মোক স্মৰণ কৰিবা। দেৱতাসকলক স্মৰণ কৰিলে সেয়াও ভাল, মনুষ্যক স্মৰণ কৰিলে তাৰ পৰা একো লাভ নহয়। ইয়াততো পিতাই কয় - তোমালোক নতশিৰ কিয় হোৱা! তোমালোক এই বাবাৰ ওচৰলৈও যেতিয়া আহা তেতিয়া শিৱবাবাক স্মৰণ কৰি আহিবা। শিৱবাবাক স্মৰণ নকৰা মানে নিশ্চয় পাপ কৰা। বাবাই কয় - প্ৰথমেতো পবিত্ৰ হ’বলৈ প্ৰতিজ্ঞা কৰা। শিৱবাবাক স্মৰণ কৰা। বহুত নিয়ম আছে। কাচিৎহে কোনোবাই বুজে। ইমান বুদ্ধি নাই। পিতাৰ লগত কেনেকৈ চলিব লাগে, এই ক্ষেত্ৰততো বহুত যত্ন কৰিব লাগে। মালাৰ মণি হোৱা - কোনো মাহীৰ ঘৰ (ইমান উজু) নহয়। মুখ্য হৈছে পিতাক স্মৰণ কৰা। তোমালোকে পিতাক স্মৰণ কৰিব নোৱাৰানে। পিতাৰ চাৰ্বিচ (সেৱা)ত, পিতাৰ স্মৃতিত কিমান থকা উচিত। বাবাই নিতৌ কয় - খতিয়ান উলিওৱা। যিসকল সন্তানৰ নিজৰ কল্যাণ কৰাৰ খেয়াল (চিন্তন) থাকে - তেওঁলোকে সকলো প্ৰকাৰেৰে সম্পূৰ্ণ নিয়মত চলি থাকিব। তেওঁলোকৰ খোৱা-বোৱা বহুত সাত্ত্বিক হ’ব।

বাবাই সন্তানসকলৰ কল্যাণৰ কাৰণে কিমান বুজায়। সকলো প্ৰকাৰৰ সতৰ্কতা অৱলম্বন কৰিব (নিয়ম মানি চলিব) লাগে। পৰীক্ষা কৰিব লাগে - আমাৰ খোৱা-বোৱা এনেকুৱাতো নহয়? লোভতো নাই? যেতিয়ালৈকে কৰ্মাতীত অৱস্থা নহয় তেতিয়ালৈকে মায়াই ওলট-পালট কাম কৰাই থাকিব। তাৰ বাবে (কৰ্মাতীত অৱস্থা পাবৰ বাবে) সময় বাকী আছে, পাচত গম পাবা - এতিয়াতো বিনাশ সন্মুখত আছে। জুই বিয়পি পৰিল। তোমালোকে দেখিবা কেনেকৈ বোমা আদি পেলায়। ভাৰতততো ৰক্তৰ নদী ব'ব। অন্য ঠাইত বোমাৰে এজনে-আনজনক শেষ কৰি দিব। নেচাৰেল কেলেমিটিচ (প্ৰাকৃতিক দুৰ্যোগ) হ'ব। সকলোতকৈ বেছি কঠিন পৰিস্থিতি ভাৰতত হ’ব। নিজৰ ওপৰত বহুত দৃষ্টি ৰাখিব লাগে, মই কি সেৱা কৰোঁ? কিমানক নিজৰ সমানকৈ নৰৰ পৰা নাৰায়ণ কৰি তোলোঁ। কোনোবা কোনোবা ভক্তিত বহুত আবদ্ধ হৈ আছে গতিকে ভাবে - এই কন্যাসকলে কি পঢ়াব। বুজি নাপায় যে এওঁলোকক পঢ়াওঁতাজন পিতা (ভগৱান) হয়। অলপ শিক্ষিত হ’লে বা ধন আদি থাকিলে কাজিয়া কৰিবলৈ লাগি যায়। সন্মানেই হেৰুৱাই পেলায়। সৎগুৰুৰ নিন্দা কৰোঁতাজনে ঠিকনা নাপায় (উদ্ধাৰ হ’ব নোৱাৰে)। আকৌ পা-পইচাৰ পদ পাবগৈ। ভাল বাৰু!

অতি মৰমৰ, কল্পৰ পাচত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা-পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।

ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) “তোমাৰ-মোৰ” এই চিন্তাবোৰ ত্যাগ কৰি নিজৰ সমান কৰি গঢ়ি তোলাৰ সেৱা কৰিব লাগে। এজন পিতাৰ পৰাই শুনিব লাগে, পিতাকেই স্মৰণ কৰিব লাগে, ব্যভিচাৰী হ’ব নালাগে।

(2) নিজৰ কল্যাণৰ কাৰণে খোৱা-বোৱাৰ ক্ষেত্ৰত বহুত সতৰ্কতা অৱলম্বন কৰিব লাগে - কোনো বস্তুৰ প্ৰতি লোভ কৰিব নালাগে। ধ্যান ৰাখিব লাগে যাতে মায়াই কোনো ওলোটা কৰ্ম কৰাই নিদিয়ে।

বৰদান:
প্ৰেক্টিকেল (ব্যৱহাৰিক) জীৱনৰ দ্বাৰা পৰমাত্ম জ্ঞানৰ প্ৰুফ্ (প্ৰমাণ) দিওঁতা ধৰ্মযুদ্ধত বিজয়ী হোৱা

এতিয়া ধৰ্ম যুদ্ধৰ ষ্টেজত (মঞ্চত) আহিব লাগিব। সেই ধৰ্ম যুদ্ধত বিজয়ী হোৱাৰ সাধন (সঁজুলি) হৈছে তোমালোকৰ প্ৰেক্টিকেল জীৱন কিয়নো পৰমাত্ম জ্ঞানৰ প্ৰুফেই হৈছে প্ৰেক্টিকেল জীৱন। তোমালোকৰ মূৰ্ত (অৱস্থা)ৰ পৰাই জ্ঞান আৰু গুণ প্ৰেক্টিকেলত দেখা দিয়ক কিয়নো আজিকালি ডিচকাচ (আলোচনা) কৰি নিজৰ মূৰ্তক সিদ্ধ কৰিব নোৱাৰে কিন্তু নিজৰ প্ৰেক্টিকেল ধাৰণা মূৰ্তৰে এক ছেকেণ্ডতে যিকোনো লোককে শান্ত কৰি তুলিব পাৰা।

স্লোগান:
আত্মাক উজ্জ্বল কৰি তুলিবলৈ পৰমাত্ম স্মৃতিৰে মনৰ আউলবোৰ সমাপ্ত কৰা।