17-01-2021 প্ৰাতঃমুৰলী ওম্শান্তি "অব্যক্ত বাপদাদা” 14-10-1987


মধুবন

"*ব্ৰাহ্মণ জীৱন - পিতাৰ সৈতে সৰ্ব সম্বন্ধ অনুভৱ কৰাৰ জীৱন*”

আজি বাপদাদাই নিজৰ অনেকবাৰ মিলন উদযাপন কৰা, অনেক কল্পৰ পৰা মিলিত হৈ অহা সন্তানসকলৰ সৈতে পুনৰাই মিলন উদযাপন কৰিবলৈ আহিছেহঁক। এই অলৌকিক, অব্যক্ত মিলন ভৱিষ্যতে স্বৰ্ণ যুগতো হ’ব নোৱাৰে। কেৱল এই সময়ত এই বিশেষ যুগটিৰ পিতা আৰু সন্তানসকলৰ মিলনৰ বৰদান প্ৰাপ্ত হৈছে সেয়েহে এই যুগটিৰ নামেই হ’ল সংগমযুগ অৰ্থাৎ মিলন উদযাপন কৰাৰ যুগ। এনেকুৱা যুগত এনেকুৱা শ্ৰেষ্ঠ মিলন উদযাপন কৰা বিশেষ ভূমিকা পালন কৰোঁতা আত্মা হোৱা। বাপদাদাও এনেহেন কোটিৰ মাজত কোনোবা আত্মাসকলক দেখি হৰ্ষিত হয় আৰু সোঁৱৰাই দিয়ে। আদিৰ পৰা অন্তলৈকে কিমান স্মৃতি জাগ্ৰত কৰিছে? যদি স্মৃতিলৈ আনা তেন্তে দীঘল তালিকা হৈ যাব। ইমান স্মৃতি জাগ্ৰত কৰিছে যে তোমালোক সকলো স্মৃতি স্বৰূপ হৈ গ’লা। ভক্তিত তোমালোক স্মৃতি-স্বৰূপ আত্মাসকলৰ স্মাৰক ৰূপত ভক্তসকলেও সকলো সময়ত স্মৰণ কৰি থাকে। তোমালোক সকলো স্মৃতি স্বৰূপ আত্মাসকলৰ প্ৰতিটো কৰ্মৰ বিশেষত্বক স্মৰণ কৰি থাকে। তোমালোক স্মৃতি-স্বৰূপ আত্মাসকলৰ প্ৰতিটো কৰ্মৰ বিশেষত্ব সোঁৱৰণ কৰি থাকে। ভক্তিৰ বিশেষত্বই হ’ল স্মৰণ অৰ্থাৎ কীৰ্তন কৰা। স্মৰণ কৰি কৰি আনন্দত কিমান মগন হৈ যায়। অল্পকালৰ বাবে তেওঁলোকৰো কোনো চেতনাই নাথাকে। স্মৰণ কৰি কৰি তাতে মগন হৈ যায় অৰ্থাৎ স্নেহত বিলীন হৈ যায়। অল্পকালৰ এই অনুভৱ সেই আত্মাসকলৰ বাবে কিমান মৰমৰ আৰু অনন্য হয়! এয়া কিয় হয়? কিয়নো যিসকল আত্মাক স্মৰণ কৰে, সেই আত্মাসকল নিজেও পিতাৰ স্নেহত সদায় বিলীন হৈ আহিছে, পিতাৰ সৰ্ব-প্ৰাপ্তিত সদায় মগন হৈ আহিছে সেইবাবে এনেকুৱা আত্মাসকলক স্মৰণ কৰিলে সেই ভক্তসকলৰ অল্পকালৰ বাবে তোমালোক বৰদানী আত্মাসকলৰ দ্বাৰা অঞ্জলিৰ ৰূপত অনুভূতি প্ৰাপ্ত হৈ যায়। তেন্তে ভাবা, যেতিয়া স্মৰণ কৰোঁতা ভক্ত আত্মাসকলৰো এনেকুৱা অলৌকিক অনুভৱ হয় তেন্তে তোমালোক স্মৃতি-স্বৰূপ, বৰদাতা, বিধাতা আত্মাসকলৰ বাস্তৱ জীৱনত কিমান অনুভৱ হয়! এই অনুভূতি সমূহেৰেই সদায় আগবাঢ়ি যোৱা।

প্ৰতোটো খোজত ভিন্ন ভিন্ন স্মৃতি-স্বৰূপৰ অনুভৱ কৰি যোৱা। যেনেকুৱা সময়, যেনেকুৱা কৰ্ম তেনেকুৱা স্বৰূপৰ স্মৃতি প্ৰত্যক্ষ ৰূপত অনুভৱ কৰা। যিদৰে, অমৃতবেলা দিন আৰম্ভ হওতে পিতাৰ সৈতে মিলন উদযাপন কৰি - মাষ্টৰ বৰদাতা হৈ বৰদাতাৰ পৰা বৰদান লওঁতা শ্ৰেষ্ঠ আত্মা হওঁ, পোনপটীয়াভাৱে ভাগ্যবিধাতাৰ দ্বাৰা ভাগ্য প্ৰাপ্ত কৰোঁতা পদমাপদম ভাগ্যৱান আত্মা হওঁ - এইটো শ্ৰেষ্ঠ স্বৰূপ স্মৃতিলৈ আনা। বৰদানী সময়, বৰদাতা বিধাতা লগত আছে। মাষ্টৰ বৰদানী হৈ নিজেও সম্পন্ন হৈ আছা আৰু অন্য আত্মাসকলকো বৰদান দিওঁতা বৰদানী আত্মা হোৱা - এইটো স্মৃতি-স্বৰূপ প্ৰকট কৰা। এনেকুৱা নহয় যে এয়াতো হওঁৱেই। কিন্তু ভিন্ন ভিন্ন স্মৃতি-স্বৰূপক সময় অনুসৰি অনুভৱ কৰা তেতিয়া বহুত বিচিত্ৰ আনন্দ, বিচিত্ৰ প্ৰাপ্তিৰ ভঁৰাল হৈ যাবা আৰু সদায় অন্তৰৰ পৰা প্ৰাপ্তিৰ গীত স্বতঃ সীমাহীন শব্দৰ ৰূপত ওলাই থাকিব - "যি পাবলগীয়া আছিল সেয়া পাই গ’লো…”। এইদৰে ভিন্ন ভিন্ন সময় আৰু কৰ্ম অনুসৰি স্মৃতি-স্বৰূপৰ অনুভৱ কৰি যোৱা। মুৰুলী শুনোঁতে যাতে এইটো স্মৃতি থাকে যে ঈশ্বৰীয় বিদ্যাৰ্থী জীৱন অৰ্থাৎ ভগৱানৰ বিদ্যাৰ্থী হওঁ, স্বয়ং ভাগৱান মোৰ বাবে পৰমধামৰ পৰা পঢ়াবলৈ আহিছে। এয়াই বিশেষ প্ৰাপ্তি যে স্বয়ং ভগৱান আহে। এইটো স্মৃতি-স্বৰূপেৰে যেতিয়া মুৰুলী শুনা তেতিয়া কিমান নিচা হয়! যদি সাধাৰণ ৰীতিৰে নিয়ম অনুসৰি শুনাওঁতাই শুনাই আছে আৰু শুনোঁতাই শুনি আছে তেন্তে ইমান নিচা অনুভৱ নহ’ব। কিন্তু ভগৱানৰ আমি বিদ্যাৰ্থী হওঁ - এইটো স্মৃতিক স্বৰূপত আনি তাৰপাছত শুনা, তেতিয়া অলৌকিক নিচাৰ অনুভৱ হ’ব। বুজিলা?

ভিন্ন ভিন্ন সময়ৰ ভিন্ন ভিন্ন স্মৃতি-স্বৰূপৰ অনুভৱত কিমান নিচা থাকিব! এইদৰে গোটেই দিন প্ৰতিটো কৰ্মত পিতাৰ সৈতে স্মৃতি-স্বৰূপ হৈ চলা - কেতিয়াবা ভগৱানৰ সখা বা সংগী ৰূপৰ, কেতিয়াবা জীৱন সংগীৰ ৰূপৰ, কেতিয়াবা ভগৱান মোৰ মুৰব্বী সন্তান হয় অৰ্থাৎ প্ৰথম অধিকাৰী, প্ৰথম উত্তৰাধিকাৰী হয়। কোনোবা এনেকুৱা বহুত সুন্দৰ আৰু বহুত লায়ক সন্তান থাকিলে তেতিয়া মা-পিতাৰ কিমান নিচা থাকে যে মোৰ সন্তানটি কুল দীপক হয় বা কুলৰ নাম উজ্জ্বল কৰোঁতা হয়! যাৰ ভগৱান সন্তান হৈ যায় তেওঁৰ নাম কিমান প্ৰখ্যাত হ’ব! তেওঁৰ কিমান কুলৰ কল্যাণ হ’ব! গতিকে যেতিয়া কেতিয়াবা জগতৰ বাতাবৰণ বা ভিন্ন ভিন্ন সমস্যাত অলপো নিজক অকলশৰীয়া বা দুখৰ অনুভৱ কৰা তেতিয়া এনেকুৱা সুন্দৰ সন্তানৰ ৰূপত খেলা, সখাৰ ৰূপত খেলা। কেতিয়াবা ভাগৰি গ’লে তেতিয়া ‘মা’ৰ ৰূপত কোলাত শুই যোৱা, সমাহিত হৈ যোৱা। কেতিয়াবা হতাশ হৈ গ’লে তেতিয়া সৰ্বশক্তিমান স্বৰূপেৰে মাষ্টৰ সৰ্বশক্তিমানৰ স্মৃতি-স্বৰূপৰ অনুভৱ কৰা তেতিয়া হতাশা আঁতৰি অন্তৰ আনন্দিত হৈ যাব। ভিন্ন ভিন্ন সময়ত ভিন্ন ভিন্ন সম্বন্ধেৰে, ভিন্ন ভিন্ন নিজৰ স্বৰূপৰ স্মৃতিক জাগ্ৰত ৰূপত অনুভৱ কৰা তেতিয়া পিতাৰ সান্নিধ্য সদায় স্বতঃ অনুভৱ কৰিবা আৰু এই সংগমযুগৰ ব্ৰাহ্মণ জীৱন সদায়েই অমূল্য অনুভৱ হৈ থাকিব।

আৰু এটা কথা – যে সৰ্ব সম্বন্ধ পালন কৰাত ইমান ব্যস্ত হৈ থাকিবা যে মায়া আহিবলৈ আজৰিয়েই নাপাব। যেনেকৈ লৌকিকত ডাঙৰ প্ৰবৃত্তিত (সংসাৰত) থকাসকলে সদায় এনেকৈয়ে কয় যে প্ৰবৃত্তিৰ তত্ত্বাৱধান লোৱাত ইমান ব্যস্ত যে অন্য কোনো কথা স্মৃতিতে নাথাকে কিয়নো বহুত ডাঙৰ প্ৰবৃত্তি। গতিকে তোমালোক ব্ৰাহ্মণ আত্মাসকলৰ প্ৰভুৰ সৈতে প্ৰীতি পালন কৰাৰ প্ৰভু-প্ৰবৃত্তি কিমান ডাঙৰ! তোমালোকৰ প্ৰভু-প্ৰবৃত্তি শুই থাকোঁতেও চলে! যদি যোগনিদ্ৰাত থাকা তেন্তে তোমালোকৰ নিদ্ৰা নহয় কিন্তু যোগনিদ্ৰা। নিদ্ৰাতো প্ৰভু-মিলন কৰিব পাৰা। যোগৰ অৰ্থই হ’ল মিলন। যোগনিদ্ৰা অৰ্থাৎ অশৰীৰী বোধৰ স্থিতিৰ অনুভূতি। গতিকে এয়াও প্ৰভু-প্ৰীতি নহয় জানো। সেয়েহে তোমালোকৰ দৰে ডাঙৰ প্ৰবৃত্তি কাৰোৰে নাই! এক চেকেণ্ডো তোমালোকৰ আজৰি নাই কিয়নো ভক্তিত ভক্তৰ ৰূপতো গীত গাই আছিলা যে বহুদিনৰ পাছত প্ৰভু আপোনাক পাইছোঁ, গতিকে গণি গণি পূৰা হিচাপ ল’ম। গতিকে এটি এটি চেকেণ্ডৰ হিচাপ লওঁতা হোৱা। গোটেই কল্পৰ মিলনৰ হিচাপ এই সৰু এটা জন্মত পূৰা কৰা। পাচ হাজাৰ বছৰৰ তুলনাত এই সৰু জন্মটি কেইটিমান দিনৰ হিচাপত নহ’ল জানো। গতিকে কেইটিমান দিনতে ইমান দীঘলীয়া সময়ৰ হিচাপ পূৰা কৰিব লাগে, সেইকাৰণে কয় – শ্বাসে প্ৰতি স্মৰণ কৰা। ভক্তই স্মৰণ কৰে, তোমালোক স্মৃতি-স্বৰূপ হোৱা। গতিকে তোমালোকৰ এক চেকেণ্ডৰ বাবেও আজৰি আছে জানো? কিমান ডাঙৰ প্ৰবৃত্তি! এই প্ৰবৃত্তিৰ আগত সেই সৰু প্ৰবৃত্তিয়ে আকৰ্ষিত নকৰিব আৰু সহজতে, স্বতঃ দেহ সহিত দেহৰ সকলো সম্বন্ধ আৰু দেহৰ পদাৰ্থ বা প্ৰাপ্তিসমূহৰ প্ৰতি নষ্টোমোহা, স্মৃতি-স্বৰূপ হৈ যাবা। এই অন্তিম কাকতে ক্ৰমানুসৰি মালাৰ মণিক কৰি তুলিব।

যেতিয়া অমৃতবেলাৰ পৰা যোগনিদ্ৰালৈকে ভিন্ন ভিন্ন স্মৃতি স্বৰূপৰ অনুভৱী হৈ যাবা তেতিয়া বহুকালৰ স্মৃতি স্বৰূপৰ অনুভৱে অন্তত স্মৃতি-স্বৰূপৰ প্ৰশ্নত (কাকতত) সন্মান সহকাৰে উত্তীৰ্ণ কৰাই দিব। বহুত ৰমনীয় জীৱনৰ অনুভৱ কৰিবা কিয়নো জীৱনত প্ৰত্যেক মনুষ্য আত্মাৰ পচন্দ হৈছে যে বিচিত্ৰতা হওঁক - এয়াই বিচাৰে। গতিকে গোটেই দিনটোত ভিন্ন ভিন্ন সম্বন্ধ, ভিন্ন ভিন্ন স্বৰূপৰ বিচিত্ৰতা অনুভৱ কৰা। যিদৰে জগততো কয় নহয় - পিতাতো লাগেই কিন্তু পিতাৰ লগত যদি জীৱন সংগীৰ অনুভৱ নহয় তেন্তে জীৱনটো আধা বুলি ভাবে, সন্তান নহ’লে তেতিয়াও জীৱনটো আধা বুলি ভাবে। প্ৰতিটো সম্বন্ধকে সম্পন্ন জীৱন বুলি ভাবে। গতিকে এই ব্ৰাহ্মণ জীৱন ভগৱানৰ সৈতে সকলো সম্বন্ধৰ অনুভৱ কৰোঁতা সম্পন্ন জীৱন হয়! এটা সম্বন্ধৰো অভাৱ হ’বলৈ নিদিবা। এটা সম্বন্ধও যদি ভগৱানৰ সৈতে কম হয়, তেন্তে কোনোবা বা নহয় কোনোবা আত্মাই সেইটো সম্বন্ধেৰে নিজৰ ফালে আকৰ্ষিত কৰি ল’ব। যিদৰে বহুত সন্তানে কেতিয়াবা কেতিয়াবা কয় - পিতাৰ ৰূপততো আছেই কিন্তু সখা বা সখী অথবা মিত্ৰৰতো সৰু ৰূপ হয়, তাৰ কাৰণেতো আত্মা লাগে কিয়নো পিতাতো ডাঙৰ হয়। কিন্তু পৰমাত্মাৰ সম্বন্ধৰ মাজত কোনোবা সৰু বা লঘু আত্মাৰ সম্বন্ধ মিহলি হৈ গ’লে তেতিয়া ‘সৰ্ব’ শব্দ সমাপ্ত হৈ যায় আৰু যথাশক্তিৰ শাৰীত আহি যায়। ব্ৰাহ্মণৰ ভাষাত প্ৰতিটো কথাত ‘সৰ্ব’ শব্দ আহে। য’ত ‘সৰ্ব’ আছে, ত’তেই সম্পন্নতা আছে। যদি দুটা কলাও কম হৈ গ’ল তেন্তে দ্বিতীয় মালাৰ মণি হৈ যায়, সেয়েহে সৰ্ব সম্বন্ধৰ সৰ্ব স্মৃতি-স্বৰূপ হোৱা। বুজিলা? যেতিয়া ভগৱানে স্বয়ং সৰ্ব সম্বন্ধৰ অনুভৱ কৰাবৰ বাবে প্ৰস্তাৱ দি আছে তেন্তে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে নহয় জানো। এনেকুৱা সোণালী প্ৰস্তাৱ ভগৱান বাহিৰে কোনেও আৰু এই সময়ৰ বাহিৰে অন্য কোনো সময়ত কৰিব নোৱাৰে। কোনোবা পিতাও হ’ব আৰু সন্তানো হ’ব - এয়া হ’ব পাৰে জানো? এই এজনৰে মহিমা, এজনৰেই মহানতা সেয়েহে সৰ্ব সম্বন্ধেৰে স্মৃতি স্বৰূপ হ’ব লাগে। ইয়াত আনন্দ আছে নহয়? ব্ৰাহ্মণ জীৱন কিহৰ কাৰণে? আনন্দত থাকিবলৈ বা উপভোগ কৰিবলৈ। গতিকে এই অলৌকিক আনন্দ পালন কৰা। আনন্দৰ জীৱন অনুভৱ কৰা। বাৰু!

আজি দিল্লীৰ দৰবাৰৰ সকল আছে। ৰাজ্য দৰবাৰৰ হোৱা নে কেৱল চাওঁতা হোৱা? দৰবাৰত ৰাজ্য কৰোঁতা আৰু চাওঁতা – দুয়োবিধেই বহে। তোমালোক কোন হোৱা? দিল্লীৰ দুটা বিশেষত্ব আছে। এটা – দিল্লী দিলাৰামৰ অন্তৰ হয়, আনটো - গাদীৰ স্থান হয়। অন্তৰ হয় তেন্তে অন্তৰত কোন থাকিব? দিলাৰাম। গতিকে দিল্লী নিবাসী অৰ্থাৎ অন্তৰত সদায় দিলাৰামক ৰাখোঁতা। এনেকুৱা অনুভৱী আত্মা আৰু এতিয়াৰ পৰা স্বৰাজ্য অধিকাৰী তথা ভৱিষ্যতৰ বিশ্ব-ৰাজ অধিকাৰী। অন্তৰত যেতিয়া দিলাৰাম আছে তেন্তে এতিয়া ৰাজ্য অধিকাৰী হোৱা আৰু সদায় হৈ থাকিবা। গতিকে সদায় নিজৰ জীৱনত চোৱা যে এই দুটি বিশেষত্ব আছেনে? অন্তৰত দিলাৰাম আকৌ অধিকাৰীও। এনেকুৱা সোণালী সুযোগ, সোণালীতকৈও হীৰাতুল্য সুযোগ লওঁতা কিমান ভাগ্যৱান হোৱা! বাৰু!

এতিয়াতো বেহদৰ (অসীমৰ) সেৱাৰ বহুত উত্তম সাধন পাইছা – দেশতে হওক বা বিদেশতে হওক। যেনেকুৱা নাম, তেনেকুৱাই সুন্দৰ কাৰ্য! নাম শুনিয়েই সকলোৰে উৎসাহ জাগিছে - "সকলোৰে স্নেহ, সহযোগেৰে সুখময় সংসাৰ”! এইটোতো দীঘলীয়া কাৰ্য, এটা বছৰকৈও অধিক সময় ল’ব। গতিকে যেনেকৈ কাৰ্যৰ নাম শুনিয়েই সকলোৰে উৎসাহ জাগে তেনেকৈয়ে কাৰ্যও উৎসাহেৰে কৰিব। যেনেকৈ সুন্দৰ নাম শুনি আনন্দিত হৈ আছা, তেনেকৈ কাৰ্য কৰি সদায় আনন্দিত হৈ যাবা। এয়াও শুনালোঁ নহয় যে প্ৰতক্ষ্যতাৰ পৰ্দা লৰচৰ কৰা অথবা পৰ্দা মুকলি হোৱাৰ আধাৰ তৈয়াৰ হৈছে আৰু তৈয়াৰ হৈ থাকিব। সকলোৰে সহযোগী - যেনেকৈ কাৰ্যৰ নাম, তেনেকৈয়ে স্বৰূপ হৈ সহজে কাৰ্য কৰি থাকিলে তেতিয়া পৰিশ্ৰম নামমাত্ৰ আৰু সফলতা পদমগুণ অনুভৱ কৰি থাকিবা। এনেকুৱা অনুভৱ কৰিবা যে কৰাৱনহাৰে নিমিত্ত কৰি কৰাই আছে। মই কৰি আছোঁ - নহয়। ইয়াৰ দ্বাৰা সহযোগী নহ’ব। কৰাৱনহাৰে কৰাই আছে। চলাওঁতাই কাৰ্য চলাই আছে। যেনেকৈ তোমালোক সকলোৰে জগদম্বাৰ শ্লোগান স্মৃতিত আছে – হুকুম দিওঁতাই হুকুম কাৰ্যকৰী কৰি আছে। এইটো শ্লোগানেই সদায় স্মৃতি- স্বৰূপত আনিলে সফলতা প্ৰাপ্ত হৈ থাকিব। বাকী চাৰিওফালে উৎসাহ-উদ্দীপনা ভালেই দেখা গৈছে। য’ত উৎসাহ-উদ্দীপনা আছে ত’ত সফলতা স্বয়ং সমীপত আহি ডিঙিৰ মালা হৈ যায়। এই বিশাল কাৰ্যই অনেক আত্মাক সহযোগী কৰি সমীপত আনিব কিয়নো প্ৰত্যক্ষতাৰ পৰ্দা মুকলিৰ পাছত এই বিশাল মঞ্চত প্ৰতিটো বৰ্গৰ ভূমিকা পালন কৰোঁতাসকল মঞ্চত প্ৰত্যক্ষ হোৱা উচিত। প্ৰতিটো বৰ্গৰ অৰ্থই হৈছে - বিশ্বৰ সকলো আত্মাৰ বৈচিত্ৰ্যময় বৃক্ষৰ সংগঠন ৰূপ। কোনোটো বৰ্গই যাতে বাদ পৰি নাযায় যাৰ বাবে আপত্তি দৰ্শাব যে বাৰ্তা নাপালোঁ, সেইকাৰণে, নেতাকে আদি কৰি বস্তি অঞ্চললৈকে বৰ্গ আছে। শিক্ষিত সকলোকৈ উত্তম বৈজ্ঞানীকসকল আকৌ যিসকল অশিক্ষিত তেওঁলোককো এই জ্ঞান দিবা, এয়াও সেৱা। তেন্তে সকলো বৰ্গ অৰ্থাৎ বিশ্বৰ সকলো আত্মাক বাৰ্তা দিব লাগে। কিমান বিশাল কাৰ্য! এনেকৈ কোনেও ক’ব নোৱাৰে যে আমিতো সেৱাৰ সুযোগ নাপাওঁ। লাগিলে কোনোবা বেমাৰী হওঁক, বেমাৰীয়ে বেমাৰীৰ সেৱা কৰা, অশিক্ষিতই অশিক্ষিতৰ সেৱা কৰা। যিয়েই কৰিব পাৰা, সেই সুযোগ আছে। বাৰু, যদি ক’ব নোৱাৰা তেন্তে মনেৰে বায়ুমণ্ডল সৃষ্টি কৰি সুখৰ বৃত্তি, সুখময় স্থিতিৰে সুখময় সংসাৰ গঢ়ি তোলা। কোনো অজুহাত দেখুৱাব নোৱাৰা যে মই কৰিব নোৱাৰোঁ, সময় নাই। উঠোঁতে-বহোঁতে 10-10 মিনিট সেৱা কৰা। আঙুলিতো (সহযোগতো) দিবা নহয়? যদি ক’ৰবালৈ যাব নোৱাৰা, স্বাস্থ্য ভাল নহয় তেন্তে ঘৰত বহি কৰা কিন্তু সহযোগী নিশ্চয় হ’ব লাগে, তেতিয়া সকলোৰে সহযোগ প্ৰাপ্ত হ’ব। বাৰু।

উৎসাহ-উদ্দীপনা দেখি বাপদাদাও আনন্দিত হয়। সকলোৰে মনত নিষ্ঠা আছে যে এতিয়া প্ৰত্যক্ষতাৰ পৰ্দা মুকলি কৰি দেখুৱাও। আৰম্ভতো হৈছে নহয় জানো। তেতিয়া আকৌ সহজ হৈ যাব। বিদেশৰ সন্তানসকলৰ পৰিকল্পনাও বাপদাদাৰ ওচৰলৈ আহি থাকে। নিজেও উৎসাহত আছে আৰু সকলোৰে সহযোগো উৎসাহ-উদ্দীপনাৰে প্ৰাপ্ত হৈ থাকে। উৎসাহ থাকিলে উৎসাহ পায়, উদ্দীপনা থাকিলে উদ্দীপনা পায়। এয়াও মিলন হৈ আছে। গতিকে খুব ধুম-ধামেৰে এই কাৰ্যক আগবঢ়াই নিয়া। উৎসাহ-উদ্দীপনাৰে যি পৰিকল্পনা কৰিছা সেয়া পিতাৰ, সকলো ব্ৰাহ্মণৰ সহযোগেৰে, শুভকামনা-শুভভাৱনাৰে আৰু আগবাঢ়ি গৈ থাকিব। ভাল বাৰু!

চাৰিওফালৰ সদায় স্মৃতি আৰু সেৱাৰ উৎসাহ-উদ্দীপনা থকা শ্ৰেষ্ঠ সন্তানসকলক, সদায় প্ৰতিটো কৰ্মত স্মৃতি-স্বৰূপৰ অনুভূতি কৰোঁতা আনুভৱী আত্মাসকলক, সদায় প্ৰতিটো কৰ্মত পিতাৰ সৰ্ব সম্বন্ধৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক, সদায় ব্ৰাহ্মণ জীৱনৰ আনন্দৰ জীৱন অতিবাহিত কৰোঁতা মহান আত্মাসকলক বাপদাদাৰ অতি স্নেহ-সম্পন্ন স্মৰণ স্বীকাৰ হওঁক।

বৰদান:

সংগমযুগত একৰ বিপৰীতে এশগুণ প্ৰত্যক্ষফল প্ৰাপ্ত কৰোঁতা পদমাপদম ভাগ্যশালী হোৱা

সংগমযুগেই একৰ বিপৰীতে এশগুণ প্ৰত্যক্ষফল দিওঁতা হয়, কেৱল এবাৰ সংকল্প কৰিলা যে মই পিতাৰ হওঁ, মই মাষ্টৰ সৰ্বশক্তিমান হওঁ তেন্তে মায়াজিৎ হোৱাৰ, বিজয়ী হোৱাৰ নিচাৰ অনুভৱ হয়। শ্ৰেষ্ঠ সংকল্প কৰা - এয়াই হৈছে বীজ আৰু তাৰ সকলোতকৈ শ্ৰেষ্ঠ ফল হৈছে যে স্বয়ং পৰমাত্মা পিতাও সাকাৰ মনুষ্য ৰূপত সাক্ষাৎ কৰিবলৈ আহে, এই ফলত সকলো ফল আহি যায়।

স্লোগান:

সঁচা ব্ৰাহ্মণ তেওঁ যাৰ চেহেৰা আৰু চৰিত্ৰৰে পবিত্ৰতাৰ ব্যক্তিত্ব বা ৰাজকীয়তাৰ অনুভৱ হয়।

!! ওঁম্ শান্তি !!

সূচনা:- আজি মাহৰ তৃতীয় ৰবিবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, সন্ধ্যা 6.30 বজাৰ পৰা 7.30 বজালৈকে সকলো ভ্ৰাতৃ-ভগ্নীয়ে বিশেষ যোগ তপস্যা কৰি, নিজৰ শুভ-ভাৱনা সম্পন্ন সংকল্পৰ দ্বাৰা প্ৰকৃতি সহিত বিশ্বৰ সকলো আত্মাক শান্তি আৰু শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰে যেন।