12.06.19 Morning Assame Murli Om Shanti BapDada Madhuban
"মৰমৰ সন্তানসকল –
এতিয়া এমুঠি চানাৰ (নগন্য প্ৰাপ্তিৰ) পাছত নিজৰ সময় নষ্ট নকৰিবা, এতিয়া পিতাৰ
সহায়কাৰী হৈ পিতাৰ নাম উজ্জ্বল কৰা” (বিশেষ কুমাৰীসকলৰ প্ৰতি)
প্ৰশ্ন:
এই জ্ঞান
মাৰ্গত তোমালোক আগবাঢ়ি গৈ আছা, তাৰ চিন কি?
উত্তৰ:
যিসকল সন্তানৰ
শান্তিধাম আৰু সুখধাম সদায় স্মৃতিত থাকে। স্মৰণৰ সময়ত বুদ্ধি ক’তো ইফালে-সিফালে ঘূৰি
নুফুৰে, বুদ্ধিত ব্যৰ্থ খেয়াল নাহে, বুদ্ধি একাগ্ৰ হয়, কলাঘুমটীয়াই (টোপনিয়াই)
নাথাকে, সীমাহীন আনন্দত থাকে তেন্তে ইয়াৰ দ্বাৰা সিদ্ধ হয় যে আগবাঢ়ি গৈ আছা।
ওঁম্শান্তি।
সন্তানসকল
ইমান সময় ইয়াত বহি আছে। অন্তৰতো উপলব্ধি হয় আমি যেন শিৱালয়ত বহি আছো। শিৱবাবাও
স্মৃতিলৈ আহি যায়। স্বৰ্গও স্মৃতিলৈ আহি যায়। স্মৰণৰ দ্বাৰাহে সুখ পোৱা যায়। এয়াও
বুদ্ধিত স্মৃতি থাকে, আমি শিৱালয়ত বহি আছো তেতিয়াও আনন্দ থাকিব। শেষততো সকলোৱে
শিৱালয়লৈ যাবই লাগিব। শান্তিধামত কোনেও বহি যাব নালাগে। প্ৰকৃততে শান্তিধামকো
শিৱালয় বুলি কোৱা হ’ব, সুখধামকো শিৱালয় বুলি কোৱা হ’ব। দুয়োখনে স্থাপনা কৰে।
তোমালোক সন্তানসকলে স্মৰণো দুয়োখনকে কৰিব লাগে। সেই শিৱালয় (শান্তিধাম) হৈছে
শান্তিৰ বাবে আৰু সেই শিৱালয় (সুখধাম) হৈছে সুখৰ বাবে। এয়া হ’ল দুখধাম। এতিয়া
তোমালোক সংগমত বহি আছা। শান্তিধাম আৰু সুখধামৰ বাহিৰে আৰু একোৱেই স্মৃতিলৈ আহিব
নালাগে। য’তেই বহি নাথাকা, পেছাগত কাম-কাজতে হওক বুদ্ধিত দুয়োখন শিৱালয়ৰ স্মৃতি অহা
উচিত। দুখধামক পাহৰি যাব লাগে। সন্তানসকলে জানে – এয়া হৈছে বেশ্যালয়, দুখধাম এতিয়া
সমাপ্ত হৈ যাব।
ইয়াত বহি তোমালোক সন্তানসকল কলাঘুমটীয়াই থাকিব নালাগে। বহুতৰে বুদ্ধি
ক’ৰবাত-ক’ৰবাতত অন্যফালে গুচি যায়। মায়াৰ বিঘিনি আহে। তোমালোক সন্তানসকলৰ পিতাই বাৰে
বাৰে কয় – সন্তানসকল, মনমনাভৱ। ভিন ভিন প্ৰকাৰৰ যুক্তিও শুনায়। ইয়াত বহি আছা,
বুদ্ধিৰে এইটো স্মৰণ কৰা যে আমি প্ৰথমতে শান্তিধাম, শিৱালয়লৈ যাম পুনৰ সুখধামলৈ
আহিম। এনেকৈ স্মৰণ কৰিলে পাপ খণ্ডন হ’ব। যিমানে তোমালোকে স্মৰণ কৰা সিমানে আগবাঢ়ি
যোৱা। ইয়াত অন্য কোনো খেয়ালত বহা উচিত নহয়। নহ’লে তোমালোকে আনৰ লোকচান কৰা। লাভৰ
সলনি আৰুহে লোকচান কৰা। আগতে যেতিয়া বহিছিলা তেতিয়া কাৰোবাক সন্মুখত নিৰীক্ষণ কৰিবলৈ
বহোৱা হৈছিল – কোন কলাঘুমটীয়াই থাকে, কোনে চকু বন্ধ কৰি বহে, তেতিয়া বহুত খবৰদাৰ (সাৱধান)
হৈ থাকিছিল। পিতাইয়ো দেখিছিল – এওঁৰ বুদ্ধিযোগ ক’ৰবাত ইফালে-সিফালে গৈ থাকে নে
কলাঘুমটীয়াই থাকে? এনেকুৱাও বহুত আহে, যিয়ে একোৱেই বুজি নাপায়। ব্ৰাহ্মণীসকলে লৈ আহে।
শিৱবাবাৰ সন্মুখলৈ অনা সন্তানসকল বহুত ভাল হোৱা উচিত, যিসকলে গাফিলতি কৰি নাথাকে
কিয়নো এয়া কোনো সাধাৰণ শিক্ষক নহয়। পিতাই বহি শিকায়। ইয়াতে বহুত সাৱধান হৈ বহা উচিত।
বাবাই 15 মিনিট শান্তিত বহুৱায়। তোমালোকতো ঘণ্টা দুঘণ্টা বহা। সকলোতো মহাৰথী নহয়।
যিসকল কেঁচা হয়, তেওঁলোকক সাৱধান কৰি দিব লাগে। সাৱধান কৰি দিলে সজাগ হৈ যাব।
যিসকলৰ স্মৃতিত নাথাকে, ব্যৰ্থ খেয়াল চলাই থাকে, তেওঁলোকে যেন বিঘিনি আনে কিয়নো
বুদ্ধি ক’ৰবাত নহয় ক’ৰবাত ঘূৰি ফুৰে। মহাৰথী, অশ্বাৰোহী, পদাতিক সকলো বহি আছে।
বাবাই আজি বিচাৰ সাগৰ মন্থন কৰি আহিছিল – মিউজিয়াম অথবা প্ৰদৰ্শনীত তোমালোক
সন্তানসকলে যিয়ে শিৱালয়, বেশ্যালয় আৰু পুৰুষোত্তম সংগমযুগ তিনিওটাৰে কথা কোৱা, এয়া
বুজাবলৈ বহুত ভাল। এয়া বহুত ডাঙৰ ডাঙৰকৈ বনোৱা উচিত। সকলোতকৈ ডাঙৰ ভৱন ইয়াৰ বাবে
হোৱা উচিত, যাতে মনুষ্যৰ বুদ্ধিত তৎক্ষণাৎ ধাৰণ হয়। সন্তানসকলৰ বিচাৰ চলা উচিত যে
আমি ইয়াৰ আমি আৰু উন্নতি কেনেকৈ কৰো। পুৰুষোত্তম সংগমযুগ বহুত ভালকৈ বনাব লাগে। তাৰ
দ্বাৰা মানুহে বহুত ভাল বুজনি পাব পাৰে। তপস্যাতো তোমালোক 5-6 জনক বহুওৱা কিন্তু
নহয়, 10-15 জনক তপস্যাত বহুওৱা উচিত। ডাঙৰ ডাঙৰ চিত্ৰ বনাই স্পষ্ট শব্দৰে লিখা উচিত।
তোমালোকে ইমান বুজোৱা তথাপিও বুজি পায় জানো। তোমালোকে বুজাবলৈ মেহনত কৰা, পাথৰ
বুদ্ধি নহয় জানো। সেয়েহে যিমান পাৰা ভালদৰে বুজোৱা উচিত। যি সেৱাত ব্ৰতী হৈ থাকে
তেওঁলোকে সেৱা বঢ়াবলৈ খেয়াল কৰিব লাগে। প্ৰজেক্টৰ, প্ৰদৰ্শনীত ইমান মজা নাই, যিমান
মিউজিয়ামত আছে। প্ৰজেক্টৰৰ দ্বাৰাতো একোৱেই নুবুজে। সকলোতকৈ ভাল হৈছে মিউজিয়াম,
লাগিলে সৰুৱেই হওক। এটা কোঠাততো এই শিৱালয়, বেশ্যালয় আৰু পুৰুষোত্তম সংগমযুগৰ দৃশ্য
থাকিব লাগে। বুজাবলৈ বহুত বিশাল বুদ্ধিৰ প্ৰয়োজন।
বেহদৰ পিতা, বেহদৰ শিক্ষক আহিছে কিন্তু তেওঁ জানো বহি থাকিব যে সন্তানসকলে এম.এ.,
বি.এ. পাচ কৰি লওক। পিতা জানো বহি থাকিব। অলপ সময়ৰ পাছত গুচি যাব। বাকী অলপ সময় আছে
তথাপিও জাগি নুঠে। যিসকল ভাল ভাল কন্যা হ’ব তেওঁলোকে ক’ব যে এই 400-500 টকাৰ কাৰণে
কিয় আমি নিজৰ সময় নষ্ট কৰো। নহ’লে আমি শিৱালয়ত কি পদ পামগৈ! বাবাই দেখিছে
কুমাৰীসকলতো মুক্ত হয়। লাগিলে যিমানেই বেছি দৰমহা নহওক তথাপিও এয়া যেন এমুঠিত চানাৰ
তুল্য (তেনেই মূল্যহীন), এই সকলো শেষ হৈ যাব। একোৱেই নাথাকিব। পিতাই এতিয়া এমুঠি
চানাৰ পৰা এৰুৱাব আহিছে কিন্তু এৰিয়ে নিদিয়ে। তাত হৈছে এমুঠি চানা, ইয়াত হৈছে
বিশ্বৰ বাদশ্বাহী। সেয়াতো পাই পইচাৰ চানা তাৰ পাছত কিমান হায়ৰাণ হয়। কুমাৰীসকলতো
মুক্ত হয়। সেই পঢ়াতো হৈছে পাই পইচাৰ। সেয়া এৰি এই জ্ঞান পঢ়ি থাকা তেতিয়া বুদ্ধিও
জাগ্ৰত হ’ব। এনেকুৱা সৰু-সৰু কন্যাসকলে ডাঙৰসকলক বহি জ্ঞান দিয়া, পিতা আহিছে –
শিৱালয় স্থাপন কৰিবলৈ। এয়াতো জানা যে ইয়াৰ সকলো মাটিত মিহলি হৈ যাব। এই চানাও
ভাগ্যত নাহিব। কাৰোবাৰ মুঠিত 5টা চানা অৰ্থাৎ 5 লাখ হ’ব, সেয়াও শেষ হৈ যাব। এতিয়া
সময় বহুত কম। দিনে-প্ৰতিদিনে অৱস্থা বেয়া হৈ যাব। হঠাৎ সংকট আহি যায়। মৃত্যুও হঠাৎ
হৈ থাকে, মুঠিত চানা হ’লেই প্ৰাণ ওলাই যায়। সেয়েহে মনুষ্যক এই বান্দৰামিৰ পৰা মুক্ত
কৰিব লাগে। কেৱল মিউজিয়াম চাই আনন্দিত হ’ব নালাগে, চমৎকাৰ কৰি দেখুৱাব লাগে।
মনুষ্যক শুধৰাব লাগে। পিতাই তোমালোক সন্তানসকলক বিশ্বৰ বাদশ্বাহী দি আছে। বাকীতো
কাৰোবাৰ চানাও ভাগ্যত নাহিব। সকলো শেষ হৈ যাব, তেনেহ’লে কিয়নো পিতাৰ পৰা বাদশ্বাহী
লৈ নলওঁ। কোনো কষ্টৰ কথা নাই। কেৱল পিতাক স্মৰণ কৰিব লাগে আৰু স্বদৰ্শন চক্ৰ ঘূৰাব
লাগে। মুঠিৰ পৰা চানা এৰি হীৰা-মুকুতাৰে ভৰাই যাব লাগে।
পিতাই বুজাইছে – মৰমৰ সন্তানসকল, এই এমুঠি চানাৰ পাছত তোমালোকে নিজৰ সময় কিয় নষ্ট
কৰা? অৱশ্যে হয় কোনোবা বয়সস্থ হ’লে, সতি-সন্তান বহুত থাকিলে তেতিয়াতো চম্ভালিবলগীয়া
হয়। কুমাৰীসকলৰ বাবেতো বহুত সহজ, কোনোবা আহিলে তেওঁলোকক বুজোৱা যে পিতাই আমাক এই
বাদশ্বাহী দিয়ে। গতিকে বাদশ্বাহী লোৱা উচিত নহয় জানো। এতিয়া তোমালোকৰ মুঠি হীৰাৰে
ভৰি আছে। বাকী আন সকলোতো বিনাশ হৈ যাব। পিতাই বুজায় - তোমালোকে 63 জন্ম পাপ কৰিছা।
দ্বিতীয়টো পাপ হ’ল পিতা আৰু দেৱতাসকলৰ গ্লানি কৰা। বিকাৰীও হৈছা আৰু গালিও দিছা।
পিতাৰ কিমান গ্লানি কৰিছা। পিতাই বহি সন্তানসকলক বুজায় – সন্তানসকল, সময় অপচয় কৰা
অনুচিত। এনেকুৱা নহয়, বাবা আমি স্মৰণ কৰিব নোৱাৰো। কোৱা, বাবা আমি নিজকে আত্মা
স্মৃতিত থাকিব নোৱাৰো। নিজকে পাহৰি যাওঁ। দেহ-অভিমানত অহা মানে নিজকে পাহৰা। নিজে
আত্মা স্মৃতিত থাকিব নোৱাৰিলে তেনেহ’লে পিতাক আকৌ কেনেকৈ স্মৰণ কৰিবা। বহুত উচ্চ
লক্ষ্য। বহুত সহজো হয়। অৱশ্যে হয় মায়াই বিৰুদ্ধাচৰণ কৰে।
মনুষ্যই যদিও গীতা আদি পঢ়ে কিন্তু অৰ্থ একোৱেই বুজি নাপায়। ভাৰতৰ মুখ্যত হৈছেই গীতা।
প্ৰত্যেক ধৰ্মৰে নিজৰ নিজৰ শাস্ত্ৰ আছে। যিসকল ধৰ্ম প্ৰতিষ্ঠা কৰোঁতা তেওঁলোকক
সৎগুৰু বুলি ক’ব নোৱাৰি। এয়া ডাঙৰ ভুল। সৎগুৰুতো এজনেই, বাকী গুৰু বুলি কওঁতা অনেক
আছে। কোনোবাই কাঠমিস্ত্ৰীৰ কাম শিকালে, ইঞ্জিনিয়াৰৰ কাম শিকালে তেতিয়া তেৱোঁ গুৰু
হৈ গ’ল। শিকাওঁতা সকলোৱেই গুৰু, সৎগুৰু এজনেই। এতিয়া তোমালোকে সৎগুৰু পাইছা তেওঁ
সত্য পিতাও হয়, সত্য শিক্ষকো হয় সেইবাবে সন্তানসকলে বেছি গাফিলতি কৰা অনুচিত।
ইয়াতেই ভালদৰে পুনৰুজ্জীৱিত হৈ যায় আকৌ ঘৰলৈ গ’লে ইয়াৰ সকলো পাহৰি যায়। গৰ্ভজেলত
বহুত শাস্তি খায়। তাত হৈছে গৰ্ভ মহল। একো বিকৰ্ম নহয় যাৰ বাবে শাস্তি খাবলগীয়া হয়।
ইয়াতে তোমালোক সন্তানসকলে বুজিছা যে আমি পিতাৰ পৰা সন্মুখত পঢ়ি আছো। বাহিৰত নিজৰ
ঘৰততো এনেকৈ নোকোৱা। তাত ভাবিবা ভায়ে (আত্মাই) পঢ়াই আছে। ইয়াততো ডাইৰেক্ট (পোনপটীয়াকৈ)
পিতাৰ ওচৰলৈ আহিছা। পিতাই সন্তানসকলক ভালদৰে বুজায়। পিতা আৰু সন্তানসকলৰ বুজনিত
পাৰ্থক্য হৈ যায়। পিতাই বহি সন্তানসকলক সাৱধান কৰায়। সন্তান-সন্তান বুলি কৈ বুজায়।
তোমালোকে শিৱালয় আৰু বেশ্যালয়ক বুজি পোৱা, বেহদৰ কথা। এয়া স্পষ্ট কৰি দেখুওৱা তেতিয়া
মনুষ্যই কিছু মজা পাব। তাততো তোমালোকে সাধাৰণ ৰীতিৰে হাঁহি-ধেমালিৰে বুজোৱা, গম্ভীৰ
হৈ বুজোৱা তেতিয়া ভালদৰে বুজিব। নিজৰ ওপৰত দয়া কৰা, কি এই বেশ্যালয়তে থাকিবানে!
বাবাৰ খেয়ালতো চলে নহয় জানো – কেনেকৈ কেনেকৈ বুজোৱা যায়। সন্তানসকলে কিমান মেহনত কৰে
তথাপিও যেন একো কামত নাহে। হয়-হয় বুলি কৈ থাকে, বহুত ভাল, গাঁৱত বুজোৱা উচিত। নিজে
হ’লে নুবুজে। ধনৱান পইচা থকাসকলেতো নুবুজিবই। একেবাৰে মনোযোগ নিদিব। তেওঁলোক পিছলৈ
আহিব। তেতিয়াতো বহুত পলম (টু লেট) হৈ যাব। তেতিয়া তেওঁলোকৰ ধনো কামত নাহিব, যোগতো
থাকিব নোৱাৰিব। বাকী হয়, শুনিলেতো প্ৰজালৈ আহিব। গৰীবে বহুত উচ্চ পদ পাব পাৰে।
তোমালোক কন্যাসকলৰ ওচৰত কি আছে। কন্যাসকলক গৰীব বুলি কোৱা হয় কাৰণ পিতাৰ
উত্তৰাধিকাৰতো পুত্ৰ সন্তানসকলে লাভ কৰে। বাকী কন্যা-দান কৰা হয়, তেতিয়া বিকাৰলৈ
যায়। এনেকৈ কয় – বিয়া কৰালে তেতিয়া পইচা দিম। পবিত্ৰ হৈ থাকিলে তেতিয়া এপইচাও নিদিয়ে।
চোৱা, মনোবৃত্তি কেনেকুৱা। তোমালোকে কালৈকো ভয় নকৰিবা। খোলাখুলিকৈ বুজোৱা উচিত।
বহুত কৰ্মক্ষম হ’ব লাগে। তোমালোকেতো একেবাৰে সঁচা কথা কোৱা। এয়া হ’ল সংগম যুগ।
সেইফালে হৈছে এমুঠি চানা, এইফালে হৈছে হীৰাৰ মুঠি। এতিয়া তোমালোক বান্দৰৰ পৰা
মন্দিৰৰ লায়ক হোৱা। পুৰুষাৰ্থ কৰি হীৰাৰ নিচিনা জন্ম ল’ব নালাগে জানো। চেহেৰাও সাহসী
সিংহিনী নিচিনা হোৱা উচিত। কাৰোবাৰ চেহেৰা যেন ভয়াতুৰ ছাগলীৰ নিচিনা। কম শব্দতে ভয়
খাই যায়। সেয়েহে পিতাই সকলো সন্তানকে খবৰদাৰ কৰে। কন্যাসকলেতো বান্ধ খাই যাব নালাগে।
যদি আৰুহে বন্ধনত বান্ধ খাই যোৱা তেন্তে বিকাৰৰ কাৰণে মাৰ খাবা। জ্ঞান ভালদৰে ধাৰণ
কৰিলে তেতিয়া বিশ্বৰ মহাৰাণী হ’বা। পিতাই কয় – মই তোমালোকক বিশ্বৰ বাদশ্বাহী দিবলৈ
আহিছো। কিন্তু কিছুমানৰ ভাগ্যত নাই। পিতা হৈছেই গৰীব নিবাসী। গৰীব হ’ল কন্যাসকল।
যেতিয়া মা-পিতাই বিয়া দিবলৈ অসমৰ্থ হয়, তেওঁলোকে দি দিয়ে। গতিকে তেওঁলোকৰ নিচা থকা
উচিত। আমি ভালদৰে পঢ়ি ভাল পদতো লওঁ। যিসকল ভাল বিদ্যাৰ্থী হয়, তেওঁলোকে পঢ়াৰ প্ৰতি
ধ্যান দিয়ে – আমি যাতে সন্মান সহকাৰে উত্তীৰ্ণ হ’ব পাৰো। তেওঁলোকেহে পুনৰ
স্কলাৰশ্বিপ (জলপানি) পায়। যিমান পুৰুষাৰ্থ কৰিবা সিমান উচ্চ পদ পাবা, সেয়াও 21
জন্মৰ বাবে। ইয়াত হৈছে অল্পকালৰ সুখ। আজি কিবা পদবী, কালি মৃত্যু আহি গ’ল, খালাচ।
যোগী আৰু ভোগীৰ মাজত পাৰ্থক্য আছে নহয় জানো। সেয়েহে পিতাই কয় - গৰীবৰ ওপৰত বেছি
মনোযোগ দিয়া। চহকীসকলে কাচিৎহে শুনিব। তেওঁলোকে কেৱল কয় – বহুত ভাল। এই সংস্থা বহুত
ভাল, বহুতৰে কল্যাণ কৰিব। নিজৰ হ’লে একো কল্যাণ নকৰে। বহুত ভাল বুলি ক’লে, বাহিৰলৈ
গ’ল, খালাচ। মায়াই লাঠি লৈ বহি আছে, যিয়ে উদ্যমেই নোহোৱা কৰি দিয়ে। এটা থাপৰ লগাই
বুদ্ধি ভ্ৰষ্ট কৰি দিয়ে। পিতাই বুজায় – ভাৰতৰ অৱস্থা চোৱা কি হৈ গ’ল। সন্তানসকলে
নাটকখনতো ভালদৰে বুজিছা। অচ্ছা!
অতি মৰমৰ কল্পৰ পিছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ
স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ।
ধাৰণাৰবাবেমুখ্যসাৰ:-
(1) চানা মুঠি (নগন্য প্ৰাপ্তি) এৰি পিতাৰ পৰা বিশ্বৰ বাদশ্বাহী ল’বলৈ পুৰা
পুৰুষাৰ্থ কৰিব লাগে। কোনো কথাতে ভয় খাব নালাগে, নিৰ্ভয় হৈ বন্ধনৰ পৰা মুক্ত হ’ব
লাগে। নিজৰ সময় সঁচা উপাৰ্জনত সফল কৰিব লাগে।
(2) এই দুখধামক পাহৰি শিৱালয় অৰ্থাৎ শান্তিধাম, সুখধামক স্মৰণ কৰিব লাগে। মায়াৰ
বিঘিনিক জানি তাৰ পৰা সাৱধান হৈ থাকিব লাগে।
বৰদান:
সন্তুষ্টতাৰ
তিনিখন প্ৰমাণ পত্ৰ (চাৰ্টিফিকেট) লৈ নিজৰ যোগী জীৱনৰ দ্বাৰা প্ৰভাম্বিত কৰোঁতা
সহজযোগী হোৱা
সন্তুষ্টতা হৈছে যোগী
জীৱনৰ বিশেষ লক্ষ্য, যিয়ে সদায় সন্তুষ্ট হৈ থাকে আৰু সকলোকে সন্তুষ্ট কৰে, তেওঁৰ
যোগী জীৱনৰ প্ৰভাৱ আনৰ ওপৰত স্বতঃ পৰে। যেনেকৈ বিজ্ঞানৰ সাধনৰ প্ৰভাৱ বায়ুমণ্ডলৰ
ওপৰত পৰে, এনেকৈ সহজযোগী জীৱনেও প্ৰভাম্বিত কৰে। যোগী জীৱনৰ তিনিখন প্ৰমাণ পত্ৰ হৈছে,
প্ৰথম - নিজৰ প্ৰতি সন্তুষ্ট, দ্বিতীয় – পিতা সন্তুষ্ট আৰু তৃতীয় – লৌকিক অলৌকিক
পৰিয়াল সন্তুষ্ট।
স্লোগান:
স্বৰাজ্যৰ তিলক, বিশ্ব কল্যাণৰ তাজ (মুকুট) আৰু স্থিতিৰ আসনত বিৰাজমান হৈ
থাকোঁতাজনেই হৈছে ৰাজযোগী।