28/10/18
Avyakt Bapdada
Assame
Murli
22.02.84 Om Shanti Madhuban
সংগম ত চাৰিটা
কম্বাইণ্ড ( যুটিয়া ) ৰূপৰ অনুভৱ
আজি বাপদাদাই সকলো
সন্তানৰ যুটিয়া ৰূপ চাই আছেহঁক। সকলো সন্তানেও নিজৰ যুটিয়া ৰূপক ভালদৰে জানানে?
প্ৰথমতে - শ্ৰেষ্ঠ আত্মাসকল, এই অন্তিম পুৰণা কিন্তু অতি অমূল্য বনাঁওতা শৰীৰৰ সৈতে
কম্বাইণ্ড হৈ আছা। সকলো শ্ৰেষ্ঠ আত্মাই এই শৰীৰৰ আধাৰতে শ্ৰেষ্ঠ কৰ্ম আৰু বাপদাদাৰ
লগত মিলনৰ অনুভৱ কৰি আছা। হয় পুৰণা শৰীৰ কিন্তু মহানতা এই অন্তিম শৰীৰৰে হয় যে
শ্ৰেষ্ঠ আত্মাসকলে ইয়াৰ আধাৰত অলৌকিক অনুভৱ কৰে। গতিকে আত্মা আৰু শৰীৰ কম্বাইণ্ড হয়।
পুৰণা শৰীৰৰ ভাৱত আহিব নালাগে কিন্তু মালিক হৈ ইয়াৰ দ্বাৰা কাৰ্য্য কৰাব লাগে সেয়েহে
আত্মা-অভিমানী হৈ, কৰ্মযোগী হৈ কৰ্মেন্দ্ৰিয়ৰ দ্বাৰা কৰ্ম কৰোৱা।
দ্বিতীয় তে - অলৌকিক বিচিত্ৰ কম্বাইণ্ড ৰূপ। সমগ্ৰ কল্পত এই কম্বাইণ্ড ৰূপৰ অনুভৱ
কেৱল এতিয়াহে কৰিব পাৰা। সেয়া হ'ল "তুমি আৰু পিতা"। এয়া কম্বাইণ্ড ৰূপৰ অনুভৱ। সদায়
মাষ্টৰ সৰ্বশক্তিমান, সদায় বিজয়ী, সদায় সকলোৰে বিঘ্ন বিনাশক। সদায় শুভ ভাৱনা,
শ্ৰেষ্ঠ কামনা, শ্ৰেষ্ঠ বাণী, শ্ৰেষ্ঠ দৃষ্টি, শ্ৰেষ্ঠ কৰ্মৰ দ্বাৰা বিশ্ব
কল্যাণকাৰী স্বৰূপৰ অনুভৱ কৰায়। চেকেণ্ডত সকলো সমস্যাৰ সমাধান স্বৰূপ কৰি তোলে।
নিজৰ প্ৰতি বা সকলোৰে প্ৰতি দাতা আৰু মাষ্টৰ বৰদাতা কৰি তোলে। কেৱল এই কম্বাইণ্ড
ৰূপত সদায় স্থিত হৈ থাকা তেতিয়া সহজে স্মৃতি আৰু সেৱাৰ সিদ্ধি স্বৰূপ হৈ যাবা। বিধি
নিমিত্ত মাত্ৰ হৈ যাব আৰু সিদ্ধি সদায় লগত থাকিব। এতিয়া বিধিত বেছি সময় লাগে। সিদ্ধি
যথা শক্তি অনুভৱ হয়। কিন্তু যিমানেই এই অলৌকিক শক্তিশালী কম্বাইণ্ড ৰূপত সদায় থাকিবা
তেতিয়া বিধিতকৈ বেছি সিদ্ধিৰ অনুভৱ হ'ব। পুৰুষাৰ্থতকৈ প্ৰাপ্তিৰ বেছি অনুভৱ হ'ব।
সিদ্ধি স্বৰূপৰ অৰ্থই হ'ল প্ৰত্যেক কাৰ্যত সিদ্ধি হৈয়ে আছে। এয়া প্ৰেক্টিকেলত অনুভৱ
হওঁক।
তৃতীয় কম্বাইণ্ড ৰূপ - আমিয়েই ব্ৰাহ্মণ, আমিয়েই ফৰিস্তা। ব্ৰাহ্মণ ৰূপ আৰু অন্তিম
কৰ্মাতীত ফৰি স্তা স্বৰূপ। এই কম্বাইণ্ড ৰূপৰ অনুভূতিয়ে বিশ্বৰ আগত সাক্ষাৎকাৰ
মূৰ্ত কৰি তুলিব। ব্ৰাহ্মণৰ পৰা ফৰিস্তা এইটো স্মৃতিৰ দ্বাৰা চলোতে-ফুৰোতে নিজকে
ব্যক্ত শৰীৰ, ব্যক্ত দেশত ভূমিকা পালন কৰিও ব্ৰহ্মা পিতাৰ সংগী, অব্যক্ত বতনৰ
ফৰিস্তা, ব্যক্ত দেশ আৰু দেহত আহিছো বিশ্ব সেৱাৰ বাবে। এনেকৈ ব্যক্ত ভাৱৰ পৰা উপৰাম
অব্যক্ত ৰূপধাৰী অনুভৱ কৰিবা। এই অব্যক্ত ভাৱৰ সংস্কাৰে স্বতঃ অব্যক্ত অৰ্থাৎ
ব্যক্ত ভাৱৰ বাণী-আচৰণ, ব্যক্ত ভাৱৰ স্বভাৱ, ব্যক্ত ভাৱৰ সংস্কাৰ সহজেই পৰিৱৰ্তন কৰি
ল’ব। ভাৱ সলনি হৈ গ’লে সকলো সলনি হৈ যাব। এনেকুৱা অব্যক্ত ভাৱ সদায় স্বৰূপত আনা।
স্মৃতিত আছে যে ব্ৰাহ্মণৰ পৰা ফৰিস্তা। এতিয়া স্মৃতিক স্বৰূপত আনা। স্বৰূপ নিৰন্তৰ
স্বতঃ আৰু সহজ হৈ যাব। স্বৰূপত অনা অৰ্থাৎ সদায় হয়েই অব্যক্ত ফৰিস্তা। কেতিয়াবা
বিস্মৃতি, কেতিয়াবা স্মৃতিত আহিব - এইটো স্মৃতিত থকাতো হৈছে প্ৰথম ষ্টেজ (অৱস্থা)।
স্বৰূপ হৈ যোৱা - এইটো শ্ৰেষ্ঠ ষ্টেজ।
চতুৰ্থ তে – ভৱিষ্যতৰ চতুৰ্ভূজ স্বৰূপ। লক্ষ্মী আৰু নাৰায়ণৰ কম্বাইণ্ড ৰূপ কিয়নো
আত্মাত এতিয়া লক্ষ্মী আৰু নাৰায়ণ দুয়োজনেই হোৱাৰ সংস্কাৰ গঢ় লৈ আছে। কেতিয়াবা
লক্ষ্মী হ’ব, কেতিয়াবা নাৰায়ণ হ’ব। ভৱিষ্যত প্ৰালব্ধৰ এই কম্বাইণ্ড স্বৰূপ ইমানেই
স্পষ্ট হওঁক। আজি ফৰিস্তা, কালিলৈ দেৱতা। এতিয়াই ফৰিস্তা, এতিয়াই দেৱতা। নিজৰ ৰাজ্য,
নিজৰ ৰাজ্য স্বৰূপ প্ৰায় আহিলেই। প্ৰায় হ’লেই। এনেকুৱা সংকল্প স্পষ্ট আৰু শক্তিশালী
হওঁক কিয়নো তোমালোকৰ এই স্পষ্ট সমৰ্থ সংকল্পৰ উদিত ৰূপৰ দ্বাৰা তোমালোকৰ ৰাজ্য
সমীপত আহিব। তোমালোকৰ উদিত সংকল্পই নতুন সৃষ্টি ৰচিব অৰ্থাৎ সৃষ্টিলৈ আনিব।
তোমালোকৰ সংকল্প সুপ্ত হৈ থাকিলে নতুন সৃষ্টি উদিত হ’ব নোৱাৰে। ব্ৰহ্মাৰ লগত
ব্ৰাহ্মণসকলৰ এই সংকল্পৰ দ্বাৰা নতুন সৃষ্টি এই ধৰাত প্ৰত্যক্ষ হ’ব। ব্ৰহ্মা পিতাইও
নতুন সৃষ্টিত নতুন ভূমিকা পালন কৰিবলৈ, তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ কাৰণে, একে লগে
যাম” এইটো প্ৰতিজ্ঞাৰ কাৰণে অপেক্ষা কৰি আছে। যদি অকলে ব্ৰহ্মাৰ পৰা কৃষ্ণ হৈ যায়
তেন্তে অকলে কি কৰিব? লগত পঢ়িবলৈ, খেলিবলৈও সংগী নালাগিব জানো সেয়েহে ব্ৰহ্মা
পিতাইও ব্ৰাহ্মণসকলৰ প্ৰতি কৈছে – মোৰ সমান অৰ্থাৎ অব্যক্ত ৰূপধাৰী পিতাৰ সমান
অব্যক্ত ৰূপধাৰী, অব্যক্ত স্থিতিধাৰী ফৰিস্তা হোৱা। ফৰিস্তাই দেৱতা হ’বগৈ। বুজিলা।
এই সকলো কম্বাইণ্ড ৰূপত স্থিত হ’লেহে সম্পন্ন আৰু সম্পূৰ্ণ হৈ যাবাগৈ। পিতাৰ সমান
হৈ সহজেই কৰ্মত সিদ্ধিৰ অনুভৱ কৰিবা।
ডবল বিদেশী সন্তানসকলৰ বাপদাদাৰ লগত বাৰ্তালাপ কৰাৰ বা মিলন উদযাপন কৰাৰ অতি তীব্ৰ
ইচ্ছা আছে। সকলোৱে ভাবে যে আমি আজিয়েই লগ কৰো। কিন্তু এই সাকাৰ দুনিয়াত সকলো চাব লগা
হয়। সূৰ্য চন্দ্ৰৰ পৰিসীমাৰ ভিতৰৰ দুনিয়া নহয় জানো। তাৰ সিপাৰৰ দুনিয়ালৈ আহি গ’লে
গোটেই সময় বহি যাবা। বাপদাদাৰো প্ৰত্যেক সন্তান নিজৰ-নিজৰ বিশেষত্ব অনুযায়ী প্রিয়
হয়। কোনোবাই ভাবে এওঁ প্রিয় হয়, মই কম প্রিয় হওঁ। এনেকুৱা কথা নহয়। মহাৰথী নিজৰ
বিশেষত্বৰে প্রিয় হয় আৰু পিতাৰ সন্মুখত নিজৰ নিজৰ ৰূপত সকলোৱে মহাৰথী হোৱা। মহান
আত্মা হোৱা সেয়েহে মহাৰথী হোৱা। এয়াটো কাম চলাবৰ বাবে কাৰোবাক স্নেহেৰে নিমিত্ত
কৰাবলগীয়া হয়। নহ’লে কাৰ্যৰ নিমিত্তে নিজৰ নিজৰ স্থানত আছে। যদি সকলোৱে দাদী হৈ যায়
তেন্তে কাম চলিব জানো? নিমিত্তটো কৰিবলগীয়া হয় নহয় জানো। এনেয়েতো নিজৰ ৰীতি অনুসৰি
সকলোৱে দাদী হোৱা। সকলোকে দীদী বা দাদী বুলি কোৱা নহয়। তথাপিও তোমালোক সকলোৱে মিলি
এজনকে নিমিত্ত বনোৱা নাই জানো। সকলোৱে বনালা নে কেৱল পিতাই বনালে। নতুবা কেৱল
নিমিত্ত কাৰ্য ব্যৱস্থাৰ অৰ্থে নিজৰ-নিজৰ কাৰ্য অনুসৰি নিমিত্ত কৰিবলগীয়াই হয়। ইয়াৰ
এইটো অৰ্থ নহয় যে তোমালোক মহাৰথী নোহোৱা। তোমালোকো মহাৰথী হোৱা। মহাবীৰ হোৱা। মায়াক
প্ৰত্যাহ্বান (Challenge) কৰোতা মহাৰথী নহ’ল যদি কি হ’ল!
বাপদাদাৰ বাবে সাদিনীয়া পাঠ্যক্ৰম সম্পূৰ্ব কৰোঁতা সন্তানো মহাৰথী হয় কিয়নো সাদিনীয়া
পাঠ্যক্ৰমো তেতিয়াহে কৰে যেতিয়া বুজি পায় যে এই জীৱন শ্ৰেষ্ঠ কৰি তুলিব লাগে।
প্ৰত্যাহ্বান কৰিলে গতিকে মহাৰথী, মহাবীৰ হ'ল। বাপদাদাই সদায় এটা শ্লোগান সকলো
সন্তানক কাৰ্যত ফলপ্ৰসূ কৰিবলৈ সোঁৱৰাই থাকে। এ টা হৈছে নিজৰ স্বস্থিতিত থকা,
দ্বিতীয় টো হ'ল কাৰ্য্য ব্যৱহাৰত অহা। স্বস্থিতিত সকলো ডাঙৰ হোৱা কোনো সৰু নাই।
কাৰ্য্য ব্যৱস্থাত নিমিত্ত হ’বলগীয়া হয়েই, সেয়েহে কাৰ্য্য ব্যৱহাৰত সদায় সফল হোৱাৰ
শ্লোগান হ'ল - সন্মান (ৰিগাৰ্ড) দিয়া, সন্মান লোৱা। আনক সন্মান দিয়া মানেই সন্মান
লোৱা। দিয়াতে লোৱা সমাহিত হৈ আছে। সন্মান দিয়া তেন্তে সন্মান পাবা। সন্মান লোৱাৰ
সাধনেই হ'ল সন্মান দিয়া। তোমালোকে সন্মান দিয়া কিন্তু তোমালোকে নোপোৱা, এয়া হ'বই
নোৱাৰে। কিন্তু আন্তৰিকতাৰে দিয়া, স্বাৰ্থত নহয়। যি অন্তৰেৰে সন্মান দিয়ে তেওঁ
অন্তৰৰ পৰা সন্মান পায়। স্বাৰ্থজনিত সন্মান দিলে পাবাও স্বাৰ্থজনিত। সদায় অন্তৰেৰে
দিয়া আৰু অন্তৰেৰে লোৱা। এইটো শ্লোগানৰ দ্বাৰা সদায়েই নিৰ্বিঘ্ন, ব্যৰ্থ সংকল্পৰ পৰা
মুক্ত, নিচিন্ত হৈ থাকিবা। মোৰ কি হ’ব” এইটো চিন্তা নাথাকিব। মোৰ দ্বাৰা কৰণীয় সকলো
হৈয়েই আছে, কৰি থোৱাই আছে, নিচিন্ত হৈ থাকিবা। আৰু এনেকুৱা শ্ৰেষ্ঠ আত্মাৰ শ্ৰেষ্ঠ
প্ৰালব্ধ বৰ্তমান আৰু ভৱিষ্যতৰ বাবে নিশ্চিত হয়েই। ইয়াক কোনেও সলনি কৰিব নোৱাৰে।
কোনেও কাৰো আসন ল'ব নোৱাৰে, নিশ্চিত। নিশ্চিত হয় সেয়েহে নিচিন্ত হয়, ইয়াকে কোৱা হয়
পিতাৰ সমান ফ'ল' ফাদাৰ (পিতাক অনুসৰণ) কৰোতা। বুজিলা।
ডবল বিদেশী সন্তানসকলৰ প্ৰতিতো বিশেষ স্নেহ আছে। স্বাৰ্থ জড়িত নহয়। অন্তৰৰ স্নেহ আছে।
বাপদাদাই শুনাইছিল যে এটি পুৰণি গীত আছে – উচ্চ উচ্চ প্ৰাচীৰ...... এইটো ডবল
বিদেশীসকলৰ গীত। সমুদ্ৰ অতিক্ৰম কৰি, ধৰ্ম, দেশ, ভাষাৰ সকলো উচ্চ উচ্চ প্ৰাচীৰ পাৰ
হৈ পিতাৰ হৈ গ’লা, সেয়েহে পিতাৰ প্রিয় হোৱা। ভাৰতবাসীতো আছিলেই দেৱতাৰসকলৰ পূজাৰী।
তেওঁলোকে উচ্চ প্ৰাচীৰ অতিক্ৰম কৰিবলগীয়া নহ’ল। কিন্তু তোমালোক ডবল বিদেশীসকলে এই
উচ্চ প্ৰাচীৰ কিমান সহজে অতিক্ৰম কৰিলা সেয়েহে বাপদাদাই অন্তৰেৰে সন্তানসকলৰ এই
বিশেষত্বৰ গীত গায়। বুজিলা, কেৱল সুখী কৰিবৰ বাবে কোৱা নাই। কোনো সন্তানেকৌতুক কৰি
(playfully)কয় যে বাপদাদাইটো সকলোকে সুখী কৰি দিয়ে। কিন্তু সুখী কৰে অৰ্থসহিত।
তোমালোকে নিজকে সোধা বাপদাদাই এনেয়ে কয় নে এয়া প্ৰেক্টিকেল (বাস্তৱিকতা) হয়। উচ্চ
উচ্চ প্ৰাচীৰ অতিক্ৰম কৰি আহি উপস্থিত হোৱা নাই জানো! কিমান পৰিশ্ৰমেৰে টিকটৰ
ব্যৱস্থা কৰা। ইয়াৰ পৰা গৈয়ে পইচা একত্ৰিত নকৰা জানো। বাপদাদাই যেতিয়া সন্তানসকলৰ
স্নেহ দেখে, স্নেহেৰে কেনেকৈ আহি উপস্থিত হ’বলৈ উপাই উলিওৱা, কেনেকৈ আহি উপস্থিত
হোৱাহি, বাপদাদাই স্নেহী আত্মাসকলৰ সাধন দেখি, লগন দেখি সুখী হয়। দূৰৈৰ সকলক সোধা
কেনেকৈ আহে? পৰিশ্ৰম কৰি হ’লেও আহি উপস্থিত হোৱা নহয় জানো। অচ্ছা।
সদায় কম্বাইণ্ড ৰূপত স্থিত হৈ থাকোঁতা, সদায় পিতাৰ সমান অব্যক্ত ভাৱত স্থিত হৈ
থাকোঁতা, সদায় সিদ্ধি স্বৰূপৰ অনুভৱ কৰোঁতা, নিজৰ সমৰ্থ সমান স্বৰূপৰ দ্বাৰা
সাক্ষাৎকাৰ কৰাওঁতা এনেকুৱা সৰ্বদা নিচিন্ত, সৰ্বদা বিজয়ী সন্তানসকলৰ প্ৰতি
বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ।
চান
ফ্ৰান্সিছক' গ্রুপৰ প্ৰতি:-
সকলোৱে নিজক সমগ্ৰ বিশ্বৰ ভিতৰতে বিশেষ আত্মা হওঁ - এনেকুৱা অনুভৱ কৰানে? কিয়নো
সমগ্ৰ বিশ্বৰ অনেক আত্মাৰ ভিতৰত পিতাক চিনি পোৱাৰ ভাগ্য তোমালোক বিশেষ আত্মাসকলে
প্ৰাপ্ত কৰিছা। উচ্চতকৈ উচ্চ পিতাক চিনি পোৱা এয়া কিমান শ্ৰেষ্ঠ ভাগ্য হয়! চিনি পালা,
সম্বন্ধ স্থাপন কৰিলা, আৰু প্ৰাপ্তি হ’ল। এতিয়া নিজকে পিতাৰ সৰ্ব খাজনাৰ মালিক বুলি
অনুভৱ কৰানে? যেতিয়া সদায় সন্তান হোৱা, গতিকে সন্তান মানেই হৈছে অধিকাৰী। এইটো
স্মৃতিৰেই বাৰে বাৰে ৰিভাইজ কৰা। মই কোন হওঁ! কাৰ সন্তান হওঁ! অমৃতবেলা শক্তিশালী
স্মৃতি স্বৰূপৰ অনুভৱ কৰাজনেই শক্তিশালী হৈ থাকে। অমৃতবেলা শক্তিশালী নহ’লে গোটেই
দিন বহুত বিঘ্ন আহিব সেয়েহে অমৃতবেলা যাতে সদায় শক্তিশালী হয়। অমৃতবেলা স্বয়ং পিতাই
সন্তানসকলক বিশেষ বৰদান দিবলৈ আহে। সেই সময়ত যিয়ে বৰদান লয়, তেওঁ গোটেই দিন
সহজযোগীৰ স্থিতিত থাকে। গতিকে পঢ়া আৰু অমৃতবেলাৰ মিলন এই দুয়োটাই যাতে বিশেষ
শক্তিশালী হয়। তেতিয়া গোটেই দিন নিৰপদে থাকিবা।
জাৰ্মানী
গ্রুপৰ প্ৰতি:-
সদায় নিজকে বিশ্ব
কল্যাণকাৰী পিতাৰ সন্তান বিশ্বকল্যাণকাৰী আত্মা বুলি ভাবানে? অৰ্থাৎ সৰ্ব খাজনাৰে
ভৰপূৰ। যেতিয়া নিজৰ লগত খাজনা সম্পন্ন হ’ব তেতিয়া আনক দিবা নহয় জানো? গতিকে সদায়
সৰ্ব খাজনাৰে ভৰপূৰ আত্মা বালক তথা মালিক হওঁ! এনেকুৱা অনুভৱ কৰানে? পিতা বুলি ক’লা
মানে বালক তথা মালিক হৈ গ’লা। এইটো স্মৃতিয়ে বিশ্বকল্যাণকাৰী স্বতঃ কৰি তোলে। আৰু
এইটো স্মৃতিয়েই সদায় আনন্দত উৰুৱাই থাকে। এয়াই হৈছে ব্ৰাহ্মণ জীৱন। সম্পন্ন হৈ থকা,
আনন্দত উৰা আৰু সদায় পিতাৰ খাজনাৰ অধিকাৰৰ নিচাত থকা। এনেকুৱা শ্ৰেষ্ঠ ব্ৰাহ্মণ
আত্মা হোৱা। অচ্ছা।
বৰদান:
নিজৰ প্ৰত্যেক
কৰ্ম আৰু বাণীৰ দ্বাৰা চলোতে - ফুৰোতে প্ৰত্যেক আত্মা কে শিক্ষা দিওঁতা মাষ্টৰ
শিক্ষক হোৱা
আজি কালি যিদৰে
চলন্ত পুথিভঁৰাল থাকে, সেইদৰে তোমালোকো চলন্ত মাষ্টৰ শিক্ষক হোৱা। সদায় নিজৰ
সন্মুখত বিদ্যাৰ্থীক চাবা, অকলে নহয়, সদায় বিদ্যাৰ্থীৰ সন্মুখত আছা। সদায় অধ্যয়ন
কৰিও আছা আৰু কৰাইও আছা। যোগ্য শিক্ষক কেতিয়াও বিদ্যাৰ্থীৰ আগত অমনোযোগী নহয়,
মনোযোগ দিব। তোমালোকে শোৱা, উঠা, চলা-ফুৰা কৰা, খোৱা, সকলো সময়তে বুজিবা আমি ডাঙৰ
কলেজত বহি আছো, বিদ্যাৰ্থীসকলে চাই আছে।
স্লোগান:
আত্ম নিশ্চয়েৰে
নিজৰ সংস্কাৰক সম্পূৰ্ণ পৱিত্ৰ ক ৰি তোলাই হৈছে শ্ৰেষ্ঠ যোগ।