07.03.21 Avyakt Bapdada
Assame
Murli
14.11.87 Om Shanti Madhuban
“*পূজ্য দেৱ আত্মা
হোৱাৰ সাধন- পৱিত্ৰতাৰ শক্তি*”
আজি আত্মিক
অগ্নিশিখাই নিজৰ আত্মিক চগাপোক সকলক চাই আছিলেহঁক। প্ৰতিটো আত্মিক চগাপোকে নিজৰ
উৎসাহ-উদ্দিপনাৰ পাখিৰে উৰি-উৰি এই আত্মিক সভাত আহি গৈছে। এই আত্মিক সভা বিচিত্ৰ
অলৌকিক সভা যাক কেৱল আত্মিক পিতাইহে জানে আৰু আত্মিক সন্তানে সকলেহে জানে। এই
আত্মিক আকৰ্ষণৰ আগত মায়াৰ অনেক প্ৰকাৰৰ আকৰ্ষণ তুচ্ছ লাগে, অসাৰ অনুভৱ হয়। এই
আত্মিক আকৰ্ষণে চিৰদিনৰ বাবে বৰ্তমান আৰু ভবিষ্যতৰ অনেক জনম হৰ্ষিত বনোৱাৰ নিমিত্ত
হয়, অনেক প্ৰকাৰৰ দুখ-অশান্তিৰ লহৰৰ পৰা আতৰ কৰোঁতা হয় সেইবাবে সকলো আত্মিক চগাপোকে
এই সভাত আহি গৈছে।
বাপদাদাই সকলো চগাপোকক দেখি হৰ্ষিত হয়। সকলোৰে মস্তকত পৱিত্ৰ স্নেহ, পৱিত্ৰ স্নেহৰ
সম্বন্ধ, পৱিত্ৰ জীৱনৰ পৱিত্ৰ দৃষ্টি-বৃত্তিৰ চিন জিলিকি আছে। সকলোৰে ওপৰত এই সকলো
পৱিত্ৰ চিনৰ চিহ্ন বা সূচক ‘লাইটৰ মুকুট’ জিলিকি আছে। সংগম যুগী ব্ৰাহ্মণ জীৱনৰ
বিশেষতা হৈছে- পৱিত্ৰতাৰ চিন, এই লাইটৰ মুকুট যিটো প্ৰত্যেক ব্ৰাহ্মণ আত্মাকেই
বাবাৰ দ্বাৰা প্ৰাপ্ত হয়। মহান আত্মা, পৰমাত্ম-ভাগ্যবান আত্মা, উচ্চতকৈও উচ্চ
আত্মাৰ এই মুকুটতো চিন হয়। গতিকে তোমালোক সকলোৱে এনেকুৱা তাজধাৰী হৈছানে? বাপদাদাই
বা মাতা-পিতাই প্ৰত্যেক সন্তানকেই জনমতেই ‘পৱিত্ৰ ভৱৰ’ বৰদান দিয়ে। পৱিত্ৰতা যদি
নাথাকে তেন্তে ব্ৰাহ্মণ জীৱন নাথাকে। আদিৰ স্থাপনাৰ পৰা এতিয়ালৈকে পৱিত্ৰতাৰ ওপৰতেই
বিঘ্ন আহিছে কিয়নো পৱিত্ৰতাৰ ভেটি 21 জনমৰ ভেটি হয়। পৱিত্ৰতাৰ প্ৰাপ্তিয়ে তোমালোক
ব্ৰাহ্মণ আত্মা সকলক উৰন্ত কলালৈ সহজে লৈ যোৱাৰ আধাৰ হয়।
যিদৰে কৰ্মৰ গতি গহন বুলি গোৱা আছে, তেনেদৰে পৱিত্ৰতাৰ পৰিভাষাও অতি গুহ্য। পৱিত্ৰতা
মায়াৰ অনেক বিঘ্নৰ পৰা বচাৰ চত্ৰচায়া হয়। পৱিত্ৰতাকেই সুখ-শান্তিৰ জননী বুলি কোৱা
হয়। যিকোনো প্ৰকাৰৰে অপৱিত্ৰতাই দুখ বা অশান্তিৰ অনুভৱ কৰায়। গতিকে গোটেই দিনটোত
পৰীক্ষা কৰা যে- কোনোবা সময়ত দুখ বা অশান্তিৰ লহৰ অনুভৱ হয়নে? তাৰ বীজেই হৈছে
অপৱিত্ৰতা। হয়তো মূখ্য বিকাৰৰ কাৰণে হ’ব পাৰে নতুবা বিকাৰৰ সুক্ষ্ম ৰূপৰ কাৰণেই হ’ব
পাৰে। পৱিত্ৰ জীৱন অৰ্থাৎ দুখ অশান্তিৰ নাম চিনো নাথাকা। কোনো কাৰণতেই দুখ যদি অলপো
অনুভৱ হয় তেন্তে কাৰণ হৈছে সম্পূৰ্ণ পৱিত্ৰতা কম হোৱাতো। পৱিত্ৰ জীৱন অৰ্থাৎ
বাপদাদাৰ দ্বাৰা প্ৰাপ্ত হোৱা বৰদানী জীৱন। ব্ৰাহ্মণৰ সংকল্পত বা মূখেৰে এই শব্দটি
কেতিয়াও হ’ব নালাগে যে এই কথাৰ কাৰণে বা এই ব্যক্তিৰ ব্যৱহাৰৰ কাৰণে মোৰ দুখ উৎপন্ন
হয়। কেতিয়াবা সাধাৰণ ৰীতিৰে এনেকুৱা বাক্য কৈ দিয়া হয় বা অনুভৱো কৰা যায়। এয়া
পৱিত্ৰ ব্ৰাহ্মণ জীৱনৰ বাক্য নহয়। ব্ৰাহ্মণ অৰ্থাৎ প্ৰতিটো চেকেণ্ডেই সুখময় জীৱন।
দৰাচলতে দুখৰ দৃশ্য থাকিলেও কিন্তু য’ত পৱিত্ৰতাৰ শক্তি থাকে, তেন্তে তেওঁ দুখৰ
দৃশ্যতো দুখৰ অনুভৱ নকৰে কিন্তু দুখ-হৰ্তা সুখ-কৰ্তা বাবাৰ সমান দুখৰ বায়ুমণ্ডলত
দুখী ব্যক্তি সকলক সুখ-শন্তিৰ বৰদানী হৈ সুখ-শান্তিৰ অঞ্জলী দিব, মাষ্টৰ সুখ-কৰ্তা
হৈ দুখক আত্মিক সুখৰ বায়ুমণ্ডললৈ পৰিৱৰ্তন কৰিব। ইয়াকেই কোৱা হয় দুখ-হৰ্তা সুখ-কৰ্তা।
যেতিয়া বিজ্ঞানৰ শক্তিয়ে অল্পকালৰ বাবে কোনোবাৰ দুখ-অশান্তি সমাপ্ত কৰিব পাৰে,
তেন্তে পৱিত্ৰতাৰ শক্তি অৰ্থাৎ চাইলেন্সৰ (মৌনতাৰ) শক্তিয়ে দুখ-অশান্তি সমাপ্ত কৰিব
নোৱাৰে? বিজ্ঞানৰ ঔষধত অল্পকালৰ শক্তি আছে, তেন্তে পৱিত্ৰতাৰ শক্তিত, পৱিত্ৰতাৰ
আশিৰ্বাদত কিমান ডাঙৰ শক্তি আছে? সময় অনুযায়ী যেতিয়া আজিৰ ব্যক্তিয়ে ঔষধৰ পৰা
কাৰণ-অকাৰণে (অস্বস্তি অনুভৱ)হ’ব, বেমাৰ অতিলৈ গতি কৰিব তেতিয়া সময়ত তোমালোক পৱিত্ৰ
দেৱ বা দেৱী সকলৰ ওচৰলৈ আশিৰ্বাদ ল’বলৈ আহিব যে আমাক দুখ অশান্তিৰ পৰা চিৰকাললৈ
মুক্ত কৰা। পৱিত্ৰতাৰ দৃষ্টি-বৃত্তি সাধাৰণ শক্তি নহয়। এই অলপ সময়ৰ শক্তিশালী
দৃষ্টিয়ে বা বৃত্তি চিৰকালৰ প্ৰাপ্তি কৰাওঁতা হয়। যি দৰে এতিয়াৰ শৰীৰৰ ডাক্তৰ আৰু
শৰীৰৰ হস্পিতাল সময়ে প্ৰতি সময়ে বাঢ়ি গৈও থাকে, তথাপিও ডাক্তৰৰ আহৰিয়েই নাই,
হস্পিতাল সমূহত স্থানেই নাই। ৰোগী সকলৰ সদায় লাইন লাগি থাকে। এনেদৰে আগলৈ হস্পিতাল
বা ডাক্তৰৰ ওচৰলৈ যোৱা, ঔষধ ব্যৱহাৰ কৰা, বিচাৰিলেও যাব নোৱাৰিব। বেছিসংখ্যকেই যদি
নিৰাশ হৈ যায় তেতিয়া কি কৰিবা? যেতিয়া ঔষধৰ পৰাই নিৰাশা আহিব তেন্তে ক’লৈ যাব?
তোমালোকৰ ওচৰতো লাইন লাগিব। যিদৰে এতিয়া তোমালোকৰ বা বাবাৰ জড় চিত্ৰৰ ওচৰত ‘ও দয়ালু
দয়া কৰা’ বুলি কৈ দয়া বা আশিৰ্বাদ বিচাৰি থাকে, এনেদৰে তোমালোক চৈতন্য, পৱিত্ৰ,
পূজ্য আত্মা সকলৰ ওচৰত ‘ও পৱিত্ৰ দেৱী সকল বা পৱিত্ৰ দেৱ! আমাৰ ওপৰত দয়া কৰা’- এয়া
খুজিব আহিব। আজি অল্পকালৰ সিদ্ধ পুৰুষ সকলৰ ওচৰত ৰোগমুক্তিৰ বাবে বা সুখ-শান্তিৰ দয়া
ল’বলৈ কিমান দিক্হীন হৈ থাকে! ভাবে দুৰৈৰ পৰা হ’লেও দৃষ্টি পৰক। গতিকে তোমালোক
পৰমাত্ম বিধিৰ দ্বাৰা সিদ্ধি স্বৰূপ হৈছা। যেতিয়া অল্পকালৰ আশ্ৰয় সমাপ্ত হৈ যাব
তেতিয়া ক’লৈ যাব?
এয়া যি সকল অল্পকালৰ সিদ্ধিৰ গৰাকী আছে, অল্পকালৰ কিবা নহয় কিবা পৱিত্ৰতাৰ বিধিৰ
দ্বাৰা অল্পকালৰ সিদ্ধি প্ৰাপ্ত কৰে। এয়া চিৰকালৰ বাবে চলিব নোৱাৰে। এয়াও গোলডেন
এজেড আত্মা সকলৰ অৰ্থাৎ শেষত ওপৰৰ পৰা অহা আত্মা সকলৰ পৱিত্ৰ মুক্তিধামৰ পৰা অহাৰ
কাৰণে আৰু নাটকৰ নিয়ম অনুসৰি, সতোপ্ৰধাৰ ষ্টেজৰ কাৰণে পৱিত্ৰতাৰ ফলস্বৰূপে অল্পকালৰ
সিদ্ধি সমূহ প্ৰাপ্ত হৈ যায় কিন্তু অলপ সময়তেই সতো, ৰজো, তমো-তিনিটি ষ্টেজ পাৰ কৰা
আত্মা হয় সেইবাবে চিৰকালৰ সিদ্ধি নাথাকে। পৰমাত্ম-বিধিৰ দ্বাৰা সিদ্ধি নহয়, সেইবাবে
ক’ৰবাত নহয় ক’ৰবাত স্বাৰ্থ বা অভিমানে সিদ্ধিক সমাপ্ত কৰি দিয়ে। কিন্তু তোমালোক
পৱিত্ৰ আত্মা সমূহ সদায় সিদ্ধি স্বৰূপ হোৱা, চিৰকালৰ প্ৰাপ্তি কৰাওঁতা হোৱা। কেৱল
চমৎকাৰ দেখাওঁতা নহয় কিন্তু জিলিকি থকা জ্যোতি স্বৰূপ বনাওঁতা হোৱা, অবিনাশী ভাগ্যৰ
জিলিকি থকা তৰা বনাওঁতা হোৱা সেইবাবে এই সকলো আশ্ৰয় এতিয়া অলপ সময়ৰ বাবেহে আছে আৰু
শেষত তোমালোক পৱিত্ৰ আত্মা সকলৰ ওচৰতেই অঞ্জলী ল’ব আহিব। গতিকে ইমান সুখ-শন্তিৰ জননী
পৱিত্ৰ আত্মা হৈছানে? ইমান আশিৰ্বাদৰ ষ্টক জমা কৰিছা নে এতিয়ালৈ নিজৰ বাবেও
আশিৰ্বাদ বিচাৰি থাকা?
কোনো কোনো সন্তানে এতিয়ালৈ সময় প্ৰতি সময়ে বাবাৰ পৰা বিচাৰি থাকে যে এই কথাটিৰ ওপৰত
অলপ শুভভাৱনা দিয়া, আশিৰ্বাদ কৰি দিয়া। গতিকে বিচাৰোতাই দাতা কিদৰে হ’ব পাৰিব?
সেইবাবে পৱিত্ৰতাৰ শক্তিৰ মহানতাক জানি পৱিত্ৰ অৰ্থাৎ পূজ্য দেৱ আত্মা এতিয়াৰ পৰাই
হোৱা। এনেকুৱা নহয় যে অন্তত হ’বা। এই বহুত সময়ৰ জমা কৰা শক্তি অন্তত কামত আহিব।
গতিকে বুজি পাইছা পৱিত্ৰতাৰ গুহ্য গতি কি? চিৰকালৰ সুখ-শান্তিৰ জননী আত্মা- এয়া হৈছে
পৱিত্ৰতাৰ গুহ্যতা! সাধাৰণ কথা নহয়! ব্ৰহ্মচাৰী হৈ থাকে, পৱিত্ৰ হৈ গ’ল। কিন্তু
পৱিত্ৰতা জননী হয়, সংকল্পৰ দ্বাৰাই হওঁক, বৃত্তিৰ দ্বাৰাই হওঁক, বায়ুমণ্ডলৰ দ্বাৰাই
হওঁক, বাণীৰ দ্বাৰাই হওঁক, সম্পৰ্কৰ দ্বাৰাই সুখ-শান্তিৰ জননী হোৱা- ইয়াকে কোৱা হয়
পৱিত্ৰ আত্মা। গতিকে ক’লৈকে হৈছা- এয়া নিজৰ মাজত পৰীক্ষা কৰা। অচ্ছা।
আজি বহুত আহি গৈছা। যিদৰে পানীৰ বান্ধ ভাঙি যায় গতিকে এয়া কায়দাৰ বান্ধ ভাঙি আহি
গৈছে। তথাপিও কায়দাত ফায়দাতো আছে। যি সকলে কায়দাত আহে, তেওঁলোকে বেছিকৈ পায় আৰু
যিসকলে লহৰত ঢৌ খেলি আহে, তেন্তে সময় অনুযায়ী পিচে সিমনেই পাব নহয়। তথাপি চোৱা
বন্ধনমুক্ত বাবাও বন্ধনত আহি যায়! স্নেহৰ বন্ধন আছে। স্নেহৰ লগে-লগে সময়ৰো বন্ধন আছে,
শৰীৰৰো বন্ধন আছে নহয়। কিন্তু মৰমৰ বন্ধন হয়, সেইবাবে বন্ধনত থাকিও মুক্ত।
বাপদাদাইতো ক’ব- আহিছা ভালেই, নিজৰ ঘৰত আহি গৈছা। অচ্ছা
চাৰিও দিশৰে সকলো পৰম পৱিত্ৰ আত্মা সকলক, চিৰকালৰ সুখ-শান্তিৰ জননী পাৱন আত্মা সকলক,
সদায় পৱিত্ৰতাৰ শক্তিৰ দ্বাৰা অনেক আত্মাকেই দুখ-অশান্তিৰ পৰা দুৰ কৰোঁতা দেৱ আত্মা
সকলক, সদায় পৰমাত্ম বিধিৰ দ্বাৰা সিদ্ধি স্বৰূপ আত্মা সকলক বাপদাদাৰ স্নেহ সম্পন্ন
স্মৰণ মৰম আৰু নমস্কাৰ।
হোষ্টেলৰ কুমাৰী সকলৰ সৈতে-(ইন্দোৰ গ্ৰুপ):- সকলোৱে পৱিত্ৰ মহান আত্মা হোৱা নহয়নে?
আজিকালিৰ মহান কোৱা আত্মা সকলোতকৈতো বহু বাৰৰ শ্ৰেষ্ঠ হোৱা। পৱিত্ৰ কুমাৰীৰ চিৰদিনৰ
পূজন হয়। গতিকে তোমালোক সকলো পাৱন, পূজ্য চিৰকালৰ শুদ্ধ আত্মা হোৱা নহয়নে? কোনো
অশুদ্ধিতো নাই? সদায় নিজৰ মাজত একমত, স্নেহী, সহযোগী হিচাপে থাকোঁতা আত্মা হোৱা
নহয়নে? সংস্কাৰ মিলাবলৈ জানা নহয়নে কিয়নো সংস্কাৰ মিলাই চলা-এয়াই মহানতা হয়।
স্ংস্কাৰৰ কাজিয়া যাতে নহয় কিন্তু সদায় সংস্কাৰ মিলোৱাৰ ৰাস কৰি থকা। বহুত ভাল
ভাগ্য পাইছা- সৰুতেই মহান হৈ গ’লা! সদায় আনন্দত থকা নহয়নে? কোনোৱে কেতিয়াবা মনেৰেতো
নাকান্দা? নিৰ্মোহী হোৱানে? কেতিয়াবা লৌকিক পৰিবাৰ মনত আহেনে? দুইটি পঢ়াতে পাকৈত
হোৱানে? দুইটি পঢ়াতে সদায় এক নম্বৰ থাকিব লাগে। যিদৰে বাবা ৱান, এনেদৰে সন্তানো
নম্বৰ ৱানত। সকলোতকৈ নম্বৰ ৱান- এনেকুৱা সন্তান বাবাৰ সদায় প্ৰিয়। বুজি পাইছা? অচ্ছা।
পাৰ্টিৰ লগত অব্যক্ত বাপদাদাৰ সাক্ষাৎ:- সদায় নিজকে শ্ৰেষ্ঠ ভাগ্যৱান বুলি ভাৱানে?
ঘৰত বহিয়ে ভাগ্যবিধাতাৰ দ্বাৰা শ্ৰেষ্ঠ ভাগ্য পাই গ’লা। ঘৰত বহিয়ে ভাগ্য প্ৰাপ্ত কৰা-
এয়া কিমান আনন্দৰ কথা! অবিনাশী বাবাই, অবিনাশী প্ৰাপ্তি কৰায়। গতিকে অবিনাশী অৰ্থাৎ
সদায়, কেতিয়াবা-কেতিয়াবা নহয়। গতিকে ভাগ্যক দেখি সদায় আনন্দিত হোৱানে? প্ৰতিটো
সময়তেই ভাগ্য আৰু ভাগ্যবিধাতা- দুইটিয়ে স্বতঃ মনত থকা উচিত। সদায় ‘বাহ, মোৰ শ্ৰেষ্ঠ
ভাগ্য!’- এয়াই গীত গাই থকা। এয়া মনৰ গীত। যিমানেই এই গীত গাবা সিমানেই সদায় উৰন্ত
কলাৰ অনুভৱ কৰি থাকিবা। গোটেই কল্পতেই এনেকুৱা ভাগ্য প্ৰাপ্ত কৰাৰ এয়া এটিয়েই সময়,
সেইবাবে শ্লোগানো আছে ‘এতিয়া নহ’লে কেতিয়াও নহয়’। যিয়েই শ্ৰেষ্ঠ কাৰ্য্য কৰিব বিচৰা,
সেয়া এতিয়াই কৰিব লাগিব। প্ৰতিটো কাৰ্য্যতেই প্ৰতিটো সময়ত এয়া মনত ৰাখিবা যে এতিয়া
নহ’লে কেতিয়াও নহ’ব। যাৰ এয়া স্মৃতিত থাকে তেওঁ কেতিয়াও সময়, সংকল্প বা কৰ্ম অপচয়
হ’বলৈ নিদিব, সদায় জমা কৰি থাকিব। বিকৰ্মৰতো কথাই নাই কিন্তু ব্যৰ্থ কৰ্মইও
প্ৰবঞ্চনা কৰে। গতিকে প্ৰতিটো চেকেণ্ডত প্ৰতিটো সংকল্পৰ মহত্ব জানা নহয়নে। জমাৰ
খতিয়ান সদায় ভৰি থাকক। যদি প্ৰতিটো চেকেণ্ডতেই বা প্ৰতিটো সংকল্প শ্ৰেষ্ঠ জমা কৰি
থকা, ব্যৰ্থত যদি খৰচ নকৰা তেন্তে 21 জনমৰ কাৰণে নিজৰ খতিয়ান শ্ৰেষ্ঠ বনাই লোৱা।
গতিকে যিমান জমা কৰিব লাগে সিমান জমা কৰি আছানে? এই কথাখিনিৰ ওপৰত আৰু গুৰুত্ব দিবা-
এক চেকেণ্ডো, সংকল্পো ব্যৰ্থত নাযায় যেন। ব্যৰ্থ যেতিয়া শেষ হৈ যাব তেতিয়াহে সদায়
সমৰ্থ হৈ যাবা। অচ্ছা। অন্ধ্ৰপ্ৰদেশত বহুত গৰীৱ আছে নহয়নে। আৰু তোমালোক সিমানেই ধনী
হোৱা! চাৰিও দিশে অভাৱ বাঢ়ি গৈ আছে আৰু তোমালোকৰ ইয়াৰ ধনী বাঢ়ি হৈ আছে কিয়নো জ্ঞানৰ
ধন অহাৰ বাবে এই স্থূলও স্বতঃ দালি-ৰুটি পোৱাৰ নিচিনা আহিয়ে যায়। কোনোবা ব্ৰাহ্মণ
ভোকত থাকে জানো? গতিকে স্থূল ধনৰ অভাবো শেষ হৈ যায় কিয়নো বুধিয়ক হৈ যায়। কাম কৰি
নিজকে খোৱাৰ বাবে বা পৰিবাৰক খোৱাৰ বাবেও বিবেচনা আহি যায় সেইবাবে ডাৱল
সম্ভ্ৰান্তশালীতা আহি যায়। শৰীৰৰ বাবেও ভাল আৰু মনৰ বাবেও ভাল। দালি-ৰুটি আৰামেৰে
পাই আছা নহয়। ব্ৰহ্মাকুমাৰ-ব্ৰহ্মাকুমাৰী হোৱাৰ বাবে ৰাজকীয়তাও আহি গ’ল, ধনবানো হৈ
গ’লা আৰু অনেক জনম মালামাল হৈ থাকিবা। যিদৰে প্ৰথমে চলিছিলা, থাকিছিলা, পিন্ধিছিলা….ইয়াৰ
পৰা এতিয়া কিমান ৰাজকীয় হৈ গৈছা! এতিয়া সদায়ে স্বচ্ছ হৈ থকা। প্ৰথমে কাপোৰো মলিয়ন
পিন্ধিব পাৰিছিলা, এতিয়া বাহিৰে ভিতৰে দুইফালে স্বচ্ছ হৈ গৈছা। গতিকে ব্ৰহ্মাকুমাৰ
হোৱাৰ বাবে লাভ হ’ল নহয়। সকলো সলনি হৈ যায়, পৰিৱৰ্তন হৈ যায়। প্ৰথমৰ চেহেৰা, বুদ্ধি
চোৱা আৰু এতিয়াৰ যদি চোৱা তেন্তে পাৰ্থক্য বুজি পাই যাবা। এতিয়া আত্মিকতাৰ ৰেঙনি অহি
গৈছে, সেইবাবে চেহেৰাই সলনি হৈ গৈছে। গতিকে সদায় এইদৰে আনন্দত নাচি থকা। অচ্ছা।
ডাৱল বিদেশী ভাই-ভনী সকলৰ লগত:- ডাৱল বিদেশী হোৱানে? এনেয়েতো সকলো ব্ৰাহ্মণ আত্মা
সকল এই ভাৰত দেশৰেই। অনেক জনম ভাৰতবাসী হৈ আছা, এয়াতো সেৱাৰ বাবে অনেক স্থানলৈ গুছি
হৈছা সেইবাবে এয়া ইয়াৰেই লক্ষণ যে যেতিয়াই ভাৰতত অহা অৰ্থাৎ মধুবন ধৰণীত নতুবা
ব্ৰাহ্মণ পৰিবাৰত অহা তেতিয়া নিজৰ অনুভৱ কৰা। এনেও বিদেশৰ বিদেশী আত্মাসকল যিমানেই
ওচৰৰ সম্পৰ্কৰ হওঁক, সম্বন্ধৰ গৰাকী হওঁক কিন্তু যিদৰে ইয়াত আত্মাক নিজৰ অনুভৱ হয়,
এনেকুৱা তাত নালাগিব! যিমানেই ওচৰৰ আত্মা হ’ব সিমানেই নিজৰ অনুভৱ বেছিকৈ হ’ব। ভাবিব
লগাই নহ’ব যে মইয়ে আছিলো নে মই হ’ব পাৰো। প্ৰত্যেক স্থূল বস্তুও মৰমৰ অনুভৱ হ’ব।
যিদৰে কোনো নিজৰ বস্তু হয় নহয়। গতিকে এইবোৰ চিন। বাপদাদাই চাই আছে যে দূৰত থাকিও
অন্তৰৰ পৰা সদায় ওচৰত থাকোঁতা হোৱা। গোটেই পৰিবাৰে তোমালোকক এই শ্ৰেষ্ঠ ভাগ্যবানৰ
চকুৰে চায়। অচ্ছা।
বৰদান:
যুদ্ধত ভয়ভীত
হোৱা বা পিচলৈ অহাৰ সলনি বাবাৰ সংগৰ দ্বাৰা চিৰদিনৰ বিজয়ী হোৱা
সেনাত যুদ্ধ কৰোঁতা
যি যোদ্ধা হয় তেওঁলোকৰ শ্লোগান হয় যে হৰাতো বা পিছলৈ অহাতো দূৰ্বল সকলৰ কাম, যোদ্ধা
অৰ্থাৎ মৰা আৰু মাৰা। তোমালোক সকলো আত্মিক যোদ্ধা ভয় খোৱা বা পিচলৈ আহোঁতা নহয়,
সদায় আগবাঢ়োতা বিজয়ী হওঁতা হোৱা। এনেদৰে কেতিয়াও নাভাবিবা যে কিমানলৈ যুদ্ধ কৰিম,
এয়াতো গোটেই জীৱনৰেই কথা কিন্তু 5000 বছৰৰ প্ৰালব্ধৰ হিচাপত এয়াতো চেকেণ্ডৰ কথা,
কেৱল বিশাল বুদ্ধিৰ হৈ বেহদৰ হিচাপেৰে চোৱা আৰু বাবাৰ স্মৃতি বা সংগত থকাৰ অনুভূতিৰ
দ্বাৰা বিজয়ী হোৱা।
স্লোগান:
সদায় আশা আৰু
বিশ্বাসৰ আধাৰত বিজয়ী হোৱা।